মাজুলীত জিলা আইন সেৱা প্ৰাধিকৰণৰ আইন সজাগতা সভা সম্পন্ন

মাজুলীত জিলা আইন সেৱা প্ৰাধিকৰণৰ আইন সজাগতা সভা সম্পন্ন
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণ আৰু মাজুলী জিলা শিশু সুৰক্ষা গোটৰ সৌজন্যত আজি কলাখোৱা প্ৰাথমিক বিদ্যালয় সোণাৰিবাৰিত মহিলাৰ সকলৰ অধিকাৰ সম্পৰ্কক আইন (jene Protection of Women from Domestic Violence Act, 2005, PCPNDT Act, MTPAct, SC& ST protection Act, ) বাল্য বিবাহ , শিশু যৌন নিৰ্যাতন আইন, শিশু শ্ৰম আৰু শিশু সুৰক্ষা অধিকাৰ সন্দৰ্ভত এখনি আইন সজাগতা সভা অনুষ্ঠিত হয় । মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব  সৰস্বতি জহৰি পাদুন , সহকাৰী  আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা স্বৰ্ণজ্যোতি দেউৰী আৰু শান্তনু গোস্বামী , শিশু সুৰক্ষা গোটৰ পৰামৰ্শদাতা  আচিৰাম মিলি আৰু কৰ্মকৰ্তা  পংকজ দত্ত উপস্থিত থকা সভাখনিৰ  আঁত ধৰে অৰ্ধ আইন সেৱক টংকেশ্বৰ দাসে । জিলা আইন সেৱা প্ৰাধিকাৰণৰ সচিব সৰস্বতি জহৰি পাদুনে  বাল্য বিবাহ প্ৰতিৰোধ আইনৰ লগতে মহিলা সকলৰ সম্পৰ্কীয় বিভিন্ন আইনী অধিকাৰৰ ওপৰত বিস্তৃতভাৱে অৱগত কৰে । ভাষণ প্ৰসংগত  তেখেতে সমবেত ৰাইজক  বিনামূলীয়া আইনী সেৱাৰ বিষয়ে জনোৱাৰ লগতে এই সেৱা গ্ৰহণ কৰিবলৈ কোনসকল লোক উপযুক্ত হ’ব আৰু কেনেকৈ আবেদন কৰিব লাগিব সেই বিষয়ে অৱগত কৰে ।  ইয়াৰোপৰি আইন সেৱা প্ৰতিৰক্ষা অধিবক্তা সকলৰ কৰ্তব্য আৰু  দায়িত্বৰ বিষয়েও সচিব গৰাকীয়ে অৱগত কৰে। সচিব গৰাকীয়ে নিজৰ বক্তব্যত NALSA (National Legal  Services Authority) ৰ টল ফ্ৰী নম্বৰ – ১৫১০০ ৰ সেৱা সমূহো উপস্থিত ৰাইজক অৱগত কৰিব । সভাত সহকাৰী  আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা শান্তনু গোস্বামীয়ে  শিশুশ্ৰম  ৰোধৰ লগতে  সম্পৰ্কীয় আইনৰ ওপৰত নিজৰ বক্তব্য প্ৰদান কৰে আৰু ৰাইজক সজাগ হ’বৰ বাবে আহ্বান জনায় । সহকাৰী  আইন সহায়ক প্ৰতিৰক্ষা অধিবক্তা  স্বৰ্ণজ্যোতি দেউৰীয়ে যৌন নিৰ্যাতন পৰা শিশু সুৰক্ষা প্ৰদান আইনৰ (POCSO Act) আৰু  ঘৰুৱা হিংসা আইনৰ বিষয়ে বিস্তৃত ভাবে অৱগত কৰে। ইয়াৰ উপৰিও মাজুলী জিলা শিশু সুৰক্ষা  গোটৰ  পৰামৰ্শদাতা  আচিৰাম মিলিয়ে শিশু সুৰক্ষাৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে আৰু  সভাত উপস্থিত থকা ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক সকলে  জিলা আইন সেৱা প্ৰাধিকৰন তথা জিলা শিশু সুৰক্ষা গোটে আয়োজন কৰা সজাগতা সভাখন অতি আৱশ্যকীয় বুলি মন্তব্য প্ৰকাশ কৰি উচ্চ প্ৰশংসা কৰে।