মাজুলীৰ আৰ্তনাদ
মঞ্জুষা শৰ্মা
২০২১ চনৰ ৮ চেপ্তেম্বৰ দিনটোত পুনৰ আৰু এটা ঘটনা সংযোগ হৈ ইতিহাসৰ পাতত স্মৰণীয় হৈ ৰ’ল | এই বছৰৰ এই দিনটোতে গুৰুজনা শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাব তিথিৰ লগতে সুধাকণ্ঠ প্ৰয়াত ড: ভূপেন হাজৰীকাদেৱৰ জন্ম তিথি | ইমান সুন্দৰ ভাৱে উদযাপন কৰি থকা সময়খিনিৰ শেষৰফালে যে গোপনে হাঁহি হাঁহি ৰৈ আছে নিয়তিৰ নিষ্ঠুৰ উপহাস তাকতো কাৰোৰে বিদিত নহয় | আচৰিত বেলি লহিয়াৰ মূহুৰ্ততেই যেন নিয়তিয়ে নিজৰ নিষ্ঠুৰ নয়নৰ কোপদৃষ্টি মেলি দিলে ” মা কমলা” নামৰ কমলাবাৰী অভিমুখী ফেৰীখনৰ ওপৰত | মহাবাহু বৰলুইতেও যেন মহাশক্তিৰে নিষ্ঠুৰ নিয়তিৰ হাতৰ পৰা ৰক্ষা পাবলৈ সেই ফেৰীত থকা যাত্ৰীসকলৰ মনত সাহস আৰু ধৈৰ্যৰে জীৱন ৰক্ষাৰ বাবে অপ্ৰাণ চেষ্টাৰ প্ৰেৰণা যোগাইছিল | সেয়ে হয়তু ইমান তীব্ৰ সোঁত আৰু ভৰা লুইতৰ বুকুৰ পৰা সহজেই নিজৰ জীৱন বেছি সংখ্যকেই লাভ কৰিবলৈ সক্ষম হৈছিল | ভগৱানৰ আশিস থকাৰ বাবেই হয়তু বতৰেও সহায় কৰিলে সকলোকে | কিন্তু ইমানৰ মাজতো যি কেইজন বৰ্তমানেও সন্ধানহীন হৈ আছে তেওঁলোকৰ বাবেও সকলোৱে ভগৱানৰ ওচৰত কাতৰে প্ৰাৰ্থনা জনাই ৰৈছে | বৰ দুখৰ বা সহ্য কৰিব নোৱাৰা কথাটোৱেই হৈছে গুৱাহাটীৰ কাহিলিপাৰাৰ নিবাসী মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা পৰিমিতা দাসৰ কৰুণ মৃত্যু | যি ঘটনাই মোক আকৌ এবাৰ মাজুলীৰ সেই পৰিবহন ব্যৱস্থাৰ পুতৌ লগা অৱস্থাটোৰ কথা সোঁৱৰাই মন ভাৰাক্ৰান্ত কৰি তুলিছে | ২০১৭ চনৰ কথা |তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিলে যে সকলো বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰীয়েই ডি. এল. এড. পাছ কৰিবই লাগিব তেতিয়াহে শিক্ষকতাৰ দৰে বৃতিটোৰ বাবে উপযুক্ত হিচাপে স্বীকৃতি পাব | তাৰ লগতে সকলোৰে বেতনো এক নিৰ্দিষ্ট ৰূপত ধৰি দিয়া হ’ব | অকল সেইটোৱেই নে যি সকল ব্যক্তিয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ নিয়ম অনুসৰি ৫০% বা ৪৫ % নম্বৰ নথকাকৈ এই সন্মানীয় পদত আছে | তেনে সকলে এই নিয়ম মানি পুনৰ পৰীক্ষা দি ৫০ % আৰু ৪৫ % নম্বৰ উঠাই ডি . এল . এড.ৰ মাৰ্কচিটৰ লগত স্কুল অফিচত জমা দিব লাগিব | লাগিল হুৱাদুৱা | সাঁচতীয়া পইচা খৰচ কৰি চৰকাৰৰ নিৰ্দেশ মানি ডি.এল.এড সম্পূৰ্ণ কৰা হ’ল | কিন্তু হ’ল জানো কিবা লাভ | কাৰণ সেই জাননীয়ে মাথো চৰকাৰৰ পুঁজিহে টনকীয়াল কৰিলে | বেচৰকাৰী আৰু অপ্ৰাদেশীকৃত শিক্ষক সকলৰ মূৰত ৰাম টাঙোন মাৰি | এই ডি. এল .এডৰ বাবে NIOS নামৰ এটি সংস্থাৰ সহায়ত বিভিন্ন ঠাইত কেন্দ্ৰ খুলি পৰীক্ষা দিয়াৰ সুবিধা কৰি দিছিল | সেই সুযোগতেই আমাৰ দৰে বহুতেই মাজুলীৰ ছমহীয়া আতি হাইস্কুলৰ কেন্দ্ৰত পৰিছিলো | প্ৰথমখন ফেৰীত গৈ মাজুলীৰ পৰা ছমহীয়া আতিলৈ গৈছিলো | ফেৰীত উঠিবৰ সময়ত যি পৰিস্থিতি হয় ভাবিলে এতিয়াও ভয় লাগি যায় | গাড়ী , বাইক উঠাওতে ফেৰীখন পানীৰ সোঁতত ইফাল সিফাল হৈ যায় |আমাৰ বাবে নতুন অভিজ্ঞতা | তাতে ফেৰীৰ ওপৰত গাড়ী তলত মানুহ বহাৰ আসন | কোনো এখনত বাইক থওতে ওপৰৰ পৰা ঘুগুলাবোৰ আহি গায়ে – মূৰে পৰেহি | বহুত বেচি বাহন তথা যাত্ৰী| ফেৰীৰ ভিতৰৰ আসনত বহা যাত্ৰীতকৈ থিয় হৈ যোৱা যাত্ৰীৰ সংখ্যাহে অধিক | লাগে সি বাহিৰতেই হওক বা ভিতৰতেই হওক | ফেৰীৰ ভিতৰলৈ যাওঁতে খটখটিয়েদি তললৈ যাব লাগে | সেই সময়তে থেলা – হেঁচা হয় আসনৰ বাবে | অন্যহাতে নামিবৰ সময়তো হোৱা পৰিস্থিতি লৈ মনত পৰিলে এতিয়াও চকুপানী ওলাই আহে | কিযে এক যন্ত্ৰণা | বন্ধ বাকচ সদৃশ ফেৰীৰ পৰা ওলাবলৈও সেই একেই খটখটীত হেঁচাথেলা | নহ’বনো কিয় ?? কাৰণ ফেৰীৰ পৰা নামি যদি ছমহীয়া আতিলৈ যায় তেন্তে আপুনি সত্ৰ নগৰীৰ সন্মান ৰাখি অসমীয়া নাৰীৰ সাজ – পাৰ নিপিন্ধাই ভাল হ’ব যেন লাগিল | তাৰ ঠাইত বৰ্তমানৰ মহিলাই পৰিধান কৰা সাজপাৰ পিন্ধাইহে বেছি ফলপ্ৰসূ হ’ব | যিটো সাজ পিন্ধিবৰ বাবে ক’বলৈ মোৰ বিবেকে নকয় তথাপিও মোৰ নিজৰ অভিজ্ঞতাৰ পৰা ক’বলৈ বাধ্য হৈছো | ফেৰীৰ পৰা নামি প্ৰাণটাকি দৌৰক কাৰণ অলপ দূৰত ৰৈ থাকে তালৈ যাবলৈ চৰকাৰী ৰঙা বাছখন | য’ত ভাড়া কম আৰু এখনেই মাত্ৰ বাছ | তাৰ পিছত অত্যাধিক ভাড়া ভৰি মেজিক ভাড়া কৰি যাওক আপুনি সুদূৰ বিদ্যালয় খনলৈ |প্ৰায় ২ ঘণ্টামান সময়ৰ পিছত গৈ স্কুলখন পালোগৈ | কিন্তু মাজুলীত যেন মাত্ৰ দৌৰাৰহে প্ৰতিযোগীতা চলে | বাছৰ পৰা নামি পুনৰ দৌৰ আৰম্ভ কৰা নহ’লে যে নহ’ব | মেখেলা চাদৰেই ধৰিবানে বেগেই ধৰিবা | কোনোমতে গৈ যেনিবা স্কুলখন পালোগৈ | তাত আমালৈ অপেক্ষা কৰি থকা ছাৰজনে আমাক কৰা ব্যৱহাৰত মইতো আচৰিত হৈ গলো | আমাক দেখাৰ লগে লগে আপোনালোক পালেহিনে ? এতিয়া দুগৰাকী গৈ কাৰ্যালয়ৰ কাষৰ বাথৰূমত গৈ মুখ -হাত ধুই আহক | আন দুগৰাকীয়ে নিজৰ লাগতিয়াল নথি পত্ৰসমূহ সাজু কৰক আৰু দুগৰাকীক সন্মুখত সাজু কৰি ৰখা চকীত বহিবলৈ দি কামত লাগি গ’ল | কি নিয়ম এইবোৰ ৰ’বলৈকে দিয়া নাই | যাৰ হৈছে তেওঁলোকক লগে লগেই পঠিয়াই দিলে বাছ ৰখোৱা স্থানলৈ | তেখেতৰ কথামতেই অতি কম সময়ৰ ভিতৰতেই সকলো কাম শেষ কৰি পুনৰ প্ৰায় দৌৰি বাছ ৰখোৱা ঠাই পাই দেখো যে ইতিমধ্যে বাছখন আহি ৰৈ আছে | প্ৰথমে আহা সকলে বাছখন ৰখাই থৈছে নহ’লে যে উভতি অহাৰ কোনো উপায়েই নাই | বাছত উঠি যেতিয়া সেই কথা গম পালো তেতিয়া দুধাৰি চকুলো বাধাহীন ভাৱে বৈ আহিল নীৰৱে | তাৰ সমানে সমানে খং আৰু দুখত দিশহাৰা হৈ পৰিছো মাজুলী বাসীৰ কথা ভাবি | যদি কিবা কাৰণত যিমান গুৰুত্বপূৰ্ণই নহক কিয় বাছখন নাপালেটো সেইদিনটোৰ কোনো মূল্যই নাথাকিব | বাছখন যায় নয়াবজাৰলৈকে | আজিৰ এই যান্ত্ৰিকতাৰ যুগতো যে মাজুলীৰ ছমহীয়া আতিঁ ,নয়াবজাৰ আদিৰ মানুহৰ কি বিলৈ | কি ধৰণে বাৰু জীৱন অতিবাহিত কৰিছে তেওঁলোকে ?? বতৰ বেয়া হ’লেতো ফেৰীও যাব নোৱাৰে | আমাৰ ইয়াত কোনো মানুহেইতো খোজ কাঢ়ি ক’তো নাযায় , ১০ / ১৫ মিনিটৰ অন্তৰে অন্তৰে গাড়ী চলে | কিন্তু তাত আজিও এখন বাছলৈ অপেক্ষা কৰি জীৱন কটাব লগীয়া হৈছে কিয় ? কোনে বুজিব এই কৰুণ কাহিনী | ৰাতি কিবা এটা হ’লে আমিতো গুৱাহাটীলৈ লৈ যাওঁ আমাৰ আঘাটপ্ৰাপ্ত বা ৰোগীয়া ব্যক্তিজনক |তেন্তে কি সেই ঠাইৰ মানুহবোৰৰ তেনে বেমাৰ বা দুৰ্ঘটনা নহয় নেকি ? নে চকুৰ আগতে মৃত্যু হ’বলৈ এৰি দিয়ে তেওঁলোকে ?? কিমান যে ভাবিব নোৱাৰা , কল্পনা কৰিব নোৱাৰা এক কদৰ্যময় , দুৰ্যোগে ভৰা জীৱন অতিবাহিত কৰিব লগীয়া হৈছে মাজুলীবাসীয়ে | যি সময়ত বিশ্বখ্যাত সত্ৰ নগৰী বৃহত্তৰ নদী দ্বীপ মাজুলীয়ে অসমীয়া সমাজৰ ধৰ্মীয় তথা লোক সংস্কৃতিৰ ধ্বজা বহন কৰি বিশ্ব দৰবাৰত অসমীয়া জাতিক উচ্চ শিৰে উন্মোচিত কৰিছে ঠিক সেই সময়তে নিজস্ব নীতি এৰি নিজ স্বাৰ্থ সিদ্ধিৰ বাবে সহজ সৰল অসমীয়া জনগণক চলাহী কথাৰে আভুৱা ভৰাই এই সত্ৰনগৰীৰ জনগণৰ জীৱন – সম্পত্তিৰ লগত হেতালি খেলিছে কিয় ? যদি আজিৰ যুগত তেওঁলোকৰ জীৱনৰ কোনো মূল্যই নাই তেন্তে এইবোৰ ভাষণৰ মূল্যই বা ক’ত ? এই কৰুণ ঘটনাৰ বাবে যেন আমাৰ বৰমূৰীয়া সকলেই জগৰীয়া নহয় নে বাৰু ? যি নিজৰ বাবেই নহয় তেওঁলোকৰ কেইবাপুৰুষৰ বাবেই সাঁচি থৈ যাব বিচাৰে ধন – সম্পত্তি | এই সন্ধিক্ষণত মাজুলীবাসীৰ জীৱন ৰক্ষা কৰিবলৈ সকলো এক গোট হও আহক | “একতাই পৰম বল ” ,মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই ” এই বাক্য কেইশাৰীৰ মহত্ব বুজি আমি সকলো মিলি মাজুলী বাসীৰ নাৰ্য প্ৰাপ্ত লাভ কৰাত সহায় কৰো | চৰকাৰক বুজাই সন্মত কৰাও তাৰ পৰিবহণ ব্যৱস্থা উন্নত কৰিবলৈ উচিত পদক্ষেপ লবলৈ |