মনৰ অনুভূতিৰ স্পন্দন
যমুনা দুলু বৈশ্য
শুৱালকুছি
সময়ৰ ৰৌদ্ৰস্নাতা দুপৰৰ
মেঘনামে মন বননিত ছাঁ হৈ
নামি আহে অনুভূতিৰ স্পন্দন ।
সেই ভাললগা শব্দৰ শইচত
একেটি সুৰত গুণ গুণাবলৈ
পোহৰ অহৰহ সাগৰৰ ঢৌ ।
খুন্দিয়াই ফুৰে নিতে জীৱনৰ
ভালপোৱাৰ অনুভৱৰ লহৰ
সাতোৰঙ চটিয়াই জীৱন চক্ৰ ।
চাকনৈয়াৰ বন্দীত্বৰ প্ৰেম ,আবেগ
মানৱতাৰ স’তে জন্মান্তৰ
আকাশ ধিয়াই বুকুতে বান্ধি লৈ ।
এদিন হেঁপাহবোৰ আশাৰ বাটে
বুকুৰ ধমনীত উশাহবোৰ
প্ৰশান্তিৰে লব বুকুতেই ঢালি ।