মহানগৰীৰ বিভিন্ন সমস্যাৰ বুজ ল’বলৈ নিশা গুৱাহাটীৰ বিভিন্ন স্থান পৰিভ্ৰমণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মহানগৰীৰ বিভিন্ন সমস্যাৰ বুজ ল’বলৈ নিশা গুৱাহাটীৰ বিভিন্ন স্থান পৰিভ্ৰমণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ বিভিন্ন সমস্যাৰ বুজ ল’বলৈ নিশা গুৱাহাটীৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰে। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল, মেয়ৰ মৃগেন শৰণীয়া আৰু পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাৰ লগতে আমোলা-বিষয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে। জনতা ভৱনৰ পৰা পোনে পোনে জি এছ ৰোডেৰে ছয়মাইল হৈ খানাপাৰা আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে লখৰা, বৰাগাঁও, গড়চুক হৈ জালুকবাৰীত উপস্থিত হয়। জালুকবাৰীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে মালিগাঁও, আদাবাৰী, ফাঁচীবজাৰ আৰু গুৱাহাটী ক্লাব হৈ চানমাৰি, বামুণীমৈদাম, নুনমাটিৰে ভি আই পি ৰোডেৰে ছয়মাইলত উপস্থিত হয়। ছয় মাইলৰ পৰা পুনৰ জি এছ ৰোডেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উলুবাৰী হৈ আৰ জি বৰুৱা ৰোডৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে। এই ভ্রমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীৰ বিভিন্ন পথৰ ষ্ট্ৰীট লাইটৰ লগতে অন্যান্য সমস্যাৰ বুজ লোৱাৰ উপৰি গুৱাহাটী মহানগৰীত চলি থকা উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মালিগাঁও উৰণ সেতুৰ নিৰ্মাণকাৰ্যৰ অগ্রগতি সম্পর্কে বুজ লোৱাৰ লগতে গুৱাহাটীত নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক বাছআস্থান, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰীৰ বিভিন্ন পথ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় দুঘণ্টা সময় ভ্ৰমণ কৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম-কাজৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কয়— ‘আজি মই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল আৰু মেয়ৰ মৃগেন শৰণীয়াক লৈ প্ৰায় দুঘণ্টা সময় গুৱাহাটীৰ মূল পথসমূহত ঘূৰিছোঁ আৰু কিছু ৰাস্তা ঘূৰিবলৈ বাকী আছে। গুৱাহাটী মহানগৰীৰ প্ৰায় ৩০ শতাংশ ষ্ট্রীট লাইট আজিও বিকল হৈ আছে। অৱশ্যে আজি মই আহিম বুলি কিছু লাইট জ্বলিছে। গুৱাহাটীৰ ষ্ট্ৰীট লাইটসমূহ কিদৰে জ্বলিব আৰু ইয়াক কিদৰে পৰিচালনা কৰা হ’ব সেইক্ষেত্ৰত জি এম চিৰ কোনো পৰিকল্পনা নাই। আজি মোৰ লগত পৌৰ আয়ুক্তৰ লগতে বহু বিভাগীয় বিষয়া উপস্থিত থাকে আৰু অহা দুই-তিনি মাহৰ ভিতৰত গুৱাহাটীৰ ষ্ট্ৰীটলাইটসমূহ ভাল অৱস্থালৈ ঘুৰি আহিব।’ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃত্রিম বান সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে এইবাৰ তুলনামূলকভাৱে বৰষুণৰ পৰিমাণ বেছি, নিয়মিতভাৱে কাম কৰি থাকিলে মানুহৰ কষ্ট লাঘৱ কৰিব পৰা যাব। নতুনকৈ নিৰ্বাচিত হোৱা পৌৰ নিগমৰ জনপ্ৰতিনিধিসকলে ভালকৈ কাম কৰিব বুলি মই আশাবাদী। আনহাতে, গুৱাহাটীত নির্মীয়মাণ উৰণ সেতুৰ নিৰ্মাণকাৰ্য সম্পৰ্কে কয় যে ২০২৩ চনৰ দুৰ্গাপূজাৰ আগত মালিগাঁৱৰ নিৰ্মীয়মাণ উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ হ’ব। আনহাতে, জুৰোডৰ নিৰ্মীয়মাণ উৰণ সেতুৰ কাম ২০২৪ চনৰ বিহুৰ পূৰ্বে জনগণৰ সেৱাৰ বাবে মুকলি কৰা হ’ব। তদুপৰি চেৰাবভাটীত নির্মীয়মাণ উৰণ সেতুখন চলিতবৰ্ষৰ দুৰ্গা পূজাৰ আগতে সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অহা দহ দিনৰ ভিতৰত গুৱাহাটীৰ উপপথসমূহ পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰে।