মঙ্গলদৈত অসম সাহিত্য সভাৰ সাংগঠনিক সভা সম্পন্ন

মঙ্গলদৈত অসম সাহিত্য সভাৰ সাংগঠনিক সভা সম্পন্ন

মঙলদৈ , ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়া ভাবে ৰাজ্য চৰকাৰে বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান বিষয়ত শিক্ষা ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই লৈ সমগ্ৰ ৰাজ্যতে যি বিতৰ্ক চলি আছে সেইক্ষেত্ৰত অসম সাহিত্য সভাই পুনৰবাৰ স্হিতি স্পষ্ট কৰিছে । মঙলদৈস্হিত আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত সাহিত্য সভা প্ৰকল্প, দৰং ত ২৫ জুনত অনুষ্ঠিত অসম সাহিত্য সভাৰ এখনি সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই কয় যে ভাষাৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব । ভাষা এটা জীয়াই থাকে ভাষাটো কোৱা আৰু চৰ্চা কৰাৰ ওপৰত ।সেয়েহে আমি প্ৰতিজন অসমীয়াই ভাষা জীয়াই ৰখাৰ কাৰণে কাম কৰিব লাগিব । অসম সাহিত্য সভাই চাৰি ভাষা নীতি মানি আহিছে। ৰাজ্য খনৰ সকলো জাতি জনগোষ্ঠীৰ নিজা ভাষা কৃষ্টি সুৰক্ষিত কৰি আমি আগুৱাই যাব বিছাৰিছো । সেয়া হৈছে মাতৃ ভাষা, ৰাজ্য ভাষা , ইংৰাজী আৰু হিন্দীত শিক্ষা গ্ৰহণ কৰিলে আপত্তি কৰিব লগীয়া নাই বুলি কয় । তেওঁ কয় যে অসম সাহিত্য সভাই মাতৃ ভাষাক মাতৃ জ্ঞান কৰি আহিছে।’ আমাৰ পিতৃ মাতৃ সকলে সন্তানক ঘৰতে মাতৃ ভাষাটো শুদ্ধকৈ ক’ব আৰু লিখিব পৰাকৈ শিকোৱা প্ৰয়োজন । অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাটো অন্তৰ্ভুক্ত কৰিছিল যদিও আমাৰেই অসমীয়া অভিভাৱকে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দি সেয়া বাতিল কৰিলে । সেয়া চৰকাৰে বা কোনো সাহিত্য সভাই কৰা নাই । গতিকে আমি অসমীয়া সকল সচেতন হ’ব লাগিব। আনহাতে শেহতীয়া ভাবে দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে অসম সাহিত্য সভাই সেয়া আদৰণি জনাইছে। প্ৰধান সম্পাদক জনে উল্লেখ কৰে যে সমষ্টি পুনৰ নিদ্ধাৰণে খিলঞ্জীয়াক উপকৃত কৰিব। এই খচৰাৰ জৰিয়তে ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীৰ অস্তিত্ব সুৰক্ষিত হ’ব । এতিয়া আৰু বহিৰাগত লোকে ইচ্ছা কৰিলেই পূৰ্বৰ দৰে নিৰ্বাচন খেলা সহজসাধ্য নহ’ব বুলি তেওঁ প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ উপ সভাপতি ডাঃ গিৰীশ সন্দিকৈয়ে সভাপতিত্ব কৰা সভাখনত অসম সাহিত্য সভাৰ ৰামধেনু উপ-সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, দৰং , ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে । সভাত মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকাই সভাৰ আজীৱন সদস্য সকলকো মূল অধিবেশনলৈ পত্ৰযোগে আমন্ত্ৰণ জনাব লাগে বুলি কয় । অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামীয়ে আঁত ধৰা সভাত দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ , সম্পাদক বসন্ত শইকীয়া , সহকাৰী সম্পাদক প্ৰবীণ বৰুৱা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক অপূৰ্ব বৰা , ওদালগুৰি জিলাৰ সভাপতি গৌৰীশংকৰ দাস আৰু সম্পাদক নিৰ্মল চন্দ্ৰ নাথে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় । পিছত সাহিত্য সভাৰ নেতৃবৃন্দই এক সংবাদ মেল সম্বোধন কৰি সাহিত্য সভাৰ বিষয় সমূহ স্পষ্ট কৰে । সভাৰ আৰম্ভণিতে জিলা সাহিত্য সভাৰ কৰ্মকৰ্তা সকলে অসম সাহিত্য সভাৰ বিষয়-ববীয়া সকলক আদৰণি জনায়।