মণিপুৰৰ ৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱত অসমৰ দলৰ ভূয়সী প্ৰশংসা

মণিপুৰৰ ৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱত অসমৰ দলৰ ভূয়সী প্ৰশংসা

ৰঙিলী বাৰ্ত্তাসেৱা-   মণিপুৰৰ ইম্ফলত ১৫-১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় ৰাষ্ট্রীয় মুকাভিনয় মহোৎসৱত অসমৰ অসম মাইম এণ্ড স্কীট থিয়েটাৰৰ ৯ জনীয়া দলে মুকাভিনয় প্ৰদৰ্শন কৰি মণিপুৰৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ আগশাৰীৰ মুকাভিনয় শিল্পীৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় । ৰাজস্থান, বিহাৰ,মিজোৰাম, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, মণিপুৰকে আদি কৰি অংশগ্ৰহণ কৰা মুকাভিনয় মহোৎসৱত অসম মাইম এণ্ড স্কীট থিয়েটাৰৰ তৰফৰ পৰা সংগীত নাটক অকাডেমি ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক কুলদ্বীপ পাটগিৰীৰ পৰিচালনাৰে সীতা হৰণ, চোৰ পুলিচ, চেলফি শীৰ্ষক মুকাভিনয় প্ৰদৰ্শন কৰে । ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বৰষা শৰ্মা, কঙ্কণ তালুকদাৰ, মনজিত কাকতি, ত্ৰিদীপ ৰয়, মৌচুমী দাস, ভাৰ্গৱী তালুকদাৰ, কৃষাণজ্যোতি বৰুৱা, জোনালী তালুকদাৰ আৰু কুলদ্বীপ পাটগিৰীয়ে অভিনয় কৰা মুকাভিনয়ে ভাৰতৰ মুকাভিনয় ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি কাঙলে মাইম থিয়েটাৰৰ পৰিচালক ড৹ সদানন্দ সিংএ বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানৰ উদ্বোধন কৰে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰ.কে. ৰঞ্জন সিং আৰু মণিপুৰৰ ৰাজ্যসভাৰ সদস্য ইনিংথো লেইচেম্বা চানাযাওবাই৷কাঙলে মাইম থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত কৰা উক্ত মুকাভিনয় মহোৎসৱৰ সাতদিনীয়া কৰ্মশালাত  মুকাভিনয়ৰ লগতে থাংটাৰ প্ৰশিক্ষণ প্ৰদান কৰে ।