মাঘৰ মেজিৰ জুইকুৰা
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
জীয়াই থাকিবলৈকে নতুনকৈ যুঁজিছো
মৰিব খোজা সূৰ্যটোক সাৱতি আছো
জোনটোৱে তৰাবোৰৰ স’তে
উচুপিছে
হেঙুলীয়া আবেলি এটাত শুই উঠিছে
মই হত্যা কৰা মোৰেই মনটো।
একুৰা প্ৰকাণ্ড জুইৰ কাষত
মোক শুৱাই থৈছে অকলশৰে
ইচ্ছা নথকা স্বত্বেও মই বাধ্য
সমৰ্পণ কৰিবলৈ
জ্বলন্ত বিছনাখনত নিজকে
গাৰুটো ওখ বাবে ভীষণ কষ্ট।
মোৰ কাষতে আছিল এজোপা হাউলা গছ
ছাঁ দিছিল,বতাহ দিছিল,উশাহ দিছিল
মাঘৰ মেজিৰ ৰঙা জুইকুৰা দেখি
গছজোপাই সুধিছিল জীৱনৰ মাদকতাৰ কথা
মই মুকবধিৰ হৈ ৰৈ আছিলোঁ
হেতা পৰা উঠ দুটিলৈ চাই।
এইবাৰ জ্বলিবনে দপ্ দপাই থকা অহংকাৰবোৰ
দাঁত নিকটাই লহ্ লহ্ জিভা মেলি
খাওঁ খাওঁ কৈ থকা দৈত্যবোৰ
নিঃশেষ হ’বনে আন্ধাৰ পি খোৱা নিশাবোৰ !