মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ

মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ। চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। পলাবলৈ চেষ্টা কৰিছিল চোৰকেইটা। আৰক্ষীৰ গুলীত আহত হৈছে দুই গভাইত চোৰ। গুলীবিদ্ধ চোৰ দুটাৰ নাম মহিবুল হক আৰু অভিজিৎ ৰাভা। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে চোৰ দুটা। ভৰিত গুলী লাগিছে দুয়োটা চোৰৰে। অধিকাংশ চোৰে মহিবুলক বিক্ৰী কৰে চুৰি মোবাইল। দক্ষিণ শালমাৰাৰ আটক কৰিছিল চাৰিটা চোৰক। ম’বাইল ফোন চুৰিত জড়িত এই চক্ৰটো। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে পানীখাইতীত আৰু বিৰুবাৰীত আৰক্ষীৰ গুলীচালনাত আহত হয় দুই চোৰ। বিৰুবাৰীত আৰক্ষীৰ গুলীত আহত হয় মহিবুল হক। আনহাতে, পানীখাইতীত আৰক্ষীৰ গুলীত আহত হয় অভিজিৎ ৰাভা নামৰ চোৰটো।