মাজুলীক হেৰিটেজ বেল্ট এণ্ড ব্লকৰ দাবীত বিশাল সভা ; মাজুলীক বিনাচৰ্তে আইনী সুৰক্ষা দিয়ক 

মাজুলীক হেৰিটেজ বেল্ট এণ্ড ব্লকৰ দাবীত বিশাল সভা ; মাজুলীক বিনাচৰ্তে আইনী সুৰক্ষা দিয়ক 
নবেম্বৰত আইন গৃহীত কৰোৱা হ’ব : বিধায়ক ভুৱন গাম
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ ভৌগোলিক আৰু সাংস্কৃতিক সুৰক্ষাৰ দাবীত স্বেচ্ছাসেৱী সংগঠন ” মাজুলীৰ সাহিত্য” উদ্যোগত আজি মাজুলী মহাবিদ্যালয়ৰ পদ্মকান্তদেৱ গোস্বামী সভাকক্ষত এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। বিভিন্ন দল, সংগঠন, সত্ৰ আৰু সচেতন ৰাইজে অংশগ্ৰহণ কৰা সভাখনত সভাপতিত্বত কৰে মাজুলীৰ সাহিত্যৰ সভাপতি কমল দত্তই। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে সভাত আলোচ্য প্ৰস্তাৱিত বিষয় পাঠ কৰে সম্পাদক গোবিন কুমাৰ খাউণ্ডে। মাজুলীৰ ঐতিহ্য – সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত মাজুলীক হেৰিটেজ বেল্ট এণ্ড ব্লকৰ ঘোষণা আৰু মাজুলী সাংস্কৃতিক সুৰক্ষিত অঞ্চল আইন -২০০৬ কাৰ্যকৰীকৰণ এই মূল বিষয়ত ৰাইজৰ ইতিবাচক সমৰ্থন বিচাৰি অনুষ্ঠিত কৰা সভাখনত প্ৰথমে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে বক্তব্য প্ৰদান কৰি এই দাবীৰ বিৰোধিতা কোনো গৰাকী ভাল মাজুলীৰ সন্তানে নকৰে বুলি ব্যক্ত কৰে। মাজুলীৰ সাহিত্যৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ ফুকনে প্ৰস্তাৱিত আইন আৰু ২০০৬ ৰ গৃহীত আইনৰ বিভিন্ন দিশ দাঙি ধৰি আজিৰ সভাই উপযুক্ত সময়ত বিষয়বস্তু সমৰ্থনত আলোচনা কৰা বুলি কয়। সভাত জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুণিন্দ্ৰ ভূঞা, জিলা সাংবাদিক সন্থাৰ সম্পাদক ডিম্বেশ্বৰ দত্ত, মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক  সত্যেন্দ্ৰ পামেগাম,জিলা চুতীয়া ছাত্ৰ সন্থাৰ সহঃ সম্পাদক দ্বীপেন বৰা, ইতিহাস সংকলন সমিতি মাজুলী জিলাৰ কৃষ্ণ শইকীয়াই নিজৰ নিজৰ বক্তব্যত মাজুলীৰ জাতীয় স্বাৰ্থৰ এই দুটা বিষয় যিকোনো চৰ্তৰ বিনিময়ত পুৰণ হ’বই লাগিব। প্ৰত্যেকে মাজুলীৰ সাহিত্যক ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী প্ৰতিটো পদক্ষেপত সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাত উপস্থিত হৈ স্থানীয় বিধায়ক ভূৱন গামে আজি ৰাইজৰ এই ইতিবাচক পদক্ষেপক প্ৰশংসা কৰে আৰু অহা নৱেম্বৰৰ অধিৱেশনত যিকোনো ত্যাগৰ বিণিময়ত   মাজুলীক হেৰিটেজ বেল্ট এণ্ড ব্লকৰ আইনৰ আওতালৈ অনা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আইন হ’বই বুলি কৈছে আৰু মাজুলীক সুৰক্ষা দিয়াত কোনো আপোচ নকৰে বুলি তেওঁ বিশ্বাস আছে। সভাৰ এক প্ৰস্তাৱ অনুসৰি মাজুলীৰ সাংস্কৃতিক সুৰক্ষিত অঞ্চল আইন ২০০৬ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত থকা বাধা বা অন্যান্য দিশ সমূহ তেওঁ ৰাইজৰ লগত মিলিত হৈ এটা প্ৰতিনিধি দলৰ সহ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ ব্যৱস্থা কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। সভাত বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য দীপক গোস্বামীয়েও বক্তব্য দিয়ে। সভাত ৰাইজৰ পৰা দিলীপ বৰা আনন্দ নাথ, ধ্ৰুৱজ্যোতি নাথ, যুগল হাজৰিকা, ভৱানন্দ হাজৰিকা,যাদৱ বৰা,অতুল হাজৰিকা,ভৰত শইকীয়া, আদিয়ে প্ৰস্তাৱৰ সমৰ্থনত বক্তব্য দিয়ে। সভাত গৃহীত প্ৰথম প্ৰস্তাৱত মাজুলী জিলাক অসম ভূমি আৰু ৰাজহ অধিনিয়ম ( দ্বিতীয় সংশোধনী) বিধেয়ক -২০২৪ যোগেদি ‘হেৰিটেজ বেল্ট এণ্ড ব্লকৰ হিচাপে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তক সভাই আদৰণি জনোৱাৰ লগতে চৰকাৰক ধন্যবাদ জনায় আৰু বিধেয়কখন শীঘ্ৰে আইনলৈ পৰিবৰ্তন কৰিবলৈ দাবী জনাই গ্ৰহণ কৰা প্ৰস্তাৱ বিধায়কৰ যোগে মুখ্যমন্ত্ৰীলৈ আৰু এটা  প্ৰস্তাৱ বিৰোধী দলপতিলৈ যাতে বিনাচৰ্তে সমৰ্থন কৰে  দিবলৈ সিদ্ধান্ত লয়।  দ্বিতীয় প্ৰস্তাৱ অনুসৰি বিধায়কৰ যোগে মাজুলীৰ সাহিত্যৰ উদ্যোগত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই শলাগৰ শৰাই আগবঢ়াই বক্তব্য প্ৰদান কৰাৰ পিছতেই সভাপতিৰ বক্তব্যত কয় যে, আজিৰ সভাৰ মূল বিষয় জনাই সভালৈ নিমন্ত্ৰণ, সমৰ্থন তথা মতামত বিচাৰি মাজুলীৰ দক্ষিণপাট, মণিকাঞ্চন সংযোগ বেলগুৰি থান, কেউখন চামগুৰি, চকলা, ভোগপুৰ, বেঙেনাআটী , উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, মধ্য মাজুলী, গড়মূৰ, গৰমূৰ সৰু সত্ৰ, ঔৱা, আধাৰ, বেলেসিদ্ধিয়া, এলেঙী কেউখন, নৰসিংহ, বাহজেঙনি সত্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল উদ্যোক্তাসকলে। ইয়াৰ উপৰিও জিলা ছাত্ৰ সন্থা, জিলা সাহিত্য সভা, টিএমপিকে, এম এম কে, জিলা কবি সন্মিলন, মহিলা সমিতি, লেখিকা সমাৰোহ, মইনা পাৰিজাত, এম আই পি এ ডি চি, আৰু ৰাজনৈতিক দল কংগ্ৰছ , যুব কংগ্ৰেছ, অগপ, গনশক্তি, বিজেপি আদিলৈ পঠোৱা পত্ৰৰ কোনেও বিৰোদ্ধিতা কৰা নাই বুলি  কমল দত্তই ঘোষণা কৰে। আঁহতগুৰি বৰসত্ৰ আৰু মণিকাঞ্চন মিলন থান পৰিচালনা সমিতিয়ে সমৰ্থন কৰি পত্ৰ প্ৰেৰণ কৰাৰ লগতে ড০ হেমচন্দ্ৰ গোস্বামী আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে উক্ত প্ৰস্তাৱৰ পৃষ্ঠপোষকতা  তথা সমৰ্থন জনাই বাৰ্তা দিয়ে বুলিও কয়।