মঙলদৈত অনুষ্ঠিত বিশ্ব সংস্কৃত সন্মিলনত অংশগ্ৰহণ অসমৰ ৰাজ্যপালৰ

মঙলদৈত অনুষ্ঠিত বিশ্ব সংস্কৃত সন্মিলনত অংশগ্ৰহণ অসমৰ ৰাজ্যপালৰ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলদৈস্থিত সনাতন ধৰ্ম সভা প্ৰাংগনত কালি অনুষ্ঠিত বিশ্ব সংস্কৃত সন্মিলনত অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই। লোকভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত তিনিদিনীয়া সন্মিলনৰ মুকলি সভাত ৰাজ্যপাল কাটাৰিয়াই কয়, “সংস্কৃত হৈছে আটাইতকৈ প্ৰাচীন ভাষা যিয়ে আমাৰ জাতিৰ সংস্কৃতি, ঐতিহ্য, জ্ঞানৰ গৌৰৱময় পৰম্পৰাৰ লগতে বিজ্ঞান, দৰ্শন আৰু শিল্পক প্ৰতিনিধিত্ব কৰে। সংস্কৃত আমাৰ সংস্কৃতিৰ প্ৰতীক। চহকী সাহিত্য আৰু ব্যাকৰণৰ বাবে সংস্কৃত অধ্যয়ন, গৱেষণা আৰু বৈজ্ঞানিক জ্ঞানৰ এক অমূল্য উৎস। গতিকে প্ৰতিটো স্তৰতে ভাষাটো সংৰক্ষণ আৰু প্ৰচাৰ কৰা উচিত।” তেওঁ কয় যে প্ৰাচীন ভাৰতত কাশী, তক্ষশিলা আৰু কাঞ্চিৰ দৰে ঠাই সংস্কৃত শিক্ষাৰ উত্তম কেন্দ্ৰ হিচাপে বিদ্যমান আছিল আৰু প্ৰায় একে সময়তে পাণিনিয়ে তক্ষশীলাত ব্যাকৰণৰ সৃষ্টি কৰিছিল, কৌটিল্যই অৰ্থনীতি আৰু নৈতিকতাৰ জৰিয়তে ৰাষ্ট্ৰ আৰু সামাজিক ব্যৱস্থাৰ সৈতে জড়িত ধ্ৰুপদী গ্ৰন্থৰ প্ৰস্তাৱ দিছিল আৰু আয়ুৰ্বেদ বিশেষজ্ঞ মহৰ্ষি চৰকে ভাৰতীয় পৰম্পৰাগত ঔষধী ব্যৱস্থা আয়ুৰ্বেদৰ অন্যতম চিকিৎসা বিজ্ঞানৰ গ্ৰন্থ চৰক সংহিতা ৰচনা কৰিছিল। বহুতো বিশিষ্ট পশ্চিমীয়া পণ্ডিতে লক্ষ্য কৰিছিল যে প্লেটো আৰু প্লটিনাছৰ দৰে চিন্তাবিদসকলৰ লেখাৰ শৈলীত পূৰ্বে ৰচিত সংস্কৃত উপনিষদৰ শৈলীৰ সৈতে মিল আছে। ইয়াক বিশ্ব পৰ্যায়ত সংস্কৃতৰ প্ৰভাৱ আৰু অৱদান বুলি ক’ব পাৰি বুলিও ৰাজ্যপালগৰাকীয়ে লগতে কয়। বিশ্ব সংস্কৃত সন্মিলনে শৈক্ষিক আৰু সাংগঠনিকভাৱে সংস্কৃতক সম্প্ৰসাৰণ কৰিব বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে সন্মিলনৰ বিভিন্ন অধিবেশনত অনুষ্ঠিত হোৱা আলোচনাৰ জৰিয়তে সংস্কৃত ভাষাৰ উন্নতি সাধন হ’ব বুলি আশা প্ৰকাশ কৰে। আনহাতে, ১৯৮৩ চনত ওড়িশাৰ পুৰীৰ মহাপ্ৰভু শ্ৰী জগন্নাথৰ ঐশ্বৰিক বাসস্থানত স্থাপিত লোকভাষা প্ৰচাৰ সমিতিয়ে সংস্কৃত ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত নিষ্ঠাবানভাৱে কাম কৰাৰ প্ৰচেষ্টাক ৰাজ্যপালগৰাকীয়ে প্ৰশংসা কৰে। বিএপিএছৰ স্বামী নাৰায়ণ সংস্থা গুজৰাটৰ সংস্কৃত পণ্ডিত পূজ্য ভদ্ৰেশদাস স্বামী, সন্মিলনৰ সভাপতি ড° সদানন্দ দীক্ষিত, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰহ্লাদ আৰ যোশী, কাঠমাণ্ডুৰ নেপাল সংস্কৃত বিশ্ববিদ্যালয়ৰ অধ্যাপক কাশীনাথ নেওপানেৰ লগতে আন সংস্কৃত পণ্ডিতসকলো এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰোপৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, জিলা উন্নয়ন আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে ,অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজোতি দাস, জিলা খনৰ কেবাজনো বিশিষ্ট ব্যক্তি, সংবাদ কৰ্মী আদি কৰি বহু সংখ্যক সংস্কৃত অনুৰাগী ব্যক্তি সন্মিলনত উপস্হিত থাকে। অনুষ্ঠানত উদ্যোক্তা সকলে মানপত্ৰ আৰু শৰাইৰে ৰাজ্যপাল গৰাকীক উষ্ম আদৰণি জনাই।