মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

Pc India Today

মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰীক  দুজন সম্পৰ্কীয় ককায়েকে দলবদ্ধ ধৰ্ষণ কৰে। আৰু নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত ছোৱালীজনীৰ মৃত্যু হয়। ছোৱালীজনীৰ সহায়ৰ বাবে অহা আইতাককো এজন অভিযুক্তই ধৰ্ষণ কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।ছোৱালীজনী দেউতাকৰ সৈতে মুম্বাইত বাস কৰিছিল যোৱা ১১ আগষ্টত জবলপুৰৰ খুড়াকৰ ঘৰলৈ আহিছিল। মৃত্যুৰ পিছত অভিযুক্তগৰাকীয়ে শ্মশানত পুতি থৈ যায় ছোৱালীজনীৰ মৃতদেহ। এই ঘটনা পোহৰলৈ অহাৰ পিছতে পিতৃৰ অনুৰোধত আৰক্ষীয়ে ছোৱালীজনীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীৰ জেৰাৰ সময়ত ডাঙৰ ভায়েকৰ সৈতে ছোৱালীজনীক ধৰ্ষণ কৰি আক্ৰমণ কৰা বুলি স্বীকাৰ কৰে সন্দেহযুক্ত জনে। অভিযুক্তই আৰু স্বীকাৰ কৰে যে মদ্যপান কৰি আইতাকক নিৰ্যাতন চলোৱাৰ কথা। অভিযুক্ত দুয়োজনকে কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে পিতৃয়ে।