সংলাপ
মাকে জীয়েকক দিয়া উপদেশ
ছেলিমা বেগম
নগাঁও
শুনা মাজনী ভাত দিলোঁ খাই লোৱা।
ৰুবি তোমাক কৈছোঁ আজিৰ পৰা মাকৰ কথা মতে চলিবলৈ চেষ্টা কৰিবা । আজিৰ যুগত ম’বাইল ফোনৰ জৰিয়তে ছোৱালী বিলাকে প্ৰেমত পৰি নিজৰ জীৱন ধ্বংস কৰি আছে। বাটেৰে যোৱাৰ সময়ত অলপ সাৱধান হৈ থাকিবা যি হে যুগ উফ্ঃ! তিৰোতা মানুহৰ নিৰাপত্তা নাই । ভালকৈ পঢ়ি জীৱন গঢ়ি তুলিবলৈ চেষ্টা কৰা। সৎ পদে থাকি সত্যক বিচাৰি বা সত্যৰ যে জয় এই কথা জানিবা।
বেয়া সংগৰ পৰা আতঁৰি থাকিবা । নিজৰ ওপৰত বিশ্বাস কৰিবা। নিজকে এজনী সত্যবাদী নাৰী হিচাপে পৰিচয় দি সমাজৰ সেৱা আগবঢ়ায় যাবা, তেতিয়া হে জীৱন সুখী কৰিব পাৰিবা। ধৈৰ্য হৈছে জীয়াই থকাৰ প্ৰেৰণা। মিছা কথা জীৱন পুৰি খাই দিয়ে মিছা কথাক আশ্ৰয় নিদিবা। জীৱন বৰ অনুপম, জীৱনৰ চৌপাশে সিঁচৰতি হৈ থাকে ঘাত-প্ৰতিঘাত ,সুখ,দুখ , হাঁহি, কান্দোন এই খিনি অতিক্ৰম কৰিবলৈ হলে জীৱনৰ লগত যুদ্ধ কৰিব লাগিব। এই যুদ্ধত জয় হ’লে নিজকে এজনী নাৰী বুলি পৰিচয় দিব পাৰিবা। এজনী নাৰী হ’ল ঘৰখনৰ মূল ভেটি এই ভেটি যাতে মজবুত হয় তাৰ প্ৰতি দৃষ্টি ৰখা উচিত। নাৰী এজনী নিজৰ স্বামীৰ ঘৰলৈ যাব লাগে মাকৰ ঘৰখন যিমানেই মৰমৰ না থাকক কিয়। এয়া হৈছে জগতৰ নিয়ম, ইয়াৰ পৰা হাত সাৰিবলৈ হ’লে জীৱন এক আধৰুৱা হৈ পৰে। জীৱন এক বোৱতী নদীৰ দৰে আগবাঢ়ি যায় কেতিয়াবা থমকি ৰয় ক’ব নোৱাৰি। তোমাৰ আমাৰ সকলোৰে জীৱন নিৰ্বাহ কৰে ভাগ্যৰ ওপৰত যাৰ ভাগ্যত যি আছে কোনেও এৰিব নোৱাৰে। জীৱনৰ উকা পৃষ্ঠাত লিখা নাথাকে ভাগ্যৰ খেলা, জীৱনৰ লগত খেলি খেলি জিকিব লাগিব তেতিয়া জীৱনৰ লগত সফলতা অৰ্জন কৰিব পাৰিবা । জীৱন কেতিয়াও চিৰস্থায়ী নহয়, এদিন জীৱনৰ শলিতা ঢাল জ্বলি জ্বলি শেষ হৈ পৰে যেতিয়া কোনো শক্তিয়ে বাধা দিব নোৱাৰে। সময়ত এই শলিতা ঢাল পোহৰ হৈ জ্বলাই ল’ব পাৰিলে ইয়াৰ পোহৰ সদায় হাতে হাতে পাই থাকিবা মাজনী।
মা আজি মোৰ জীৱনৰ পাঠশালাৰ পৰা বহুতো শিকিলোঁ । মা তুমি আশীৰ্বাদ কৰিবা যাতে তোমাৰ উপদেশ খিনি আখৰে আখৰে পালন কৰিব পাৰি। মই প্ৰতিশ্ৰুতি দিছোঁ মা তোমাৰ ওচৰত নেদেখা জনে যাতে মোৰ জীৱনৰ মঙ্গল কামনাত সদায় নিজ হাতে সহায় কৰে।