মহাপুৰুষ শংকৰদেৱৰ জীৱনত খেৰসূতী আইতাকৰ ভূমিকা – জ্যোতিৰ্ময়ী শৰ্ম্মা

মহাপুৰুষ শংকৰদেৱৰ জীৱনত খেৰসূতী আইতাকৰ ভূমিকা

জ্যোতিৰ্ময়ী শৰ্ম্মা, গুৱাহাটী

খেৰসূতী বা খেৰশুতী আই শ্ৰীমন্ত শংকৰদেৱৰ পিতৃপক্ষৰ আইতাক আছিল। শংকৰদেৱৰ মাতৃ কম বয়সতে ঢুকোৱাত তেওঁক ডাঙৰ-দীঘল কৰাত খেৰশুতীৰ যথেষ্ট অৱদান আছিল৷খেৰশুতীৰ পিতৃৰ নাম আছিল ৰাম চৌধাৰী আৰু মাতৃৰ নাম আছিল জয়ন্তী৷ তথ্যমতে জয়ন্তীয়ে প্ৰসৱ কালত শোৱা পাটী এৰি খেৰৰ শয্যা কৰি শুই তাতে প্ৰসৱ কৰিছিল বাবে জন্ম পোৱা কন্যা সন্তানটিৰ নাম ৰাখিছিল খেৰশুতী বা (কোনো কোনোৰ মতে) খেৰসূতী৷ৰাজধৰৰ আন তিনিটি পুত্ৰ জয়ন্তা, মাধৱ আৰু হলায়ুধলৈ খেৰশুতীৰ তিনিগৰাকী ভগ্নীক বিয়া কৰোৱা হয়৷ অসমৰ বাৰভূঞা পৰিয়ালৰ “ৰাজধৰ’’ৰ পুত্ৰ আছিল সূৰ্যবৰ৷ নিঃসন্তান ৰাজধৰে সূৰ্যক আৰাধনা কৰি পুত্ৰলাভ কৰিছিল বাবে সেই পুত্ৰৰ নাম সূৰ্যবৰ ৰাখিছিল৷ যৌৱন কাল পোৱাত সূৰ্যবৰৰ খেৰশুতীৰ সৈতে বিয়া হয়৷ সূৰ্যবৰৰ সৈতে বিবাহ হোৱাৰ বহুদিন পাছলৈ খেৰশুতীৰো কোনো সন্তান নোহোৱাত অনেক দান-দক্ষিণা কৰাৰ অন্তত আহিন মাহৰ এদিন যোৱাত শুক্লা দশমীত শুক্ৰবাৰে কুসুম্বৰৰ জন্ম হয়৷ কুসুম্বৰ যৌৱনপ্ৰাপ্ত হোৱাত অনিৰুদ্ধ আৰু সৰ্বস্বতীৰ কন্যা সত্যসন্ধাৰ সৈতে বিবাহ হয়৷ বহুদিন সন্তান হীন হৈ থকা দেখি তেওঁ শান্তি অনুষ্যতি নামে আন এগৰাকী কন্যাও বিয়া কৰাইছিল যদিও শিৱক আৰাধনা কৰাৰ পাছত সত্যসন্ধা গৰ্ভৱতী হয় আৰু কাতি মাহৰ সংক্ৰান্তি, বৃহস্পতিবাৰে, পূৰ্ণিমা তিথিত শ্ৰৱণা নক্ষত্ৰত (১৩৭১ শকত) শংকৰদেৰ জন্ম হয়৷ কোনো কোনোৰ মতে শংকৰদেৱৰ জন্ম ১৪৪৯ চনৰ আহিন মাহৰ শুক্লা দশমীৰ দিনা হয় বুলি ধাৰণা কৰে।শংকৰদেৱৰ জন্ম আৰু জীৱন কাল সম্পর্কে বহুজনে বহু মত পোষণ কৰিছে । তেওঁৰ ল’ৰালিকাল সম্পর্কে যথেষ্ট অলৌকিক কাহিনী গুৰুজনাৰ জীৱন চৰিতত পােৱা যায়। অৱশ্যে এইবােৰৰ সত্যতা কিমান তাক ঠাৱৰ কৰিব পৰা নাই।শংকৰদেৱৰ জন্মৰ কিছুকাল পিছতে পিতৃ কুসুম্বৰৰ মৃত্যু হয় আৰু মাক সত্যসন্ধা স্বামীৰ সৈতে সতী হয়৷ কোনো কোনোৰ মতে শংকৰদেৱৰ জন্মৰ পোন্ধৰ দিন পিছত প্ৰসূতা ৰোগত তেওঁৰ মৃত্যু হয়৷ আইতাক খেৰসূতিৰ বাহিৰে তেওঁক চোৱা-চিতা কৰা কোনো মানুহ নায়। শংকৰদেৱে বাৰ বছৰ বয়সলৈ পঢ়া-শুনা নকৰি উমলি ফুৰা বাবে খেৰশুতীয়ে এদিন কিছু খং আৰু বুজনি দি গুৰু মহেন্দ্ৰ কন্দলিৰ টোলত পঢ়িবলৈ থৈ আহে। সেই সময়ত গুৰুৰ ঘৰত থাকিহে শিক্ষা লাভ কৰাৰ নিয়ম আছিল। অৱশ্যে ইয়াৰ আগলৈকে শংকৰদেৱে ৰং-ধেমালি, ধিতিঙালি কৰিয়েই সময়বােৰ কটাইছিল। তেওঁক যিহেতু বুঢ়ীমাক খেৰসুঁতিৰ বাহিৰে চোৱাচিতা কৰিবলৈ আন কোনােৱে নাছিল, গতিকে তেওঁ লগৰীয়াৰ লগত সুযােগ পালেই ঘূৰি ফুৰিছিল। ওচৰৰ হাবি-বননিত সােমাই ফল-মূল খাই ফুৰিছিল। নৈত সাঁতুৰিছিল। চিকাৰ কৰিছিল। ষাঁড় গৰুৰ লগত যুঁজ কৰিছিল। ভাদমহীয়া ভৰ বাৰিষা ব্ৰহ্মপুত্র নৈ সাঁতুৰি ইপাৰ-সিপাৰ হৈছিল। আলিপুখুৰী গাঁৱৰ ওচৰতে থকা জনজাতীয় গাঁওবােৰৰ লােকৰ পৰা চিফুং বাঁহী সুৰ লগাই বজাব শিকিছিল। এইদৰে গীত-মাত গাবলৈও শিকিছিল।যাহওক মহেন্দ্ৰ কন্দলিৰ টোলত শংকৰদেৱক নামভৰ্তি কৰি দিয়াৰ পিছৰে পৰা তেওঁৰ পূৰ্বৰ উদঙীয়া স্বভাৱ ক্রমান্বয়ে নাইকিয়া হ’বলৈ ধৰে। অৱশ্যে প্রথমতে শংকৰে মহেন্দ্ৰ কন্দলিৰ টোলতাে শিক্ষা ল’বলৈ আগ্রহ প্রকাশ কৰা নাছিল। গুৰুক প্রথম অৱস্থাত ফাকি দিছিল আৰু কেনেকৈ পঢ়াৰ পৰা ৰেহাই পাব পাৰে তাৰে চিন্তাত আছিল। আনকি গুৰুক ভেটি দি হলেও শংকৰে পঢ়াৰ পৰা আঁতৰি থাকিব বিচাৰিছিল। কিন্তু শংকৰৰ চলাহী কথাই আৰু ভেটি দিয়াৰ লােভে মহেন্দ্ৰ কন্দলিক মােহিত কৰিব নােৱাৰিলে। মহেন্দ্ৰ কন্দলি আছিল সাধু প্রকৃতিৰ লােক। এদিনাখন মহেন্দ্ৰ কন্দলিয়ে খেৰসুঁতিৰ ওচৰলৈ গৈ শংকৰদেৱৰ ফাঁকিৰ কথা কৈ আহিল। বুঢ়ীমাক খেৰসূতিয়ে এই কথা গম পােৱাত শংকৰক সাৱধান কৰি দিলে আৰু তেতিয়াৰ পৰা শংকৰে মনপুতি পঢ়া-শুনাত লাগিল। আৰু অতি কম দিনৰ ভিতৰতে তেওঁ আখৰখিনি শিকি পেলালে। বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই এই কবিতাটো ৰচনা কৰি সকলোকে অভিভূত কৰে।তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল।  প্রাপ্ত তথ্য মতে কবিতাটো হ’ল এনেধৰণৰ –

“কৰতল কমল, কমল দল নয়ন।
ভৱদহ দহন, গহন বন শয়ন।।
নপৰ নপৰ পৰ শতৰত গময়।
সভয় অভয় ভয় মমহৰ সত তয়।।
খৰতৰ বৰশৰ হতদশ বদন।
খগচৰ নগধৰ ফণধৰ শয়ন।।
জগদঘ মমহৰ ভৱভয় তৰণ।
পৰপদলয়কৰ কমলজ নয়ন।।”

ভগৱানৰ ৰূপ-গুণ বর্ণনা কৰি লিখা এই কবিতাটোক কোমল গীত বুলি জনা যায়।জানিব পৰামতে শংকৰে মহেন্দ্ৰ কন্দলিৰ টোলত প্রায় দহ বছৰ কাল পঢ়িছিল। এই সময়ছােৱাৰ ভিতৰতে শংকৰে তিনি বেদ, ওঠৰ পুৰাণ, চৈধ্য শাস্ত্র, সংহিতা, মহাভাৰত, ব্যাকৰণ, তন্ত্র কোষ, কাব্য আদি ভালদৰে পঢ়িব পৰা হৈছিল। সংস্কৃত ভাষাটো শংকৰে ভালদৰে আয়ত্ত কৰি লৈছিল। আনকি সংস্কৃত ভাষাৰ বেদ-উপনিষদ, গীতা আদি ধর্ম শাস্ত্ৰৰ অর্থ সহজে বুজি পাইছিল। শংকৰে মহেন্দ্ৰ কন্দলিৰ টোলত পঢ়ি থকা সংক্রান্তত আন এটি অলৌকিক কাহিনী পােৱা যায়। সেইমতে, মহেন্দ্ৰ কন্দলিৰ টোলত থাকোতেই এদিন শংকৰে ৰ’দৰ তাপত থাকিব নােৱাৰি গছ এজোপাৰ তলতে জিৰণি লৈ থাকোতে টোপনি গ’ল। গছৰ পাতৰ ফাকেৰে ৰ’দ আহি শংকৰৰ মুখখন ৰঙা কৰি পেলাইছিল। এনেতে ফেঁটী সাপ এটা আহি শংকৰদেৱক ছাঁ কৰি ধৰি থকা দেখি কন্দলি আচৰিত হ’ল। লগে লগে সাপটো গুচি গ’ল। তেতিয়া মহেন্দ্ৰ কন্দলিৰ বুজিবলৈ বাকী নাথাকিল যে শংকৰদেৱ সাধাৰণ মানুহ নহয়। তেওঁৰ ঐশ্বৰিক শক্তি আছে। সেইদিনাৰ পৰাই সকলােৱে ‘শংকৰক ‘শংকৰদেৱ’বুলি মাতিবলৈ ল’লে। মহেন্দ্ৰ কন্দলিয়েও তেওঁক শংকৰদেৱ বুলিয়েই মাতিবলৈ ল’লে। শংকৰদেৱৰ  নাম দহােটা  । তেওঁৰ নামকেইটা হ’ল— শংকৰদেৱ, মহাপুৰুষ, গঙ্গাধৰ, ডেকাগিৰী, অধিকাৰী, সন্ত, মহন্ত, আতা, গােমােস্তা আৰু জগন্নাথ। পিছে শংকৰ বুলিহে ল’ৰালিকালত সর্বজন বিদিত আছিল।গুৰুৰ ঘৰত থকা সময়ছােৱাত শংকৰদেৱে গুৰুকো বিভিন্ন কামত সহায় কৰি দিছিল। খেতিপথাৰৰ কামতাে শংকৰদেৱে গুৰুক সহায় কৰি দিছিল। আনকি খেতি পথাৰৰ পৰা হাতীৰ পাল খেদিবলৈও শংকৰদেৱ গৈছিল। চৰিত পুথিৰ পৰা জানিব পৰামতে গুৰুৰ গৃহতে তেওঁ নিজে ভাত ৰান্ধি খাইছিল। মাজে-সময়ে বনভােজ খাবলৈ যােৱা বুলিও জনা যায়। অর্থাৎ গুৰুৰ গৃহত থাকিয়েই শংকৰদেৱে স্বাৱলম্বীতাৰ শিক্ষাও লৈছিল।তাৰপিছতো শংকৰদেৱৰ লৰালিকালৰ পথ-প্ৰদৰ্শকৰূপে খেৰশুতী আইৰ ভূমিকা আছিল৷ তেওঁ সূৰ্য ভূঞাৰ কন্যা সূৰ্যৱতীক শংকৰদেৱলৈ খোজা-বঢ়া কৰি বিয়া কৰাই দিছিল৷ সূৰ্যৱতীৰ মৃত্যুৰ পাছত প্ৰথমবাৰ তীৰ্থ ভ্ৰমণলৈ গৈ উভতি অহালৈ আইতাক খেৰশুতী জীয়াই আছিল আৰু তীৰ্থভ্ৰমণৰ পৰা ৰাতি উভতি অহা শংকৰদেৱৰ মাত শুনি উজুতিত আঁঠুমূৰ ভাঙি “মোৰ বাপু’’ বুলি সাৱটি ধৰিছিলহি৷ তেওঁ শংকৰদেৱক পুনৰবিবাহ কৰোৱাৰ বাবে জোৰ দিছিল যদিও শংকৰদেৱে সেই কথা ৰখা নাছিল৷ ইয়াৰ কিছুবছৰ পাছতে আইতাক খেৰশুতীৰ মৃত্যু হয়৷ পিছত জয়ন্তা, মাধব আৰু পৰিয়ালৰ আন আন সদস্যৰ অনুৰোধত অনিচ্ছাস্বত্বেও বংশ ৰক্ষাৰ বাবে তেওঁৰ দুকুৰি চৈধ্য বছৰ বয়সত পুনৰ কালিন্দ্ৰী আইক বিবাহ কৰায়৷খেৰসূতীৰ আইৰ তত্ত্বাবধানতে শংকৰদেৱৰ জীৱনটো দিশহাৰা নহৈ ঠন ধৰি উঠিলে। আইতাকে উচিত সময়ত সঠিক চিন্তাৰে শুদ্ধ পথ দেখুৱাই মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দি পোৱা শিক্ষাৰে আৰু তেওঁৰ অপৰিসীম জ্ঞানেৰে সমষ্ট সৃষ্টিৰাজিৰে অসমীয়া জাতিৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ভেটি সুদৃঢ় কৰি থৈ গৈছে।