মহানগৰীৰ পামহীত ভাৰত আন্তৰ্জাতিক পুতলা উৎসৱ ২০২৪

মহানগৰীৰ পামহীত ভাৰত আন্তৰ্জাতিক পুতলা উৎসৱ ২০২৪

ৰঙিলী বাৰ্ত্তাসেৱা- বাংগালোৰৰ আন্তৰ্জাতিক কলা আৰু সাংস্কৃতিক সন্থাৰ দ্বাৰা আয়োজিত ভাৰত আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱ 2024-ৰ অসমত আজি সফল সমৰণি পৰে। স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় যুৱ দিৱসত গুৱাহাটীৰ পাৰিজাত একাডেমীত পুতলা নাচ প্ৰদৰ্শন কৰা হয় । আন্তৰ্জাতিক কলা আৰু সাংস্কৃতিক ফাউণ্ডেচনৰ সঞ্চালক শ্ৰীবৎস শাণ্ডিল্যৰ নেতৃত্বত এই মহোৎসৱখনিৰ সফল ৰূপায়ন হয়।পাৰিজাত একাডেমীত পুতলা নাচৰ মাজেৰে মুকাক পাপেট থিয়েটাৰৰ জৰিয়তে সীমান্ত শৰ্মাৰ পৰিচালনাত ‘তেজীমলা নাটক প্ৰদৰ্শন কৰা হয়। বিদ্যালয়ত অনুষ্ঠিত পুতলা নাচৰ অনুষ্ঠানত উপস্থিত থাকে আইএচিএফৰ সঞ্চালক প্ৰধান শ্ৰীবৎস শণ্ডিল্য।পুতলা শিল্পৰ মনোমোহা কলাৰ জৰিয়তে আজিৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীৰ প্ৰশিক্ষনৰত এটা দলে তেজমীলা নাটৰ উপৰিও বিষ্ণু প্ৰসাদ ৰাভাৰ কালজয়ী বহুকেইটা গীত পুতলা নাচৰ জৰিয়তে প্ৰদৰ্শন কৰে।পুতলা নাচ অনুষ্ঠান উপভোগ কৰি শিক্ষাৰ্থী সকল অভিভূত হৈ পৰে । এই উৎসৱৰ উদ্দেশ্য হৈছে উত্তৰ-পূবৰ পুতলা শিল্প পৰম্পৰাক পুনৰুজ্জীৱিত আৰু প্ৰদৰ্শন কৰা, যাক পুতলা শিল্পৰ মনোমোহা কলাৰ জৰিয়তে কাহিনী দেখুৱাব পাৰি।