অনলাইন বাৰ্ত্তাসেৱা- দেশখনৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে তালিবানৰ সন্মুখত আঁঠু কাঢ়িবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে। তেওঁ নিজকে দেশখনৰ তত্বাৱধায়ক ৰাষ্ট্ৰপতি বুলি ঘোষণা কৰিছে। টুইটাৰৰ জৰিয়তে আফগানিস্তানৰ এই নেতাগৰাকীয়ে স্পষ্টকৈ কৈছে, আফগানিস্তানৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিৰ অনুপস্থিতি, প্ৰস্থান, পদত্যাগ বা মৃত্যুৰ ক্ষেত্ৰত প্ৰথম উপ-ৰাষ্ট্ৰপতি কাৰ্যকৰী ৰাষ্ট্ৰপতি হয়। মই বৰ্তমান মোৰ দেশত আছো আৰু এজন বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি। মই সকলো নেতাৰ সমৰ্থন আৰু সহমতৰ বাবে তেওঁলোকৰ কাষ চাপিছো। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে আফগানিস্তানত বিতৰ্ক কৰাটো অৰ্থহীন। আমি আফগানসকলে প্ৰমাণ কৰিব লাগিব যে আফগানিস্তান ভিয়েটনাম নহয় আৰু তালিবানো ভিয়েটনামৰ চাৰিওফালে কোনো ঠাইৰ পৰা অহা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰ, নাটোৰ বিপৰীতে আমি সাহস হেৰুৱানাই আৰু আমি আমাৰ সন্মুখত অপৰিসীম সম্ভাৱনা দেখিছো। অপ্ৰয়োজনীয় বিৰোধিতা শেষ হৈছে। প্ৰতিৰোধত যোগদান কৰক। by utpal kalita
মই বৰ্তমান মোৰ দেশত আছো আৰু এজন বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি – উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহ
