মই তোমাক ভালপাওঁ – নাচিমা য়াচমিন

মই তোমাক ভালপাওঁ

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

মই তোমাক ভালপাওঁ,
যেতিয়া প্ৰভাতৰ সেউজীয়া শিহৰণত
তোমাৰ চিন্তা মোৰ বুকুৰ গভীৰতম কোণত উদয় হয়,
বতাহে গোপনে তোমাৰ নাম কঢ়িয়াই আনে।
মই তোমাক ভালপাওঁ,
যেতিয়া নিশাৰ কালমেঘে আকাশ ঢাকে,
আৰু মোৰ বুজ নোপোৱা সপোনবোৰত
তোমাৰ মৰমৰ ছাহে আহি আঁকোৱালি ধৰে।
মই তোমাক ভালপাওঁ,
নিশব্দ সময়ৰ গভীৰ অতলত,
যেতিয়া অচিনাকি উদাসী হুমুনিয়াহে
তোমাৰ স্মৃতিৰ আগত নিস্তব্ধ হৈ সৰে।
মই তোমাক ভালপাওঁ,
কাৰণ তোমাৰ হাঁহিৰ দীপ্তি
জ্যোতিৰঙী স্নিগ্ধতাৰ দৰে মোৰ কঠোৰ মনত পৰি থাকে,
শুকান পৰুৱা পাতত যেন বাৰিষাৰ স্নেহৰ দৰে।
মই তোমাক ভালপাওঁ,
তোমাৰ কণ্ঠস্বৰৰ বাবে,
গভীৰ, মধুৰ, সুগন্ধি, গম্ভীৰতাৰ দৰে,
যি মোৰ উদ্বিগ্ন মনত নিৰ্বিচাৰ শান্তি ঢালে।
মই তোমাক ভালপাওঁ,
তোমাৰ সঘনাই ওঁঠত ফুটা হাঁহিৰ বাবে,
যিয়ে শত সহস্ৰ মেঘৰ আন্ধাৰতো
আলোকৰ প্ৰভা আনিব পাৰে।
মই তোমাক ভালপাওঁ,
তোমাৰ অন্তৰ্দৃষ্টি আৰু চিন্তাৰ গভীৰতাৰ বাবে,
যিয়ে মোৰ নিৰ্বাক ভাষাবোৰকো শুনিব পাৰে।
মই তোমাক ভালপাওঁ,
তোমাৰ আৱেগৰ নিঃস্বাৰ্থ গম্ভীৰতাৰ বাবে,
যিয়ে পৃথিৱীৰ সকলো সংকীর্ণতা ভাঙি পেলাব পাৰে।
মই তোমাক ভালপাওঁ,
সীমা-সঁহাৰি নথকা আকাশৰ দৰে,
কাল-সীমা উলংঘি যুগান্তৰে যুগান্তৰে।