শেষ হৈ অহা টুথপেষ্টো চেপি চেপি উলিয়াবলৈ চেষ্টা কৰিলো মই।উপাই নাই।মোৰ পিছত আৰু দুজনৰ দাতঁ মজিবলৈ আছেই।গতিকে কোনোবা সময়ত জোৰত হেচিঁছো,পকাই দিছো নাইবা কেঁচীৰ কাটিছো মুঠতে তিনিটা মানুহলৈ জোৰা কৈ পেষ্ট উলিয়ামেই।
মুখত ঘহিঁবলৈ অনা চানস্ক্ৰীমটো বা তেলকণ আলফুলে টিপা মাৰি উলিয়াওতেই কেইটোপালমান বেছিকৈ পৰিল হাতত।ইচ্ আচ্ কৰি বেছিহোৱা টোপাল পুনৰ বটলটোত ভৰাই থোৱাৰ অহৰহ প্ৰয়াস কৰিছো।
মই,মা আৰু ভন্টীয়ে এমাহ কি দুমাহ চলাবলৈ চেষ্টা কৰো তেল বা ক্ৰীমৰ এই একেটা বটলৰেই..
ভাগ্য ভাল যে মা মই আৰু ভন্টীৰ ভৰিৰ জোখতো অলপ সমান।একেলগে তিনিওজনী বাহিৰলৈ ওলাই যাওঁতে কেতিয়াবা আমাৰ অসুবিধাও হয় কাৰণ একেযোৰ চেন্দেলেই সলনা-সলনি আমি প্ৰায়েই পিন্ধো।
খোৱাৰ সময়তো একেই।ভাত খাই হোৱাৰ পিছতো, ভাল লগা দালিখন বা ভাজিৰ সোৱাদ মুখৰ পৰা নুগুচিল বুলিয়েই আমি আৰু এবাতি দালি বা ভাজি পৃথক কৈ খুজিবলৈ দহবাৰ ভাৱো,কিজানিবা মায়ে শুকানে খাব লগা হয় ভাত!
কʼৰবাত বিয়া এখন আছে বুলিলেও ভয়।খালী হাতেটো নাযাও কোনোদিন কিন্তু সেইবুলি সস্তীয়া কিবা এটাও দিলে নহʼব।কি দিম!পচন্দৰ বস্তুটো দিয়াৰ আগত দামটো চাই সাচঁতীয়া টকা কেইটা ভঙাৰ সময়তো মনটোত দেখোন প্ৰশ্ন উঠে দহবাৰ..।
দেউতাই নিজৰ প্ৰয়োজনীয় বস্তুকেইপদ বহুবাৰ পিছত ল’ম বুলি পেলাই থওঁতে থওঁতে আজিলৈকে লোৱাই নেদেখিলো।পূজায়ে-বিহুৱে আমালৈ বুলি নতুন কাপোৰ কানি অনাৰ বেলিকা মোনাখনত কাগজৰে মেৰিয়াই অনা দেখা পাওঁ দেউতাই স্ত্ৰী কৰি অনা তেওঁৰ পূৰণা কাপোৰসাজঁ।
কেতিয়াবা সৰু-সুৰা ইটো-সিটো লাগ বুলিয়েই আমি দেউতাক খাটনি কৰিবলৈ মনত খুউব বেজাৰ পাওঁ।
মাক বিচাৰো।দুই-এপইচা সাচিঁ ৰখা মানুহজনীয়ে আমাৰ প্ৰয়োজনবোৰ পুৰাৱতে পূৰাৱতে কিনা কিনা নহয় গৈ কাপোৰৰ দোকানত ওলোমাই থোৱা মাৰ চকুত লগা সেই পচন্দৰ কাপোৰযোৰ।
কʼৰবাত গ’লে ইটো আনিবি সিটো আনিবি বুলি আমি কোনোদিন ডিমাণ্ড নকৰো।দেউতা কʼৰবালৈ গ’লে উভটি নহা পৰ্যন্ত আমি আলিবাটতেই দৃষ্টি নিবদ্ধ ৰাখো।
সৰুৰে পৰা বৰ্তমানলৈ দেউতাৰ হাতৰ সেই দহটকীয়া ডেয়ৰী মিল্কটোৰ সোৱাদ আমাৰ বাবে সদায়েই অমৃতৰ সমান।
কিতাপ পত্ৰ লাগিব বুলি কʼলেই,’আজিয়েই কিনি আন্, কিমান টকা লাগিব লৈ যা’ বুলি ড্ৰয়াৰৰ পৰা জমা টকাটো ওলিয়াই নিৰ্ভয়ে কোৱা মানুহজনৰ মানীবেগটোৰ ওজন তেনেই নগন্য।
বহুতে কয়,’তোমালোকৰ নো কিহৰ অভাৱ?গাড়ী আছে,ফ্ৰিজ আছে বা ঘৰতো টাইলচ্ লগোৱা আছে যেতিয়া নিশ্চয়কৈ দেউতাৰ টকা বহুত আছে।’
….দেউতাই নিজৰ চকু কেইটা দেখুওৱাও দেখুৱাম বুলি এতিয়ালৈকে পৰি আছে।মাহেকত পোৱা সামান্য টকাকেইটাৰে এটা যৌথ পৰিয়াল চলাই আছে।আমি বিচনাত নিদ্ৰাত বাগৰি থকাৱস্থাত দেউতাই প্ৰচণ্ড বতাহ-বৰষুণ ফালি কামলৈ যায়। তেওঁ যথেষ্ঠ কষ্ট কৰি ধন ঘটিছে।
মোৰ হৃদয়খন কপেঁ।কেতিয়াবা নিজকে নিষ্কৰ্মা যেন লাগে।
পাকঘৰৰ পৰা পথাৰলৈ টাকুৰি ঘূৰাদি এপলক বিশ্ৰামৰ অৱকাশ নোপোৱা মায়ে ছাগলী-গৰু টানি থকা দেখিলে মনতোত এডাল বিয়াগোম বিষাদ সাপে মেৰিয়াই ধৰে মোক।
কোৱা মানুহবোৰে বাহিৰখন দেখিছে।ভিতৰলৈ চোৱাৰ প্ৰয়াস কৰা হ’লে গম পালে হেতেঁন অভাৱ কি।
যা হওঁক।
পেটে-ভাতে দুবেলা খাই আছো,গতিকে পৃথিৱীৰ সুখী মানুহ আমি।নথকাটো লৈ আক্ষেপ নাই কৰা কাৰণ,যি পাইছো আমি যথেষ্ঠয়েই পাইছো। আমাতকৈও অভাৱী আৰু বহু আছে।ধনী লোকৰ কথা বেলেগ।ধনৰে নহʼলেও হয়তোবা মনৰেও তেওঁ লোক অভাৱী হʼবও পাৰে।
কিছুলোকৰ আকৌ আকালো নাই,ভৰাঁলো নাই।
নাজানো কিমান টকাই মানুহক ‘ধনী’ৰ নাম দিয়ে বা কিমান টকাৰ অভাৱে নাম দিয়ে ‘দুখীয়া’।
মাথো,জানো যে ধনী-দুখীয়াৰ মাজতেই জন্ম হয়, ফচিঁ থাকে আমাৰ দৰে মধ্যবিত্ত শ্ৰেণীটো।
মাহিলী বজাৰৰ পৰা আৰম্ভ কৰি সৰু সুৰা সকলো কথাতেই আমাৰ জোলোঙাখনত সমামোজনৰ সিয়নী মৰা আমিবোৰ একো একোজন এনে মানুহ
যাৰ,সম্পদ থাকিলেও নুগুচে অভাৱ বা অভাৱ গুচাব পৰাকৈও নাথাকে সম্পদ।
Strange.. ️ নহয়নে!
……. এনেই জ্বলি থকা লাইটতো নুমুৱাই থৈ আহিলো।প্ৰয়োজনত গৰম মাৰিবলৈ একেটা ৰুমৰ মাত্ৰ এখন ফেন চলাই বহা মানুহ মই.. উদ্দেশ্য লাইটৰ বিল কমাব লাগে।
প্ৰয়োজনত মই বহু কৃপনালী কৰো।মায়ে গালি পাৰে।
মোৰ কৃপনালী কৰাত আফচোছ নাই কাৰণ মধ্যবিত্ত মই।
বিত্তৰ বাবেই বিত্ত সাচিঁবলৈ কৃপনালী কৰাৰো দৰকাৰ।
নহয়নে?
ববিতা বৰা