মাজুলীত বিশ্ব জলাশয় দিৱস উদযাপন

মাজুলীত বিশ্ব জলাশয় দিৱস উদযাপন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা বন বিভাগৰ উদ্যোগত EEP (ENVIRONMENT EDUCATION PROGEME)ৰ মাজুলী জিলাৰ নডেল এজেঞ্চি উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ডনী গ্ৰীণ ফাউণ্ডেশ্যন ,আৰণ্যক, স্কুল ইক’ক্লাৱ আৰু স্থানীয় ৰাইজৰ সহযোগত উলহ মালহেৰে বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয় । কোটাই নাহৰণিস্হিত মাজুলীৰ ঐতিহাসিক কোটাই বিলৰ অপৰূপ দৃশ্য দেখি অনুষ্ঠানটিলৈ অহা বিশিষ্ট ব্যক্তিসকল মোহিত হৈ পৰে । ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকলক সম্বোধি কাৰ্যসূচী শুভ উদ্বোধন কৰে মাজুলী জিলা বন প্ৰাধিকাৰী জয়ৰাম বৰুৱাই। ইয়াৰ পাছতে বৰ্তমান সময়ত জলাশয় উদ্ধাৰৰ প্ৰয়োজন সম্পৰ্কে বক্তৃতা প্ৰদান কৰে আঞ্চলিক বন বিষয়া বিকাশ জ্যোতি কলিতা, অভিজিত দলে ,আৰণ্যকৰ  সুনীল কলিতা আৰু ডনি গ্ৰীণ ফাউণ্ডেশ্যনৰ নিলোৎপল গামে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰে স্থানীয় নৱজ্যোতি উচ্চ-মাধ্যমিক বিদ্যালয়, ৰতনপুৰ উচ্চ-মাধ্যমিক বিদ্যালয়, অমৰজ্যোতি জনজাতি উচ্চ-মাধ্যমিক বিদ্যালয় ,আমগুৰি বোকাজান এম ই স্কুল , কোটাই নাহৰণি আদৰ্শ দলনী এল পি স্কুল আৰু শংকৰদেৱ শিশু নিকেতন ৰতনপুৰ গায়নৰ ছাত্ৰ ছাত্ৰীৰ লগতে গাইড শিক্ষক প্ৰধান শিক্ষক আৰু স্থানীয় ৰাইজ। উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি জীৱকান্ত দত্তই নিজৰ ভাষণত এই পদক্ষেপৰ শলাগ লয়। উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই আঁতধৰা অনুষ্ঠানটিৰ শলাগৰ শৰাই আগবঢ়াই বন বিভাগৰ ডেপুটি ৰেঞ্জৰ অফিচাৰ অতুল দাসে। কাৰ্যসূচীৰ শেষত কোটাই নাহৰণি গাঁওৰক্ষী বাহিনীৰ সহযোগত বিলৰ পাৰে পাৰে ছাত্ৰ ছাত্ৰী সকলে চৰাই চাই অভিভূত হৈ পৰে।