মনক বান্ধিবা, নহ’লে পিছত কান্দিবা – চন্দ্ৰ শেখৰ পৰাজুলী

মনক বান্ধিবা, নহ’লে পিছত কান্দিবা

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আমাৰ মানুহৰ মনটোৰ বিষয়ে ভাগৱত গীতাৰ ‌বিশেষকৈ  ষষ্ঠ অধ্যায়ত বৰ গভীৰতাৰে আলোচনা কৰা হৈছে। যেতিয়া মহাভাৰতৰ ৰনভূমিত শ্ৰীকৃষ্ণয়ে অৰ্জুন তথা গোটেই মানৱ সমাজক কল্যাণৰ উদ্দেশ্যে গীতৰ জ্ঞান প্ৰদান কৰি আছিল তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল,‌ “হে কৃষ্ণ,মনটো দেখোন বৰ অস্থিৰ, ধুমুহাৰ দৰে বৰ‌ শক্তিশালী । মনটোক নিয়ন্ত্ৰণ কৰাটো এজাক প্ৰচণ্ড ধুমুহা নিয়ন্ত্ৰণ কৰাতকৈও টান কাম।” তেতিয়া শ্ৰীকৃষ্ণয়ে উত্তৰত কৈছিল যে,‌ “হয়, নিসন্দেহে মনটো নিয়ন্ত্ৰণলৈ অনাটো বৰ জটিল কাম যদিও, ঐকান্তিক চেষ্টা তথা নিষ্কাম জীৱন চৰ্চাৰ জৰিয়তে মনটোক নিয়ন্ত্ৰণলৈ আনিব পৰা যায়।” অৰ্থাৎ শ্ৰীকৃষ্ণয়ে কোৱাৰ তাৎপৰ্য এইয়াই যে, আমি বাৰে বাৰে প্ৰয়াসৰ ওপৰত প্ৰয়াস অব্যাহত ৰখাৰ উপৰিও সকলো কামৰ লগত জড়িত হৈও সকলোৰে পৰা নিজকে মুক্ত ৰাখিব পাৰিলে আমি আমাৰ মনক নিয়ন্ত্ৰণলৈ লৈ আহিব পাৰিম।এতিয়া কথা হ’ল অতীততে দেবতা সকলৰ সময়তে যদি মনক বান্ধি ৰাখিবলৈ বৰ কষ্টকৰ আছিল তেন্তে আজি আধুনিকতাৰ সময়ত ইমান জটিল ভৌতিকতাবাদ আৰু কৃত্ৰিম উপকৰণৰ মাজত আমাৰ মনক বান্ধি বা নিয়ন্ত্ৰণ কৰি ৰখাটো আমাৰ পক্ষে কিমান সম্ভবপৰ ? চাওঁক মই ইয়াতে যুগ,প্ৰাণায়ম,ধ্যান আদিৰ  কথা সাঙুৰি লোৱা নাই। ইয়াৰ বাহিৰেও সৰ্বসাধাৰণ মানুহে নিজৰ মনক নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষমনে ? বৰ্তমানে আমাৰ চৌদিশে দৃষ্টিগোচৰ কৰি এটা কথা স্পষ্ট ৰূপত ক’ব পাৰোঁ যে, আমাৰ লক্ষ্য লক্ষ্য মানুহৰ মাজত কেৱল এজন বা দুজনেহে নিজৰ মনক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে । আচলতে প্ৰায় সকলোবোৰ সুস্থ সবল মানুহ প্ৰথম অৱস্থাত নিজৰ পৰিবেশ আৰু পৰিস্থিতি অনুযায়ী নিজ নিয়ন্ত্ৰণতে থাকে । কিন্তু এই সকলোবোৰ সম্ভৱ হয় নিজৰ বাস্তৱিক অসুবিধা বোৰৰ কাৰণেহে । আৰু যেতিয়াই মানুহৰ নিজৰ অসুবিধা জনক স্থিতিৰ পৰা বাহিৰ হয় সেই তেতিয়াই প্ৰায়বোৰ মানুহৰ মন অস্থিৰ বা অধৈৰ্য হৈ পৰা পৰিলক্ষিত হয়। সেয়েহে বৰ্তমান সময়ত আমাৰ মনৰ মাজত অস্থিৰতাৰ জন্ম হোৱাৰ একমাত্ৰ কাৰণে হ’ল আমি কেৱল গোটেই জীৱন নিজক লৈয়ে ব্যস্থ থাকিব বিচাৰোঁ। কেৱল নিজৰ চিন্তাৰ মাজত বিলিন হৈ থাকিলে মনৰ  চঞ্চলতা আৰু অধিক বৃদ্ধি পোৱা দেখা যায়। পৰাপক্ষত আধুনিক জগতৰ সকলো উপকৰণ সমূহ উপভোগ কৰাৰ আমাৰ সকলো মানুহৰে মনতে এটি হেঁপাহ থাকে‌ নহয়নে ? কিন্তু ইয়াৰ লগে লগে  প্ৰয়োজন হ’লে নিজৰ ইচ্ছা সমূহ দমন কৰিবলৈ শিক্ষা আয়ত্ত কৰিব লাগে । সেইকাৰণে প্ৰথমতে উল্লেখ কৰিছোঁ “মনক বান্ধিবা, নহ’লে পিছত কান্দিবা।” কাৰণ জোখতকৈ অধিক পোৱাৰ ইচ্ছায়ে মানুহৰ মনৰ চঞ্চলতা বঢ়াই আৰু এই চঞ্চলতায়ে হ’ল মানুহৰ মন অস্থিৰতাৰ মূল কাৰণ। আমি লাহে লাহে ডাঙৰ হৈ যোৱাৰ লগে লগে আমাৰ মানসিক ইচ্ছাবোৰো বৃদ্ধি পাবলৈ ধৰে। সেয়েহে যিমান পাই আছোঁ তাতে মনক সন্তুষ্ট কৰি ৰাখিবলৈ পাৰিব লাগে। কিয়নো মৃত্যুয়ে কাকো খবৰ দি নাহে। আৰু আমাৰ মৃত্যুৰ লাগে লগে সংসাৰৰ মায়া,মোহ,লোভ,অহংকাৰ আদি ইয়াতে চাগে পতন হৈ যোৱাটো একেবাৰে নিশ্চিত নহয়নে?