মছজিদৰ জৰীপত ৰণক্ষেত্ৰত পৰিণত উত্তৰ প্ৰদেশৰ সম্ভল

মছজিদৰ জৰীপত ৰণক্ষেত্ৰত পৰিণত উত্তৰ প্ৰদেশৰ সম্ভল

ৰঙিলী বাৰ্ত্তাসেৱা– উত্তৰ প্ৰদেশৰ সম্ভল এলেকাত দেওবাৰে সংঘটিত হোৱা ৰক্তাক্ত সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু হয়। জামা মছজিদৰ জৰীপৰ কামৰ সময়ত সংঘটিত হয় এই ঘটনা। বহুকেইজন আৰক্ষী জোৱানো আহত হয়। ঘটনাৰ পিছতে স্তব্ধ হৈ পৰে অঞ্চলটো। বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। স্কুলবোৰো বন্ধ ৰখা হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ১৯ নৱেম্বৰৰ পৰাই সম্ভলত উত্তেজনা অব্যাহত আছিল।জামা মছজিদৰ স্থানত হৰিহৰ মন্দিৰ থকাৰ দাবীৰে কৰা এক আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে প্ৰথমবাৰৰ বাবে জামা মছজিদৰ জৰীপৰ নিৰ্দেশ দিছিল। লগে লগে মছজিদৰ জৰীপৰ বিৰোধীতা কৰি একাংশ স্থানীয় লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।  এই প্ৰতিবাদৰ সময়তে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল প্ৰতিবাদকাৰী। উক্ত ঘটনাত ২৮জন লোক আঘাতপ্ৰাপ্ত হয়। এনে পৰিস্থিতিৰ ফলত জিলাখনত কঠোৰ হৈ পৰিছে সম্ভল প্ৰশাসন। সম্ভলত ৩০ নৱেম্বৰলৈকে বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে।দেওবাৰে জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেনচিয়াই কয় যে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশ উলংঘন কৰিলে বিএনএছৰ ধাৰা ২২৩ ৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব।