মণিপুৰত উগ্ৰপন্থীৰ গুলীবৰ্ষণ

মণিপুৰত উগ্ৰপন্থীৰ গুলীবৰ্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা- লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাচতেই পুনৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয় মণিপুৰত ৷  মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হ’ল অসমৰ এজন জোৱান ৷ ৰাজ্যখনৰ নৰসেনা অঞ্চলত কুকি উগ্ৰপন্থীৰ আক্ৰমণত চি আৰ পি এফৰ দুজন জোৱান শ্বহীদ হয় ৷  পুৱতি নিশা  মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰসেনাস্থিত চিআৰপিএফৰ এটা চকীত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰে ৷ কুকি উগ্ৰপন্থীয়ে  চিআৰপিএফ  শিবিৰলৈ লক্ষ্য কৰি দুঘণ্টা ধৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে। এই আক্ৰমণৰ ফলত দুগৰাকী জোৱান নিহত হয় আৰু দুগৰাকী জোৱান আহত হয়। নিহত জোৱান দুজন উপ পৰিদৰ্শক নাছিৰুদ্দিন সৰকাৰ আৰু হেড কনিষ্টবল অৰূপ ছাইনী বুলি জানিব পৰা গৈছে । ইয়াৰে উপ-পৰিদৰ্শক নাছিৰ উদ্দিন সৰকাৰ আছিল বৰপেটাৰ ভেল্লাৰ বনবৰীয়া গাঁৱৰ ৷ আহত জোৱান দুজন হ’ল যাদব দাস আৰু আফতাব হুছেইন। চিআৰপিএফৰ ১২৮নং বেটেলিয়নত কৰ্মৰত নাছিৰুদ্দিন সৰকাৰ তথা বাহিনীৰ এটা দল মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নাৰানসেনা নামৰ অঞ্চলটোত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছিল। নিশা প্রায় ১২ বজাত কুকি উগ্ৰপন্থীৰ এটা দলে চিআৰপিএফৰ কেম্পটোত স্বয়ংক্রিয় আগ্নেয়াস্ত্র আৰু গ্রেনেডেৰে আক্ৰমণ কৰে। উগ্রপন্থীৰ ধাৰাসাৰ গুলীবর্ষণ আৰু গ্রেনেড আক্রমণ শেষ নিশা ২.১৫ বজালৈকে অব্যাহত থাকে। উগ্রপন্থীৰ দলটোৱে পাহাৰৰ শিখৰৰ পৰা ঘেৰি লৈ চিআৰপিএফৰ কেম্পটোত আক্রমণ কৰে। প্রথমে গ্রেনেডেৰে আক্ৰমণ কৰে আৰু এটা গ্রেনেড নাছিৰুদ্দিন সৰকাৰ আৰু নিহত বাহিনীটোৰ জোৱানজনৰ কাষতে বিস্ফোৰিত হয়। সেই আঘাততে দুয়োৰে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত মণিপুৰ আবক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, কুকি উগ্রপন্থীৰ দলটোৱে প্ৰায় দুঘণ্টা ধৰি চিআৰপিএফৰ কেম্পটোত ধাৰাসাৰ গুলীবর্ষণ কৰিছিল। লগতে পাহাৰৰ শিখৰৰ পৰা গ্রেনেড নিক্ষেপ কৰিছিল । গভীৰ নিশা উগ্রপন্থীয়ে চলোৱা আক্রমণটোৰ প্রত্যুত্তৰ দিয়াৰ সুযোগেই নাপালে চিআৰপিএফৰ দলটোৱে।