মহৎ লোকৰ জীৱন-চৰিত অধ্যয়নৰ প্ৰয়োজন
প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
জীৱনৰ অন্য নাম সংগ্ৰাম। মানুহে এই সুন্দৰ পৃথিৱীৰ মুখ দেখাৰেপৰা নিয়তিৰ কোলাত আশ্ৰয় লোৱালৈকে অহৰ্নিশে সংগ্ৰামৰ মুখামুখি হবলগীয়া হয় ৷ এই সংগ্ৰামত নিজকে সক্ষম সেনানীৰূপে প্ৰতিষ্ঠিত কৰিবলৈ আমি চেষ্টা কৰা উচিত। কিন্তু ই বৰ কষ্টকৰ কাম। আমি আমাৰ জীৱন পথত অগ্ৰসৰ হোৱাৰ বাবে মহৎলোকৰ জীৱন-চৰিত অধ্যয়নৰ প্ৰয়োজন আছে বুলি ভাবোঁ ৷মহৎলোকৰ জীৱন-চৰিতৰ জৰিয়তে মহৎলোকসকলে অভিজ্ঞতা-পুষ্ট জীৱনৰ কৰ্মৰ মাজেৰে জগতৰ আগত আদৰ্শ দাঙি ধৰিছে। মহানুভৱতা, দয়া, ক্ষমা, কৰুণা, জন কল্যাণকামী মনোভাৱে তেখেতসকলক অমৰ কৰি ৰাখিছে। সংসাৰখন বৰ জটিল । সংসাৰৰ মায়া-মোহ, জ্বালা-যন্ত্ৰনাই মানুহক হৃদয়ত বেদনাৰ সৃষ্টি কৰে। মানুহৰ মনত জ্ঞান, ধৈৰ্য্য, সহিষ্ণুতা, অধ্যৱসায় , মহানুভৱতা, মানৱীয়তা আদি গুণ আহৰণৰ চেষ্টা কৰিব লাগে। কিন্তু মায়াময় সংসাৰত ই অতিকৈ জটিল কাম ৷ মহামানৱসকলৰ জীৱনী অধ্যয়ন কৰিলে আমি দেখিবলৈ পাওঁ যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, শ্ৰীমন্তশঙ্কৰদেৱ,শ্ৰীমন্ত মাধৱদেৱ আদিৰ জীৱনৰ আদিছোৱা বৰ মধুৰ নাছিল। যীশুখ্ৰীষ্টৰ জন্ম হৈছিল গোহালি ঘৰত , হজৰত মহম্মদ সৰুতেই ঘাট-মাউৰা হৈছিল, শংকৰদেৱো ঘাট-মাউৰা হৈছিল , মাধৱদেৱে সৰু কালতেই মাতৃক হেৰুৱাইছিল। তেওঁলোকে সংসাৰৰ দুখ-যন্ত্ৰনা আঁতৰাই থৈ ধৈৰ্য্য, অধ্যৱসায়, জ্ঞানেৰে নিজকে সংযম কৰি মানৱ কল্যাণৰ বাবে জীৱন উছৰ্গা কৰিছিল। মহানলোকসকলে ধৈৰ্য্য,কষ্ট সহিষ্ণুতা,ক্ষমা, সাধনাৰ আদৰ্শ আমাক দেখুৱাই থৈ গৈছে ৷ ক্ষমাৰে শত্ৰুকো জয় কৰিব পাৰি ।মহৎলোকসকলে দেখুৱাই গৈছে অন্তৰত হিংসা-দ্বেষ, পাপ-তাপ, কলুষ-কালিমা দুৰ কৰি মানৱ জীৱনৰ উপকাৰ সাধন কৰিব পাৰি ৷মানুহৰ জীৱনত হাজাৰ বিপদ-বিঘিনি আহি জীৱনৰ বাটত হেঙাৰ হিচাপে থিয় দিয়েহি। উদাৰ হৃদৰেৰে ,দয়া,ক্ষমা আদি মনোভাৱেৰে জীৱন বাটত অগ্ৰসৰ হব পাৰি। সংসাৰ সাগৰৰ কোৱাল সোঁতত আমি উটি-ভাঁহি যাওঁ কেতিয়াবা ককবকাওঁ কেতিয়াবা ওপৰলৈ উঠি আহি উশাহ লওঁ ৷ জীৱনৰ উথ্থান-পতনৰ এই সংগ্ৰামত মহৎলোকৰ জীৱন- গাথাই আমাক সান্ত্বনা দিয়াৰ ওপৰিও সাহসেৰে জীৱন পথত অগ্ৰসৰ হ’বলৈ প্ৰেৰণা যোগায়।