মঙলদৈত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, দৰঙৰ তিনিদিনীয়া অসমী ভোগালী মেলা আৰম্ভ

মঙলদৈত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, দৰঙৰ তিনিদিনীয়া অসমী ভোগালী মেলা আৰম্ভ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ “জিলা প্ৰকল্প পৰিচালনা শাখা, দৰং”ৰ উদ্যোগত মঙলদৈ গান্ধী ময়দানত অসমী ভোগালী মেলাৰ কালি শুভাৰম্ভ হ‌য়। ১০ ,১১ আৰু ১২ জানুৱাৰী,২০২৪ এই তিনিদিনীয়া কাৰ্যসূচীৰ অসমী ভোগালী মেলা উদ্বোধন কৰে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসে । উদ্বোধনী অনুষ্ঠানত বিষয়া গৰাকীয়ে অসমী ভোগালী মেলাই ভোগালী বিহুৰ আনন্দ কঢ়িয়াই অনাৰ লগতে গ্ৰাম্য মহিলা সকলৰ উপাৰ্জন বৃদ্ধিত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে।জিলা খনৰ বিভিন্ন প্ৰান্তৰ গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত গ্ৰাম্য সংগঠন তথা আত্ম সহায়ক গোটৰ সদস্যা সকলে অংশগ্ৰহণ কৰা ভোগালী মেলাৰ বিপনী সমূহত সমাগত ভোগালী বিহু আয়োজনৰ সমলৰ লগতে খাদ্য সম্ভাৰ, থলুৱা হস্তশিল্প, বস্ত্ৰ ও অন্যান্য সা-সামগ্ৰী আদি প্ৰদৰ্শিত হৈছে। অনুষ্ঠানত দৰং জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া নেকিবুৰ জামান, গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰং সঞ্চালক বিজয় শৰ্মা,জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন, গ্ৰামীণ জীৱিকা অভিযান দৰঙৰ জিলা প্ৰকল্প প্ৰৱন্ধক দীপক সুত্ৰধৰ , জিলা প্ৰকল্প পৰিচালনা শাখা আৰু খণ্ড প্ৰকল্প পৰিচালনা শাখাৰ বিষয়া-কৰ্মচাৰী সহ জীৱিকা অভিযান ,দৰঙৰ কমিউনিটি কেডাৰ সকল উপস্থিত থাকে । জিলা কাৰ্যকৰী বিশেষজ্ঞ( বিত্তীয় অন্তৰ্ভুক্তি) জ্যোতিৰেখা বেজবৰুৱাই উক্ত অসমী ভোগালী মেলাত ৩০ টা বিপণী উপলব্ধ হোৱাৰ লগতে প্ৰতিদিনে আবেলি সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা আৰু ১২ জানুৱাৰীৰ আবেলি বিশেষ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় সংগীত শিল্পী তাৰা শংকৰ শইকীয়াই গীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়ে।‌অনুষ্ঠানৰ পূৰ্বে অভ্যাগত সকলক আদৰণি জনোৱা হয়। ভোগালী মেলাৰ আটাইকেইদিনত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যোক্তা সকলে কামনা কৰিছে।