মাঘৰ উৰুকা – এছ ইছলাম

Pc Vikaspedia
মাঘৰ উৰুকা
এছ ইছলাম, বৰপেটা
মাঘ বিহুৰ আগদিনা উৰুকা
ৰাতি সকলোৱে উৰুকা পালন কৰে
গঞা ৰাইজে উমৈহতীয়াকৈ ভেলাঘৰ সাজে
ৰাতি ভাত সাজ খায়।
খেৰ-নৰাৰে ভেলাঘৰ সজায়
ঠাইভেদে আকাৰ ভিন্ন হয়
নামনি অসমত কলপাতেৰেও সাজে,
বন্য জন্তুয়ে শস্য বিনষ্ট কৰে
যাৰ ফলত খেতিয়কে জুই জ্বলায়
পানীহিলৈ ফুটায়
ধাননি পথাৰসমূহ ৰক্ষা কৰে
ৰূপান্তৰণ ঘটি ইয়ে উৰুকা নাম পায়।
খাল-বিল নদ-নদী পুখুৰী জান-জুৰিত
গঞাঁ ৰাইজে সমূহীয়াকৈ মাছ ধৰে
জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে
মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে।
পুহ মাঘৰ সংক্ৰান্তিত
মাঘৰ উৰুকা উদ্‌যাপন কৰা হয়
মাছৰ ভাগ বতৰা কৰি লয়
নিশা বন্ধু-বান্ধুৱীৰ লগত
আনন্দৰে ভোজ ভাত খায়।