মই নোৱাৰিম- বৰ্ণালী চৌধুৰী

pc- WallpaperAccess

মই নোৱাৰিম

আপুনি ভাল লগাকৈ কথা কব,

আপোনাৰ ময়েই আপোন বুলি

মিছাতে নিজকে জাহিৰ কৰিব,

সকলো কথাতে হয় হয় বুলি

মই নোৱাৰিম কব৷

একো নোকোৱাকৈয়ে হয়তো

আপোনাৰ বিপদত মই পাৰিম

সঁহাৰি দিব।

আপুনি বিছাৰিলে সুবিশাল

নদী, সুউচ্চ আকাশ হয়তো

পাৰিম দেখুৱাব।

দুখীয়াৰ দূৰ্দশা, সৰ্বহাৰাৰ জীৱন

হয়তো পাৰিম বৰ্ণাব।

তথাপি আপুনি ভাল পোৱা ধৰণে

হয়তো নোৱাৰিম কব৷

– বৰ্ণালী চৌধুৰী