মাংগলিক ৰীতি নীতিৰে জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্ব ল’লে কন্ঠশিল্পী বিদ্যাসাগৰে

মাংগলিক ৰীতি নীতিৰে জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্ব ল’লে কন্ঠশিল্পী বিদ্যাসাগৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্ব ল’লে কন্ঠশিল্পী বিদ্যাসাগৰে।মাংগলিক ৰীতি নীতিৰে প্ৰাক্তন অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত দায়িত্ব গ্ৰহণ কৰে কন্ঠশিল্পীগৰাকীয়ে।জ্যোতি চিত্ৰবনৰ ২৫ সংখ্যক অধ্যক্ষ বিদ্যাসাগৰ।অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিদ্যাসাগৰে।জ্যোতি চিত্ৰবনক লৈ থকা বহু পৰিকল্পনাৰ কথাও জনালে নৱ নিযুক্ত কণ্ঠশিল্পীগৰাকীয়ে।