মাইগ্রেন- ডাঃ বিজিতা চুতীয়া

pc- USC News - University of Southern California

মাইগ্রেন

আধুনিক জীৱনশৈলীত প্রায় সকলো লোককে মূৰৰ বিষত ভোগা দেখিবলৈ পোৱা গৈছে। মূৰৰ বিষৰ ভিতৰত মাইগ্রেনৰ মূৰৰ বিষ বিশেষ কষ্টদায়ক বাবে ই বহুতৰে পৰিচিত। বিশ্ব স্বাস্থ্য সংস্থাৰ এক ৰিপ’ৰ্টৰ মতে ২০টা মুখ্য বেমাৰৰ ভিতৰত মাইগ্রেনো অন্যতম। মাইগ্রেন বেছিকৈ যুৱসকলৰ মাজত হোৱা দেখা যায়। পুৰুষৰ তুলনাত মহিলাৰ বেছিকৈ এই ৰোগ হোৱা পৰিলক্ষিত হয়।

আয়ুর্বেদত মাইগ্রেনক ‘অৰ্ধাৱভেদক’ নামেৰে জনা যায়। অর্থাৎ মূৰৰ এফালে হোৱা ভেদনযুক্ত বিষ, সেই বিষ চকুৰ ওপৰভাগতো হ’ব পাৰে বা মূৰৰ পাছৰ অংশত বিষাব পাৰে। মূৰৰ বিষৰ লগতে বমি বমি ভাব, ডাঙৰ শব্দ বা উজ্জ্বল পোহৰ সহ্য কৰিব নোৱাৰা ইত্যাদি লক্ষণো দেখা যায়। আয়ুৰ্বেদৰ মতে প্ৰধানকৈ বাত আৰু পিত্ত দোষৰ বাবে মাইগ্রেন উৎপন্ন হয়। মানসিক চাপ, ৰুক্ষ আহাৰ ভোজন, অধাৰণীয় বেগ ধাৰণ ইত্যাদি বিভিন্ন কাৰণত বাত দোষ প্ৰকোপিত হৈ পিত্তৰ লগ লাগি মগজুৰ ভিতৰত এটা ফালে থিতাপি লৈ স্রোতবিলাক অৱৰোধ কৰাৰ ফলত মাইগ্রেনৰ মূৰৰ বিষ হোৱা বুলি কোৱা হৈছে।

কাৰণঃ আয়ুৰ্বেদৰ মতে মূলতঃ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক কাৰণৰ বাবে এইবিধ ৰোগৰ সৃষ্টি হয়। এইসমূহ হৈছে-

(১) বাতবর্ধক খাদ্য যেনে- শুকান আৰু ৰুক্ষ গুণসম্পন্ন খাদ্য, ফাষ্টফুড, প্রক্রিয়াজাত খাদ্য (Processed food), ফার্মেন্টেড (fermented) খাদ্য, (২) পিত্তবর্ধক খাদ্য যেনে— অত্যধিক জলা-মছলাযুক্ত খাদ্য, গ্ৰহণ কৰা। (৩) আহাৰ জীৰ্ণ হোৱাৰ পূৰ্বে পুনৰ খাদ্য গ্রহণ। (৪) ধোঁৱা আৰু ধূলিময় পৰিৱেশত বেছিকৈ থকা। (৫) অধাৰণীয় বেগ ধাৰণ কৰা। (৬) অত্যধিক ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম কৰা। (৭) নিশা উজাগৰে থকা। (৮) দিনত শোৱা। (৯) মানসিক চাপ, দুশ্চিন্তা (১০) মদ্যপান কৰা, চিগাৰেট সেৱন কৰা। (১১) কৃমিৰ প্ৰাদুৰ্ভাৱ। (১২) লঘোনে বা ভোকত থকা। (১২) মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ সময়তো মাইগ্রেনৰ বিষ হ’ব পাৰে।

লক্ষণঃ

(১) মাইগ্রেনত অসহ্যকৰ মূৰৰ বিষ সাধাৰণতে মূৰৰ এফালে হয়।

(২) সাধাৰণতে ৬ৰ পৰা ৪৮ ঘণ্টা পর্যন্ত এই বিষ থাকে।

(৩) বিষৰ লগতে বমি বমি ভাব বা বমি হ’ব পাৰে।

(৪) ডাঙৰ শব্দ আৰু উজ্জ্বল পোহৰ সহ্য কৰাত অসুবিধা হয়।

(৫) মাইগ্রেন হোৱাৰ আগত কিছুমান বিপদৰ আগজাননীযুক্ত লক্ষণ দেখিবলৈ পোৱা যায়, যেনে— চকুৰে ধোঁৱা ধোঁৱা দেখা, চকুৰ সন্মুখত তৰংগসদৃশ পোহৰ দেখা ইত্যাদি।

(৬) মাইগ্রেনৰ বিষ কমাৰ পাছতো আন কিছুমান লক্ষণ দেখা দিব পাৰে— যেনে মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰা, টোপনি টোপনি লগা, ডিঙিৰ বিষ ইত্যাদি।

প্ৰতিৰোধঃ

মাইগ্রেনক প্ৰভাৱিত কৰা কাৰকসমূহৰ পৰা আঁতৰি থাকি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ ভিতৰত তলত উল্লিখিত সাৱধানতাসমূহ মানি চলা উচিত।

(১) সময় মতে খাদ্য খোৱাৰ অভ্যাস গঢ়িব লাগে।

(২) কিছুমান খাদ্য গ্রহণ কৰাৰ পাছতো মাইগ্রেনৰ সমস্যা হ’ব পাৰে। যেনে – চাহ, কফি, চকলেট, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্যবস্তু, টেঙাজাতীয় ফল, বিলাহী, পিঁয়াজ, নিমখীয়া পদার্থ, প্রক্রিয়াজাত খাদ্য (Pro (cessed foods), Mono Sodium glutamate (MSG) যুক্ত খাদ্য, Tyramine যুক্ত খাদ্য ইত্যাদি। সেয়েহে এনেধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।

(৩) অত্যাধিক মানসিক চাপ পৰিহাৰ কৰা উচিত।

(৪) টোপনি ক্ষতি হ’লে বা বেছি সময় শুলেও এই ৰোগ হ’ব পাৰে। সেয়েহে সদায় সঠিক সময়ত ৰাতি শুবলৈ যোৱা আৰু সময় মতে পুৱা উঠা উচিত।

(৫) উজ্জ্বল পোহৰ, কোলাহলপূর্ণ পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগে।

(৬) অত্যধিক শাৰীৰিক পৰিশ্ৰম, ব্যায়ামৰ বাবেও মাইগ্রেন বাঢ়ি যাব পাৰে। যদি তেনে হোৱা পৰিলক্ষিত হৈছে শাৰীৰিক পৰিশ্ৰম কমাই কৰিব।

(৭) অত্যধিক মদ্যপান, ধূমপানৰ ফলত মাইগ্রেনৰ সমস্যা বাঢ়ে। সেয়েহে এনে অভ্যাস ত্যাগ কৰা উচিত।

(৮) কিছুমান উগ্র গোন্ধ, পাৰফিউমৰ গোন্ধ, ধোঁৱা আদিৰ বাবেও মাইগ্ৰেনৰ বিষ হ’ব পাৰে। সেয়েহে উগ্ৰ গোন্ধযুক্ত পৰিৱেশৰ পৰা আঁতৰি থাকিব।

চিকিৎসাঃ

(১) আয়ুর্বেদত প্রথমেই নিদান পৰিবৰ্জন অর্থাৎ যিবোৰ কাৰকৰ বাবে মাইগ্ৰেনৰ সমস্যা হয় সেইসমূহৰ ত্যাগ কৰিবলৈ উপদেশ দিছে। যিহেতু বিসংগতিপূর্ণ খাদ্যাভ্যাস আৰু জীৱনশৈলী এই ৰোগৰ মুখ্য কাৰণ গতিকে খাদ্য গ্ৰহণৰ নীতি-নিয়মসমূহ মানি চলাৰ লগতে সঠিক জীৱনশৈলী গ্ৰহণ কৰা উচিত। খাদ্য গ্ৰহণৰ নিয়মসমূহৰ ভিতৰত খৰখেদা নকৰাকৈ খাদ্য গ্ৰহণ কৰা, একান্তচিত্তে খাদ্য গ্ৰহণ কৰা, অত্যধিক ধীৰগতিত খাদ্য গ্রহণ নকৰা, মনৰ অনুকূল পৰিৱেশত খাদ্য গ্রহণ, সঠিক মাত্ৰাত খাদ্য গ্ৰহণ কৰা, জীর্ণতাৰ পাছত খাদ্য গ্ৰহণ কৰা, খাদ্যৰ বীৰ্য অনুসৰি গ্ৰহণ কৰা, উষ্ণ আৰু স্নিগ্ধ খাদ্যগ্ৰহণ কৰা ইত্যাদি। আনহাতে বিংসগতিপূর্ণ জীৱনশৈলী যেনে— ৰাত্রি জাগৰণ, অত্যধিক মানসিক চাপ, বেছি সময়লৈ পায়খানা, পেচাব আদিৰ বেগ ধাৰণ ইত্যাদিৰ প্ৰভাৱত আমাৰ শৰীৰত বাত দোষ দূষিত হৈ মাইগ্ৰেনৰ সমস্যা সৃষ্টি কৰে। সেয়েহে নিতৌ সঠিক সময়ত মলত্যাগ কৰা, দাঁত ব্ৰাছ কৰাৰ লগতে জিভা পৰিষ্কাৰ কৰা, নাক-কাণ পৰিষ্কাৰ কৰা, শৰীৰত নিতৌ তেল মালিচ ইত্যাদি কৰা উচিত।

(২) যোগাসন : মানসিক চাপ, দুশ্চিন্তা, আতংক, উদ্বেগ আদিৰ পৰা হাত সাৰি থাকিবলৈ যোগাসনে নিশ্চিতভাৱে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে।

সহজ বিপৰীতকৰণী মুদ্রা, পৱন মুক্তাসন, অর্ধ-কুর্মাসন, মৎস্যাসন, শশংগাসন, অনুলোম বিলোম, ভ্ৰামৰি প্ৰাণায়াম, যোগমুদ্রা, শৱাসন ইত্যাদিৰ লগতে নিতৌ আধা ঘণ্টা ধ্যান কৰা উচিত। অভিজ্ঞ যোগ পৰামৰ্শ দাতাৰ তত্ত্বাৱধানত এই যোগাসনসমূহ অভ্যাস কৰিলে সুফল পোৱা যায়।

(৩) বিভিন্ন ঔষধি দ্ৰব্যৰ লগতে ৰসায়নৰ প্ৰয়োগে দীর্ঘায়ু কৰাৰ উপৰি শাৰীৰিক, মানসিক বল বৃদ্ধি কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। বহুতো ৰসায়ন গুণসমৃদ্ধ ঔষধি এণ্টি অক্সিডেন্ট, শৰীৰৰ ৰোগ প্ৰতিৰোধক, স্নায়ুতন্ত্ৰ তথা মগজুৰ পুষ্টি যোগাবলৈ সক্ষম। উদাহৰণস্বৰূপে শতাবৰী, ব্রাহ্মী, পুননবা, তুলসী, শংখপুষ্পী, আমলখি, কুটকি, হালধি, অশ্বগন্ধা ইত্যাদি।

(৪) আমাৰ শৰীৰত দোষসমূহ অতিমাত্ৰাত দূষিত হ’লে বিভিন্ন ধৰণৰ পঞ্চকৰ্ম যেনে— বমন, বিৰেচন আদিৰ জৰিয়তে দেহ শোধন কৰা হয়।

(৫) ইয়াৰ উপৰি আন কিছুমান প্রক্রিয়া যেনে— শিৰোধাৰা, শিৰপিছু, শিৰো অভ্যংগ, শিৰোবস্তি, নস্য আদি চিকিৎসাৰ জৰিয়তেও যথেষ্ট সুফল পোৱা যায়।

(৬) আয়ুৰ্বেদত ৰোগীৰ প্ৰকৃতি, দূষিত হোৱা দোষ (বাত, পিত্ত, অগ্নি,কফ) ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি বহুতো প্ৰভাৱশালী ঔষধৰ বর্ণনা কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’লে শিৰোশূলাদি বজ্র ৰস, চেফাগ্ৰেইন টেবলেট ইত্যাদি।

মাইগ্রেনৰ ঘৰুৱা বিধানঃ

(1) Peppermint Essential oil (পদিনা তেল) কপালত লগাই মালিচ কৰিলে মাইগ্রেনৰ বিষৰ পৰা আৰাম পোৱা যায়।

(২) জাইফল (nutmeg) গুড়ি কৰি পানীৰ সৈতে মিহলাই পেষ্ট বনাই কপালত লগাই আধাঘণ্টামান ৰাখিব। ইয়ে বিষ উপশম কৰাত যথেষ্ট সহায় কৰে।

(৩) চন্দন গুড়ি পানীৰ লগত মিহলাই কপালত লগালে আৰাম পোৱা যায়।

(৪) ৫ টোপালমান ব্রাহ্মী ঘিউ নাকত দিলে যথেষ্ট আৰাম পোৱা যায়।

(৫) ৰাতি শোৱাৰ আগতে শুকান আদা গুড়ি কৰি পানীৰ লগত মিহলাই পেষ্ট বনাই কপালত লগাব।

(৬) তুলসী পাতৰ পেষ্ট বনাই কপালত কিছু সময় লগাই ৰাখিলেও মূৰৰ বিষ কমে।

(৭) আমলখি গুড়ি ৫ৰ পৰা ১০ গ্রাম সমপৰিমাণৰ ঘি আৰু চেনি

মিহলাই দিনে দুবাৰ খাব ।

(৮) দালচিনি গুড়ি কৰি অলপ পানী মিহলাই পেষ্ট বনাই কপালত আধা ঘণ্টামান লগাই ৰাখিলে যথেষ্ট আৰাম পাব।

উপৰিউক্ত পৰামৰ্শ আৰু নিৰ্দেশাৱলী মানি চলিলে মাইগ্ৰেনৰ সমস্যাৰ পৰা আমি আঁতৰি থাকিব পাৰিম। যদিহে ৰোগ আৰম্ভ হৈছে তেন্তে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা উচিত। আধুনিক জীৱনশৈলীত মাইগ্রেনৰ সমস্যা কম-বেছি পৰিমাণে সকলোৰে দেখা পোৱা যায়। কিন্তু সঠিক জীৱনশৈলী আৰু সতর্কতা মানি চলি এই ৰোগ নিয়ন্ত্রণ কৰিব পাৰি।

ডাঃ বিজিতা চুতীয়া
বি.এ. এম.এচ., এম.ডি.( আয়ুৰ)
আয়ুৰ্বেদিক বিশেষজ্ঞা