মই এতিয়া ব্যৰ্থ প্ৰেমিক পক্ষী – এ.আৰ ৰহমান

মই এতিয়া ব্যৰ্থ প্ৰেমিক পক্ষী

এ.আৰ ৰহমান

স্বপ্ন যদিও ভাৰাক্ৰান্ত
মন আছিল আকাশ চুবৰ।
অলেখ ৰাতিৰ এন্ধাৰ গচকী
অলেখ চিয়াঁহীৰ প্রিয় চিয়াঁহীৰে
লিখা হৈছিল তেওঁৰ প্রিয় কবিতাটো।
অথচ ধূসৰ আবেলি এটা চকুত গুজি দি
সেন্দুৰীয়া বেলি এটা মূৰত পিন্ধি
তেওঁ আঁতৰি গ’লগৈ উভতি নহাৰ বাটেৰে…।
এতিয়া উত্তৰবিহীন কিছু প্ৰশ্নই মোক দহি যায় প্রতিটো ক্ষণ
কাৰ উশাহ কাঢ়ি লৈ কাৰ পৰশত শান্তি লভিছা ?
কাৰ নিশাৰ জোন কাঢ়ি কাৰ আকাশত জোনাক সিঁচিছা ?
মই নাজানোঁ মই নাজানোঁ
এই স্বপ্নভঙ্গ দিনবোৰৰ পৰিসমাপ্তি ক’ত !
সুখী হোৱাৰ অগণন প্ৰতিযোগিতাত
মই প্ৰতিবাৰ বিফল হৈছোঁ,
প্ৰতিবাৰেই মই নিজৰ সৰ্বস্ব বিসৰ্জন দিছোঁ।
কি কৰিম কোৱা !
স্বপ্ন দেখুৱা মানুহজন যেতিয়া স্বপ্ন হৈয়ে গুচি যায়
পোহৰ দেখুৱা মানুহজন যেতিয়া নিজেই এন্ধাৰ হৈ গুচি যায়।
মোৰ কলিজাটো ছিঙি লৈ যোৱা তুমি
বিনিময়ত দিয়া এটি হাঁহি
যিটো হাঁহিৰে হত্যা কৰিছিলা মোক প্ৰথম চাৱনিত।
মই এতিয়া ব্যৰ্থ প্ৰেমিক পক্ষী
তোমাৰ চকুৰ সাগৰত মোৰ মৃত্যু হওঁক
তোমাৰ পৰশত মোৰ অন্তিম সৎকাৰ হওঁক।