মাজুলীৰ আৰক্ষী থানা সমূহৰ নৱ গঠিত নাগৰিক সমিতিৰ সভা সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ মাজুলী আৰক্ষী থানা, কমলাবাৰী , গড়মূৰ আৰক্ষী থানা আৰু জেংৰাইমুখ আৰক্ষী থানাৰ নতুনকৈ গঠন হোৱা নাগৰিক সমিতিৰ আজি এখন সভা গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতীয়া (মুখ্য কাৰ্যালয়) ই উদেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে মাজুলী কমলাবাৰী আৰক্ষী থানা নাগৰিক সমিতিৰ সভাপতি দীপক গোস্বামীয়ে ৷ উদ্দেশ্য ব্যাখ্যাত অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে থানা কেইখনৰ নতুনকৈ গঠন হোৱা সমিতিৰ কৰণীয় আদি সম্পৰ্কে নৱ গঠিত সমিতিৰ বিষয়ববীয়া সকলক বুজাই কয় ৷ সভাত মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি ভাষণত আৰক্ষী আৰু জনসাধাৰণৰ মাজত সু-সম্পৰ্ক বৰ্তাই ৰাখি কিদৰে এখন অপৰাধমুক্ত সমাজ গঢ় দিব পাৰি তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰু থানা সমিতি সমূহ কৰ্মক্ষম হৈ দীৰ্ঘ স্থায়ী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে নাগৰিক সমাজৰ কৰণীয় আৰু আৰক্ষী জনসাধাৰণৰ মাজত দূৰত্ব হ্ৰাস কৰি এখন নিকা সমাজ গঢ়াত এই সমিতিয়ে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে ৷ সভাত জেংৰাইমুখ আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সভাপতি নিতুল নাথ, নাগৰিক সমিতিৰ সদস্য শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ৰ উপ-অধীক্ষক ডা° মানিক মিলি, কমলাবাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা° জয়ন্ত বৰা, সদস্য ক্ৰমে কৃষ্ণকমল শইকীয়া, দিপু বৰা, লীলাকান্ত ভট্ট, জীতেন দাস, উত্তম বৰা, মনালিছা পাটিৰে বক্তব্য প্ৰদান কৰি আৰক্ষী প্ৰশাসনৰ সৈতে জনসাধাৰণৰ মাজত সু-সম্পৰ্ক বৰ্তাই ৰখা আৰু সমাজত যাতে অসূয়া-অপ্ৰীতিয়ে বিৰাজ কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীৰে সহযোগিতা আগবঢ়াই সুষ্ঠ সমাজ গঢ়াত ব্ৰতী হ’ব বুলি বক্তব্য প্ৰদান কৰে ৷ সভাত গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰমিন্দ্ৰ সিং, মাজুলী আৰক্ষী থানা, কমলাবাৰীৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুপৰ্ণ গগৈ, জেংৰাইমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমাংগ গগৈ প্ৰমুখ্যে তিনিওখন থানাৰ নতুন সমিতিৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷ উল্লেখ যে মাজুলীৰ তিনিওখন আৰক্ষী থানাৰে তেৰজনীয়া সদস্যৰে একোখনকৈ নাগৰিক সমিতি থানা এলেকাৰ অন্তৰ্গত সচেতন নাগৰিকক লৈ গঠন কৰিছে ৷