মহালয়াৰ তাৎপৰ্য – বন্দিতা শৰ্মা কন্দলি

মহালয়াৰ তাৎপৰ্য

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

আহিন মাহৰ শুক্লপক্ষৰ প্ৰথমা তিথিত পবিত্ৰ মহালয়া পালন কৰা হয়। মহালয়া হৈছে পিতৃ পক্ষ আৰু দেৱী পক্ষৰ সন্ধিক্ষণ। অৰ্থাৎ পিতৃ বা প্ৰেত পক্ষৰ অন্তিম ক্ষণ আৰু দেৱী পক্ষৰ আৰম্ভ এই সংযোগ বা সন্ধিক্ষণত পূৰ্ণ চন্দ্ৰৰ স্নিগ্ধ আলোক প্ৰাপ্তৰ সময়খিনি।সূৰ্য উদয় হোৱাৰ পূৰ্বৰ পৰা সূৰ্য উদয় পৰ্যন্ত প্ৰায় দুই ঘণ্টাৰ সময়খিনিকে ব্ৰহ্ম মূহুৰ্ত বুলি কোৱা হয়। মহালয়াৰ প্ৰকৃত সময় সেই খিনিয়েই। সেয়ে মহালয়াৰ পবিত্ৰ প্ৰাতঃকালীন ভ্ৰমণ কৰি সকলোৱে সু-স্বাস্থ্যৰ বাবে শক্তিৰূপা দেৱীৰ আশীষ বিচাৰে।

মহালয়া শব্দৰ অৰ্থ বিচাৰ কৰিলে দেখা যায় মহা মানে পৰম আৰু লয় মানে বিলীন হোৱা। অৰ্থাৎ যি পৰম তত্বৰ পৰা সকলো জীৱৰ জন্ম হয় আৰু যʼত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। এই সময়তে মৃত্যুলোকত আশ্ৰয় লোৱা অশৰীৰি আত্মাবোৰে নিজ পৰিজনৰ বুজ ল’বলৈ আহে।এই বিশ্বাস লৈয়ে আমাৰ সমাজত স্বৰ্গগামী পুৰুষসকলৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কৃপা দৃষ্টি কামনাৰে পিণ্ড দিয়াৰ নিয়ম প্ৰচলিত হৈ আহিছে ।আন এক বিশ্বাস মতে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম গতি পায়। সেই মৃত ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল ভাগী হয়।

কিংবদন্তি মতে শৰৎকালৰ এই দিনটোতে ধৰালৈ আগমন ঘটে মহিষমৰ্দিনী দশভূজধাৰী দেৱী দুৰ্গাৰ। দেৱীয়ে নিজৰ সন্তান – লক্ষ্মী , সৰস্বতী, কাৰ্তিক, গণেশৰ সৈতে দহ দিনৰ বাবে নাও, হাতী অথবা ঘোঁৰাত উঠি কৈলাসৰ পৰা ধৰাত থকা নিজ পিতৃ গৃহলৈ যায়।দহদিনৰ ভিতৰত ৰাক্ষসক বধ কৰি তেওঁৰ ভক্তসকলক সুৰক্ষা প্ৰদান কৰি আৰ্শীবাদ দিয়ে।

পুৰণি আখ্যানমতে মহীষাসুৰক বধ কৰিবলৈ ব্ৰহ্মা, বিষ্ণু,মহেশ্বৰে দেৱী দূৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতে তিনিওজন দেৱে দেৱী দুৰ্গাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল। সেয়ে মহালয়াৰ দিনটোত দেৱী দুৰ্গাৰ মৃণ্ময় প্ৰতিমাত অন্তিম পৰস হিচাপে নেত্ৰ অঁকা হয়।

মহালয়া পশ্চিম বংগ,অসম আৰু ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত পালন কৰা হয়।মহালয়াত পুৱাতে উঠি দেৱী দূৰ্গাক উপাসনা কৰে আৰু ইচ্ছা পূৰণৰ লগতে শান্তি কামনা কৰে।মুঠৰ ওপৰত শৰৎকাল অহাৰ লগেই চৌদিশ মুখৰিত হৈ পৰে মাতৃ বন্দনাৰে।