মহানগৰীৰ জলবিষ্ফোৰণ চৰকাৰৰ দুৰ্নীতিৰ পৰিণতি- মনোজ ধানোৱাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ খাৰঘূলিত পুনৰ জলবিষ্ফোৰণক লৈ সৰৱ হৈছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে । আপৰ নেতাগৰাকীয়ে আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে জাইকাৰ পাইপ ফুটি বাৰে বাৰে সংঘটিত হোৱা জলবিষ্ফোৰণক চৰকাৰৰ দুৰ্নীতিৰ পৰিণতি বুলি অভিহিত কৰে। ধানোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোট চৰকাৰে গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগান দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি চৰকাৰক প্ৰশ্ন কৰে যে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা চৰকাৰে উন্নয়নমূলক আঁচনি ৰূপায়ন কৰাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে। ফলত গুৱাহাটীৰ পানী যোগান আঁচনি ৰূপায়নৰ ক্ষেত্ৰত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। এহাতে হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হৈছে, আনহাতে বহু নাগৰিকে খোৱা পানীৰ পৰা বঞ্চিত হৈছে। আমি আম আদমী পাৰ্টিয়ে বাৰে বাৰে এনে জলবিষ্ফোৰণ সংঘটিত হোৱাৰ কাৰণ উদ্ঘাটন কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছো। কিয়নো পূৰ্বে জাইকাৰ পাইপ ফুটি এগৰাকী মহিলাৰ মৃত্যু হৈছিল। এইবাৰ আকৌ তেনে বিভীষিকাৰ সৃষ্টি হৈছে। জাইকাৰ নিম্ন মানৰ কামৰ বিৰুদ্ধেও চৰকাৰক তদন্তৰ নিৰ্দেশ দিবলৈ আমি দাবী জনাইছোঁ। এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ।