মঞ্জু বৌৰ সোঁৱৰণত
অঞ্জু শাণ্ডিল্য
২৭জুনৰ আগবেলাতে ভাইবোৱাৰী কবিতাই ফোনযোগে জনালে,”অঞ্জু বাইদেউ, মঞ্জুবৌৰ গাটো ভাল নহয়।সঞ্জীৱনী হস্পিতেলত আছে ।”খবৰটো শুনি বেয়া লাগিল ।গিৰীণদালৈ ফোন কৰি খবৰ ল’ম বুলি ভাবিছিলো;কিন্তু গম পালো আগদিনা মঞ্জুবৌৰ কাষত উজাগৰে আছিল বাবে শুই আছে ।পিছত খবৰ ল’ম বুলি ফোন কৰা নহ’ল।।আৰু ২৮জুনত মঞ্জুবৌৰ মৃত্যু ঘটিল।২৯জুনত ৰাতিপুৱাই অসমীয়া প্ৰতিদিনত প্ৰকাশ হোৱা মঞ্জুবৌৰ মৃত্যুমুখত পৰা বাতৰিটোৱে আমাক শোকাবিভূত কৰি তোলে।যোৰহাটৰপৰা ভাইটি মনোজেও দৈনিক জনমভূমিৰ প্ৰকাশ হোৱা মঞ্জুবৌৰ মৃত্যুৰ বাতৰিটো watch apত পঠিয়াই দিছিল ।প্ৰায়বোৰ দৈনিক কাকতত মঞ্জুবৌৰ মৃত্যুমুখত পৰা বাতৰি প্ৰকাশ হয় ।আমাৰ মন মঞ্জুবৌৰ লগত কটোৱা সময়বোৰৰ কথাৰে ভৰি পৰিছিল ।সুদূৰ ধুবুৰীৰপৰা আহি যোৰহাটৰ ঢেকীয়াখোৱাৰ পুনীয়াসত্ৰ(বৰ ভাগ)ৰ সত্ৰাধিকাৰ প্ৰয়াত দত্তদেৱ গোস্বামীৰ বৰনাতি গিৰীন্দ্ৰনাথ গোস্বামীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ যোৰহাটৰ বোৱাৰী হৈ পৰে ।অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী আৰু উজনি অসমৰ যোৰহাট দুয়োখন ঠাইৰে লোকাচাৰ, কৃষ্টি-সঙকৃষ্টি সম্পূৰ্ণৰূপে পৃথক ।তথাপিও মঞ্জুবৌয়ে যোৰহাটৰ ঘৰখনৰ নীতি-নিয়ম,পৰম্পৰা,সঙ্স্কাৰ মানি চলিছিল।পূজা -পাতল কৰা ঘৰ এখনৰ জীয়ৰী হৈও মহাপুৰুষীয়া সত্ৰৰ বোৱাৰীৰূপে সত্ৰীয়া ধৰ্ম -সংস্কৃতিত লীন গৈছিল।ভাদমহীয়া চাৰি প্ৰসঙ্গীয়া যি নাম -কীৰ্তন সত্ৰত চলিছিল তাতো সক্ৰিয় সহযোগিতা আগবঢ়াইছিল ।এটা বৃহৎ যৌথ পৰিয়ালৰ বৌৰবোৱাৰী হৈ শহুৰ-শাহু,খুৰাশহুৰ-খুৰীশাহু,পাঁচজন দেওৰ,ছগৰাকী নন্দেকক শ্ৰদ্ধা-মৰমেৰে আকোঁৱালি লৈছিল।আত্মীয় -সজ্জন,বঙ্শ-পৰিয়ালৰ বাবে মঞ্জুবৌ আদৰৰ হৈ পৰে ।ধুবুৰী হাইস্কুলৰ শিক্ষয়িত্ৰী হৈ বেছিভাগ সময় ধুবুৰীতে কটাবলগা হৈছিল যদিও বিহুত স্কুল বন্ধ দিনত যোৰহাটত থাকিছিল ।যোৰহাট বিটি কলেজত পঢ়িবলৈ লৈও ঘৰখনৰ প্ৰতি দায়িত্ব পাহৰি যোৱা নাছিল ।তাৰ মাজতো জন্মভূমি অসমৰ বাবে আন্দোলনৰ(অসম আন্দোলন) কাৰ্য্যসূচীত সক্ৰিয় অঙ্শগ্ৰহণ কৰিছিল ।নকৰিবনো কিয়,আন্দোলনৰ,দেশ প্ৰেমৰ বীজ যে তেজতেই আছে ।মঞ্জুবৌৰ দেউতাকৰ স্বাধীনতা সঙ্গ্ৰামত আগবঢ়োৱা অৱদানৰ কথা সকলোৱে জানে।ধুবুৰীৰ প্ৰভাত মান গোবিন্দ চক্ৰৱৰ্তী বুলিলে চিনি নোপোৱা মানুহ নাই ।তাৰোপৰি ককাশহুৰ দত্তদেৱ গোস্বামীৰ স্বাধীনতা সঙ্গ্ৰামৰ কথাও জানিবলৈ পাইছিল ।ধুবুৰী সেই সময়ত (অসম আন্দোলনৰ সময়ত) অতি স্পৰ্শকাতৰ অঞ্চলত পৰিণত হৈছিল ।তথাপিও আন্দোলনত নামি পৰিছিল ।আমৰ ঘৰখনৰ লগত মঞ্জুবৌৰ অন্তৰঙ্গ সম্পৰ্ক আছিল ।মঞ্জুবৌৰ শহুৰেক প্ৰয়াত ৰাধিকানাথ গোস্বামীয়ে আমাৰ পেহীক বিয়া কৰাইছিল।সেইসূত্ৰে আমাৰ ঘৰলৈ সঘনাই আহ-যাহ কৰিছিল ।আমি নৱম-দশম শ্ৰেণীত পেহীৰ ঘৰত থাকি কাকজান হাইস্কুলত পঢ়িছিলোঁ ।তেতিয়াও মঞ্জুবৌক কেইবাবাৰো লগ পাইছিলো।আমাৰ ডাঙৰ দাদা দিলীপ কুমাৰ গোস্বামীৰ বিয়াত দুই -তিনিদিন আহি দিহা-পৰামৰ্শ দি সহায় কৰিছিল ।আমাৰ বিয়াত আহিবপৰা নাছিল যদিও গিৰীণদাৰ হাতত উপহাৰস্বৰূপে সুনদৰ গৰম শ্বাল এখন দি পঠিয়াইছিল।শ্বালখনে সদায়েই মঞ্জুবৌৰ কথা সোৱৰাই থাকিব ।মাথো সেইয়াই নহয়,দত্তদেৱ গোস্বামীৰ বৰপেৰা,খৰম আদি মঞ্জুবৌৰ প্ৰচেষ্টাত ৰঙৰক্ষিত হৈ আছে ।সেইবোৰেও মঞ্জুবৌৰ কথা সকলোকে মনত পেলাই থাকিব ।মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ধুবুৰী, যোৰহাট, গুৱাহাটীৰ বিভিন্ন ঠাইৰ মানুহ শোকত ভাগি পৰে ।গুৱাহাটীৰ অসম প্ৰাদেশিক মহিলা সমিতিৰ কাৰ্যালয় চৌহদত শোকসভা অনুষ্ঠিত কৰি মঞ্জুবৌৰ মহিলা সমিতিলৈ আগবঢ়োৱা অৱদানৰ কথা সকলোৱে স্মৰণ কৰে আৰু যোৰহাটৰ শোকসন্তপ্ত পৰিয়ালৰ বাবে সমবেদনা জনায়।
মঞ্জুবৌ অসম প্ৰাদেশিক মহিলা সমিতিৰ আজীৱন সদস্য, ধুবুৰী জিলা মহিলা সমিতিৰ প্ৰাক্তন সম্পাদক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ।আমি এতিয়াও ফোন কৰি গিৰীণদাক সমবেদনা জনাব পৰা নাই ।ইমান বছৰে যুগ্মজীৱন কটোৱা মানুহজনক সান্ত্বনা দিবলৈ ভাষাই বিচাৰি পোৱা নাই ।এই লেখাৰ দ্বাৰা গিৰীণদা ,ৰণ,চুমী,পিঙকী আৰু পৰিয়ালৰ সকলোকে সমবেদনা জনাইছো ।আজিৰ আদ্য শ্ৰাদ্ধত ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো মঞ্জুবৌৰ আত্মাই চিৰশান্তি লাভ কৰক।