মন্ত্ৰী প্ৰশান্ত ফুকন মুৰ্দাবাদ ধ্বনি চাহ জনগোষ্ঠীয় লোকৰ::৭ দিন পিছতে বিজেপি মণ্ডল সভাপতি নাম কৰ্তন কৰি নতুন সভাপতি নিৰ্বাচন ফুকনৰ
এম্ হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত বিজেপিৰ মধ্যমণ্ডল সমিতিৰ সভাপতি প্ৰণৱ তাঁতীক সভাপতি হিচাপে নিযুক্তি দি এসপ্তাহ নৌহওঁতে পুনৰ ৰাজু বৰাইক সেই পদত নিযুক্তি দিয়াত ক্ষোভিত হৈ পৰিছে চাহ জনগোষ্ঠীৰ বিজেপিৰ কৰ্মীসকল।পদবী পুনৰ ঘূৰাই নিদিলে চাহ বাগানত মন্ত্ৰী ফুকনৰ প্ৰৱেশ নিষেধ কৰাৰ হুংকাৰ চাহ জনগোষ্ঠীয় নেতাৰ। মন্ত্ৰী প্ৰশান্ত ফুকনে নিজৰ খেয়াল খুচি মতে ১৭ ডিচেম্বৰত ৰাজ্যিক বিজেপিয়ে মধ্য মণ্ডলৰ সভাপতি হিচাপে প্ৰণৱ তাঁতীক নিযুক্তি দিছিল যদিও ৭ দিনতে তাঁতীক আঁতৰাই ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনৰ ঘনিষ্ঠ ৰাজু বৰাইক নামৰ ব্যক্তিজনক সভাপতিৰ দায়িত্ব দিয়া কাৰ্য্যক ডিব্ৰুগড়ৰ চাহ জনগোষ্ঠীৰ বিজেপিৰ কৰ্মীসকলে মানি ল’ব পৰা নাই। কৰ্মী সকলে ‘মন্ত্ৰী প্ৰশান্ত ফুকন মুৰ্দাবাদ’ ধ্বনিৰে মুখৰিত হৈ পৰে। বিজেপিৰ কৰ্মীসকলে কৰা অভিযোগ মতে এখন হোটেলত বহি টকাৰ লেনদেন হৈছিল আৰু সেয়েহে মন্ত্ৰীয়ে নিজৰ সুবিধাৰ বাবেই উঠা বহা কৰিব পৰা ব্যক্তিক সভাপতি পাতিলে। ইতিমধ্যে বিজেপিৰ চাহ জনগোষ্ঠীসকলৰ এটা দলে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাক সাক্ষাৎ কৰি সকলো কথা কৈছিল যদিওঁ তেঁওলোকে কথাটোত কোনোৱে গুৰুত্ব নিদিলে। ক্ষোভিত কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে সন্মান দি সম্মান নষ্ট কৰিলে আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব লাগিব। তাঁতীৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ নোপোৱাকৈ কি কাৰণত তেওঁক বঞ্চিত কৰি লাজ দিলে সেয়া পৰৱৰ্তী সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ক্ষোভিত বিজেপি কৰ্মীয়ে জানিবলৈ দিয়ে। চাহ জনগোষ্ঠীসকলক কেৱল ভোট বেংক হিচাপে ৰাখিছে, কেৱল ফ্লেগ, পষ্টাৰহে লগাবলৈ দিযাৰ পৰিৱৰ্তে ডাঙৰ কামৰ ঠিকাবোৰ কৰিবলৈ নিদিয়াৰ অভিযোগো তেঁওলোকে উত্থাপন কৰে। ইফালে প্ৰণৱ তাঁতীক যদি পুনৰ মণ্ডল সভাপতিৰ মৰ্যদ্যা ঘূৰাই নিদিয়ে তেন্তে বাগানত মন্ত্ৰী প্ৰশান্ত ফুকনৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি বিজেপিৰ কৰ্মীসকলে হুংকাৰ প্ৰদান কৰে।