“মহিলাৰ বগাস্ৰাৱ (Leukorrhoea)” – ড০ ৰূপ শেখৰ ডেকা

pc HoneyColony

      স্ত্ৰী ৰোগসমূহৰ ভিতৰত বগাস্ৰাৱ যোৱাটো কিছুসংখ্যক মহিলাৰ বাবে এক অতি গুৰুতৰ সমস্যা। এই ৰোগবিধত সচৰাচৰ মহিলাৰ যোনিৰ পৰা বগা বা হালধীয়া ৰঙৰ এক ৰস ওলাই থাকে। সময়ে সময়ে এই ৰস ওলোৱাটো বন্ধ হয় যদিও এক নির্দিষ্ট সময়ৰ পিছত ই পুনৰাই ওলোৱা আৰম্ভ কৰে। বহু বছৰ ধৰি এগৰাকী মহিলাৰ যোনিৰ পৰা এনে ৰস নিৰ্গত হৈয়ে থাকিব পাৰে আৰু কেতিয়াবা ই অধিক হালধীয়া আৰু দুৰ্গন্ধময় হ’ব পাৰে। এই বগাস্ৰাৱ যোৱা বেমাৰৰ নানান কাৰণ আছে যদিও ইয়াৰ এক প্ৰধান কাৰণ হৈছে মহিলাৰ শৰীৰত থকা ইষ্ট’জেন নামৰ হর্মোন বিধৰ পৰিমাণৰ তাৰতম্যতা। কেতিয়াবা কেতিয়াবা ছোৱালী এজনীৰ মাহেকীয়া আৰম্ভ হোৱাৰ পূৰ্বে যদি এনে বগা ৰস নির্গত হয়, তেন্তে তাক মাহেকীয়া হোৱাৰ পূর্বলক্ষণ বুলি গণ্য কৰা হয়।

বগাস্ৰাৱৰ প্ৰকাৰঃ

১) ফিজিঅ’ল’জিক লিউক’ৰিয়াঃ ই সাধাৰণতে এক বেমাৰ নহয় যদিও মহিলাসকলৰ ইয়াৰ বিষয়ে এক সম্যক ধাৰণা থকা উচিত। প্ৰকৃততে ই হৈছে মানৱ শৰীৰৰ এক প্ৰতিৰোধমূলক ব্যৱস্থা। যাৰ দ্বাৰা যোনীয়ে ইয়াৰ ৰাসায়নিক ভাৰসাম্যতা তথা যোনীৰ মাংসপেশীৰ কোমলতা বজাই ৰাখে। ইয়াত বগাস্ৰাৱ তেতিয়াই নির্গত হয়, যেতিয়া ইষ্ট্র’জেন নামৰ হর্মোন বিধৰ পৰিমাণ দেহত বৃদ্ধি পায়।

    ২) ইনফ্লামেট’ৰী লিউক’ৰিয়াঃ যদি কোনো কাৰণত যোনিৰ মাংসপেশী উখহি উঠে অথবা ফুলি উঠে, তেন্তে যোনিৰ পৰা হালধীয়া ৰঙৰ দুৰ্গন্ধময় এক ৰস নির্গত হয়। ই সচৰাচৰ এক বিশেষ ধৰণৰ বেমাৰৰ ফলত হ’ব পাৰে। যেনে— অৰ্গেনিক বেক্টেৰিয়েল ইনফেকশ্যন অথবা এছ টি ডি (STD)। সন্তান জন্ম হোৱাৰ পিছত যদি দুর্গন্ধময় বগাস্ৰাৱ নিৰ্গত হয় তথা কঁকালৰ বিষ হয় তেন্তে গর্ভপাতৰ পিছত গর্ভাশয় পুনৰ নিজৰ স্বাভাৱিক আকাৰলৈ ঘূৰি অহাৰ বিফলতাৰ এক লক্ষণ হ’ব পাৰে।

   ৩) পেৰাছাইটিক লিউক’ৰিয়াঃ কেতিয়াবা বগাস্ৰাৱ নিৰ্গত হোৱা বেমাৰ কিছু বিশেষ ধৰণৰ পৰজীৱি জীৱাণুৰ দ্বাৰাও হ’ব পাৰে, বিশেষভাৱে ট্রাইক’ম’নাচ ভেজাইনেলিছ নামৰ এক পৰজীৱি জীৱাণুৰ দ্বাৰা হ’ব পাৰে। এই বেমাৰবিধত সচৰাচৰ যোনিৰ জ্বলা-পোৰা ভাৱ, খজুৱতি আৰু দুৰ্গন্ধযুক্ত বগা অথবা হালধীয়া ৰঙৰ ডাঠ এক তৰল নিৰ্গত হ’ব পাৰে।

বগাস্ৰাৱৰ কাৰণঃ

    ১) ইতিমধ্যেই উল্লেখ কৰা হৈছে যে প্রধানতঃ মহিলাৰ শৰীৰত থকা ইষ্ট্ৰ’জেন নামৰ হর্মোনবিধ যদি অত্যধিক পৰিমাণত নির্গত হয়, তেতিয়াই বগাস্ৰাৱ নিৰ্গত হ’ব পাৰে। গৰ্ভাৱস্থা, মাহেকীয়া হোৱাৰ পূৰ্বে আৰু মাহেকীয়া হৈ থকা সময়ত সচৰাচৰ ইষ্ট্র’জেনৰ পৰিমাণ শৰীৰত বৃদ্ধি পায়।

    ২) পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ ফলতো এই ৰোগ হ’ব পাৰে। যোনি যদি পৰিষ্কাৰ কৰি নাৰাখে, যেনে প্ৰস্ৰাৱ কৰাৰ পিছত যদি ভালদৰে নোধোৱে, তেতিয়াও বগাস্ৰাৱ নিৰ্গত হোৱা বেমাৰ হ’ব পাৰে। শৰীৰৰ অন্তর্বাসসমূহ যদি ভালদৰে ধোৱা নাযায় অথবা ৰ’দত শুকুওৱা নাযায় তেতিয়াও এই ৰোগ হ’ব পাৰে। আমাৰ সমাজত কেতিয়াবা মহিলাসকলে নানান ধৰণৰ ঘৰুৱা কাৰণত নিজৰ অন্তৰ্বাস ধোৱাৰ পিছত ৰ’দত মেলি দিয়াৰ পৰা বিৰত থাকে ৷

    ৩) শৰীৰত আইৰণৰ পৰিমাণ কমি গ’লেও এই ৰোগ হ’ব পাৰে।

    ৪) সচৰাচৰ মধুমেহ ৰোগত ভোগা ৰোগীসকলৰ ক্ষেত্ৰতো সঘনাই লিউক’ৰিয়া হোৱা দেখা যায়।

   ৫) যোনিত থকা যিকোনো ধৰণৰ ঘাঁৰ ফলতো খজুৱতি হ’ব পাৰে আৰু বগাস্ৰাৱ নিৰ্গত হ’ব পাৰে। সচৰাচৰ শিশু জন্ম হোৱাৰ পিছত মহিলাসকলৰ যোনিত এনে ঘাঁ দেখা দিব পাৰে।

    ৬) কেতিয়াবা বদহজম আৰু কোষ্ঠকাঠিন্যতাৰ ফলতো বগাস্ৰাৱ হ’ব পাৰে।

   ৭) ৰাসায়নিক গৰ্ভনিৰোধৰ ব্যৱহাৰ অথবা গর্ভাশয়ত স্থাপন কৰা গৰ্ভনিৰোধক সঁজুলি ইত্যাদিৰ ব্যৱহাৰৰ ফলতো বগাস্ৰাৱ নিৰ্গত হ’ব পাৰে।

   ৮) কিছুসংখ্যক বিশেষ অৱস্থাৰ ফলতো বগাস্ৰাৱ যোৱা বেমাৰ হ’ব পাৰে। যেনে দুঃচিন্তা, উৎকণ্ঠা, অত্যধিক কামৰ হেঁচা আৰু পৰিপূৰ্ণ নোহোৱাকৈ থকা যৌন উত্তেজনা আদিৰ ফলতো লিউক’ৰিয়া হ’ব পাৰে। এই মানসিক অৱস্থাবোৰৰ লগত মগজুত থকা হাইপ’থেলামাছৰ প্রত্যক্ষ সম্পর্ক থাকে, যিটোৰ ফলশ্ৰুতিত ই পিটুইটেৰী গ্ৰন্থিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। যাৰ ফলত ইষ্ট’জেন হমোৰ্নৰ পৰিমাণ গম নোপোৱাকৈয়ে শৰীৰত বৃদ্ধি হ’ব পাৰে।

    ৯) অত্যধিক পৰিমাণৰ চাহ, কফি, সুৰা অথবা ধুম্ৰপান কৰিলেও মানুহৰ শৰীৰত থকা হমোৰ্নসমূহৰ পৰিমাণৰ তাৰতম্য হ’ব পাৰে। তেনে অৱস্থাতো মহিলাৰ লিউক’ৰিয়া হ’ব পাৰে।

   ১০) যক্ষ্মা ৰোগ অথবা কেন্সাৰ ৰোগৰ ফলতো ‘লিউক’ৰিয়া ৰোগ হ’ব পাৰে।

লক্ষণঃ

     যেতিয়াই এগৰাকী মহিলাৰ অত্যধিক বগাস্ৰাৱ গৈ থাকে, তেতিয়া তেওঁ অতিশয় দুৰ্বল হৈ পৰে আৰু যিকোনো কৰ্মৰ প্ৰতি কৰ্মস্পৃহা কমি যায়। এই বগাস্ৰাৱ সচৰাচৰ মাহেকীয়া নোহোৱা সময়খিনিৰ ভিতৰত হয় আৰু ই কেতিয়াবা অতিশয় ডাঠ আৰু আঠাযুক্ত হ’ব পাৰে। বগাস্ৰাৱ গৈ থাকিলে মহিলাগৰাকীৰ প্ৰচণ্ড মূৰৰ বিষো হ’ব পাৰে। অত্যধিক বগাস্ৰাৱ নিৰ্গত হোৱাৰ ফলত মহিলাগৰাকীৰ কলাফুলৰ বিষ হ’ব পাৰে আৰু কেতিয়াবা এইবোৰৰ লগতে কঁকালৰ বিষো থাকে।

চিকিৎসাঃ

     সচৰাচৰ লিউক’ৰিয়াৰ বাবে বিশেষ কোনো চিকিৎসাৰ প্ৰয়োজন নহয়। ওপৰত উল্লেখিত কাৰণসমূহৰ ভিতৰত এৰাই চলিব পৰা কাৰণসমূহ বাদ দিলেই, ইয়াৰ সমাধান হয়। কিন্তু যদিহে বগাস্ৰাৱ নিৰ্গত হোৱাৰ লগতে খজুৱতি হয় আৰু শৰীৰত দুর্বলতা থাকে, তেন্তে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লৈ ঔষধ খোৱাটো অতি প্রয়োজন। সচৰাচৰ এই ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসকসকলে ব্যৱহাৰ কৰা কিছুসংখ্যক ঔষধ হৈছেঃ টেট্রাচাইক্লিন পিল, মেট্ৰ’নিডাজল পিল, এজিথ্র’মাইচিন আৰু তিনিডাজল ইত্যাদি।

লিউক’ৰিয়াৰ ঘৰুৱা চিকিৎসাঃ

     দৈ যোনিত লগালে খজুৱটি আৰু বগাস্ৰাৱৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি কিছুসংখ্যক মানুহে বিশ্বাস কৰে। মিঠা আমৰ প্রলেপ যদি যোনিত লগোৱা যায়, তেতিয়াও এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি লোকবিশ্বাস আছে। ভাতৰ মাৰ খালেও বগাস্ৰাৱৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি মানুহে বিশ্বাস কৰে।