মন্ত্ৰী জয়ন্তমল্লক অপসাৰিত কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

Pc Danewsplus.com

মন্ত্ৰী জয়ন্তমল্লক অপসাৰিত কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মঙলদৈত এটা ৰাজনৈতিক দলৰ শাখা বজৰং দলৰ একাংশ লোকে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া বিষয়টোত উদ্বেগ প্ৰকাশ কৰে আৰু এনে ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। সভাপতি বৰাই কয় যে বজৰংবলী নাম লৈ এটা ৰাজনৈতিক দলৰ সংগঠনে সশস্ত্ৰ প্ৰশিক্ষণৰ কাম আৰম্ভ কৰিছে আৰু এজন মন্ত্ৰীয়ে সুৰক্ষাৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন আছে বুলি যুক্তি আগবঢ়াইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন আগত কৈছিল যে পৰেশ বৰুৱা যদি চাৰিদিন আহি অসমত থাকে তেতিয়াহ’লে তেওঁৰ মনোভাৱ পৰিৱৰ্তন হ’ব। এতিয়া পৰিৱেশ, পৰিস্থিতি সলনি হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কৈছিল যে অসমত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৭৪ শতাংশ কমিছে। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ তথ্যমতে অসমত ২৬ শতাংশ সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত আছে। সৰ্বসাধাৰণৰ মৃত্যু অসমত ৮৯ শতাংশ হ্ৰাস পাইছে। অৰ্থাৎ এতিয়াও ১১ শতাংশ মানুহৰ মৃত্যু হৈয়েই আছে। আমাৰ অসম পুলিচৰ ওপৰত আস্থা আছে। অসমৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম চৰকাৰ সক্ষম বুলি আমাৰ ধাৰণা আছিল যদিও অসম মন্ত্ৰীসভাৰ মন্ত্ৰী এজনৰ ভাষ্য শুনি এনে লাগিল যে অসমৰ মঠ-মন্দিৰ তথা ধৰ্মীয় প্ৰতিষ্ঠানসমূহ সুৰক্ষাৰ বাবে নিজাববীয়া সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাইলৈ-পৰহিলৈ যদি অন্যান্য দল-সংগঠনসমূহেও বজৰং দলৰ নিচিনাকৈ অস্ত্ৰৰ প্ৰশিক্ষণ ল’বলৈ লয় তেতিয়াহ’লে অসমৰ আইন-শৃংখলাৰ পৰিৱেশলৈ ভাবুকি আহিব নে নাহে? অসমৰ মুখ্যমন্ত্ৰীক বিষয়টো এটা স্পষ্টীকৰণ বিচাৰিছো আৰু অসমৰ ধৰ্মীয় অনুষ্ঠান মন্দিৰ, নামঘৰ সুৰক্ষাৰ বাবে নিজাববীয়াকৈ প্ৰশিক্ষণ ল’বলগীয়া হয় তেন্তে অসম চৰকাৰৰ প্ৰতি আস্থা থাকিব নে নাথাকে? অসমৰ এজন মন্ত্ৰীয়ে ধৰ্মীয় অনুষ্ঠানৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আহি পৰিছে বুলি কোৱা কথাষাৰ চৰকাৰী ভাষ্য হয় নে নহয়? এই কথা অসমৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে জনাওক। অন্যথাই অসম আৰক্ষীৰ দক্ষতাৰ প্ৰতি পুনৰ প্ৰশ্ন উত্থাপন হ’ব। বৰাই লগতে সৰ্বসাধাৰণ ৰাইজকো বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি আইন-শৃংখলা পৰিস্থিতি অটুত ৰাখিবলৈ আহ্বান জনাইছে। ইফালে, একেটা বিষয়ৰ ওপৰত আজি বৈঠালাংছুত দলৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এক সংবাদমেল আয়োজন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম আৰক্ষীৰ প্ৰতি অনাস্থা অনা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে। অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই মন্ত্ৰী জয়ন্তমল্লৰ এই উচটনিমূলক কাৰ্যক গৰিহণা দিয়ে আৰু ঘটনাৰ লগত জড়িত বজৰং দলৰ নেতা-কৰ্মীসকলক গ্ৰেপ্তাৰৰ দাবী জনায়। গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই মঙলদৈৰ ঘটনাই অসম আৰক্ষীক লজ্জানত কৰাৰ লগতে এখন শিক্ষানুষ্ঠানত নীতি-বৰ্হিভূতভাৱে বজৰং দলে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া কাৰ্যক গৰিহণা দিয়ে। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এই উদ্বেগজনক ঘটনাক সাৰ-পানী যোগোৱাৰ বাবে মন্ত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে৷