মহালক্ষ্মী – নিতিষ্মান দাস

PC - News18

মহালক্ষ্মী

হে লক্ষ্মী মা তুৱা সৱাৰো ধন।

কৰহ মঙ্গল তুৱা সৱৰ মন।।

কিৰণময় বদন তযু মহালক্ষ্মী।

হৈলন্ত সুখময় তুৱাক পেখি ৷৷

দিলন্ত সৱক তুৱা ধন আনন্দ ।

তযু বদন যেন উজাৰ চান্দ।।

কাহে কৰোহো তেৰি ভকতি।

জ্ঞান ধনৰ যেন তুৱা মুৰুতি।।

তযু দশন বাবে বিকলে ভকত ।

ভকতে কৰহ ভজ তব চৰণত।।

বিষ্ণুৰ তুৱা বিষ্ণুপ্রিয়া দেৱী।

ঐশ্বৰ্যময় কৰহ তুৱা ইহ ধৰণী।।

তযু কৰত ধান কমল ধন।

নিহবো ধন তব সম ৰতন।।

ভকতসৱৰ তুৱা পৰম ৰতন।

আচন্ত তুৱা ৰাজীৱ লোচন।।

তুৱাক পেখি হৰমি মেৰি মন।

নিশাচৰ পেচক তুৱা বাহন।।

নাৰায়ণ চৰণে তুৱা কৰহ সেৱা।

মঞি অধমে কৰহ তব বন্দনা।

হে মহালক্ষ্মী জগত কৰহ মঙ্গলময়।

ধৰিত্ৰী মাতৃক তুৱা কৰহ ঐশ্বর্যময়।।

নিতিষ্মান দাস,অষ্টম শ্রেণী