ভৱেশ কলিতা দল আৰু সমষ্টিৰ প্ৰতি সদায় দায়বদ্ধ-ঋষি লহকৰ

ভৱেশ কলিতা দল আৰু সমষ্টিৰ প্ৰতি সদায় দায়বদ্ধ

ঋষি লহকৰ

ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰাই প্ৰতিখন সাংগঠনিক জিলাত দলৰ সাংগঠনিক ভেটি অধিক মজবুত কৰি তুলিবলৈ দলীয় কাৰ্যকৰ্তাসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্য মাকদর্শন প্ৰদান কৰি আহিছে। ৰাজ্যিক সভাপতিগৰাকীৰ বলিষ্ঠ নেতৃত্ব দলৰ সাংগঠনিক দিশত বহুখিনি দলীয় সংস্কাৰ সাধন কৰিবলৈ সক্ষম হৈছে। লগতে সভাপতিগৰাকীৰ সবল নেতৃত্বত যোৱাটো সময়ছোৱাত অনুষ্ঠিত হোৱা পাঁচটা নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়েই অসমত বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। তাৰো উপৰি ৰাজ্যিক সভাপতিগৰাকী য়েই তেখেতৰ প্ৰচেষ্টাত দল আৰু চৰকাৰ মাজত এক সু-সম্পর্ক স্থাপন কৰি ৰাইজৰ হৈ একেলগে কাম কৰি যোৱাৰ এক প্ৰয়াস কৰিছে। লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক নেতৃত্ব প্ৰদান কৰা নেতৃত্ববৃন্দসকলৰ সৈতে আলাপ আলোচনাৰ মাধ্যমৰে এক সু-সম্পর্ক স্থাপন কৰি বহু সমস্যা নিষ্পত্তি কৰি তোলাটো বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্যিক সভাপতি গৰাকীয়ে ৪০খন সাংগঠনিক জিলা পৰিভ্ৰমণ কৰি সাংগঠনিক প্রবাস কৰিছে। এই প্রবাসৰ সময়ত প্ৰতিখন জিলাৰ তৃণমূল পৰ্যায় পৰা বুথৰ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি মনৰ বুজ লৈ দলীয় মাকদর্শন প্ৰদান কৰি আহিছে। লগতে জিলাসমূহত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰতিজন কার্যকৰ্তাক দল তথা ৰাইজৰ হৈ সেবাই সংগঠন তথা সেৱা আৰু সমৰ্পন মূলমন্ত্ৰ সন্মুখত ৰাখি সেৱাৰ মনোভাৱৰে ৰাইজৰ লগত থাকি কাম কৰি যাবলৈ আহ্বান জনায়। ৰাজ্যিক সভাপতি গৰাকী প্ৰতিখন দলীয় সভাত কয় যে, কার্যকর্তা, কাৰ্যালয় কাৰ্যসূচী আৰু কোষ-এই চাৰিটা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মূল পৰিচালিকা শক্তি স্বৰূপ। দলৰ প্ৰতিটো কাৰ্যসূচী সমূহ ৰূপায়ণ কৰি তুলিবলৈ সেৱাই সংগঠনৰ মূল নীতিৰে উদ্বুদ্ধ হৈ দলৰ প্ৰতি গৰাকী কাৰ্যকৰ্তাই অনবৰতে ৰাইজৰ মাজত থাকি দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দুয়োখনে জনসাধাৰণৰ বাবে লোৱা জনকল্যাণমূলক আঁচনি সমূহক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ ছায়িত্ব পালন কৰিব লাগিব বুলি সকলোকে আহ্বান জনাই আহিছে। প্ৰতিখন জিলাতে বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰি আগন্তুক হ’বলগীয়া দলীয় কাৰ্যসূচী তথা পৰিকল্পনাসমূহৰ বিষয়ে বিশদভাবে আলোচনা কৰে। তাৰো উপৰি উক্ত প্রবাসৰ সময়ছোৱাত জিলাখনৰ প্ৰাক্তন জিলা সভাপতিসকলক আৰু দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ আশীৰ্বাদ গ্রহণ কৰি দিহা পৰামৰ্শ গ্ৰহণ কৰি আহিছে। লগতে এই প্রবাস সময়ত তৃণমূল পৰ্যায়ৰ পৰা বুথৰ দলীয় কাৰ্যকৰ্তাৰ ঘৰত উপস্থিত হৈ একেলগে আহাৰ গ্ৰহণ কৰি মনৰ বুজ লোৱাৰ প্ৰয়াস কৰিছে। লগতে প্ৰতিখন দলীয় সভাত ৰাজ্যিক সভাপতিগৰাকীয়েই দলীয় কার্যকর্তাক আহ্বান জনায় আহিছে যে সমাজৰ শেষৰজন ব্যক্তিক সেৱা কৰি যাবলৈ প্ৰয়াস কৰে যেন। উল্লেখ যোগ্য যে ভৱেশ কলিতাই বিশ্বৰ সৰ্ববৃহৎ দলৰ ৰাজ্যিক সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰি যোৱাৰ লগতে তেখেতে ৰঙিয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় যুৱ বিধায়ক হিচাপে সমষ্টিবাসী ৰাইজৰ উন্নয়ন স্বাৰ্থত ৰাইজে দিয়া দায়িত্ব ও পালন কৰি গৈছে। ১৫-২৯ বছৰীয়াৰে বিৰোধী বিধায়কৰ শাসনকালত ৰঙিয়াবাসী ৰাইজে উন্নয়নৰ মুখ দেখা পোৱা নাছিল, কেৱল সকলো ক্ষেত্ৰতে বঞ্চিত হৈছিল। সেইবাবে যোৱা ২০১৬ বৰ্ষত পোন প্ৰথম বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত বিধায়ক ভৱেশ কলিতাক ৰঙিয়াবাসী ৰাইজে আশীর্বাদ প্রদান কৰিছিল। পৰৱৰ্তী সময়ত যোৱা ২০২১ বৰ্ষত পুনৰ বাৰ ৰঙিয়াৰ জনতাই ৰঙিয়াৰ বিৰামহীন উন্নয়নৰ স্বাৰ্থত বিধায়ক হিচাবে ভবেশ কলিতাক ৰঙিয়াবাসী ৰাইজে মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিলে । সেয়েহে বিগত ৬ বছৰত ৰঙিয়া বিধানসভা সমষ্টিৰ ৰাইজৰ সৰ্বাঙ্গীণ উন্নয়ন প্রতি লক্ষ্য ৰাখি বহু ভৱিষ্যত তথা ঐতিহাসিক পদক্ষেপ তথা উন্নয়নমূলক কাম কৰি গৈছে। সমষ্টিবাসী ৰাইজে যাতে কোনো ধৰণৰ সমস্যা ভুগিব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহুটো ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে । ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভবেশ কলিতাৰ সৱল নেতৃত্বত বিগত ৬ বছৰত বহু উন্নয়ন মূলক কাম হৈছে। ৰঙিয়াবাসী ৰাইজৰ সহযোগ আৰু আশীৰ্বাদত প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ আবৰিত যাত্ৰা দ্রুত গতি আগবাঢ়ি গৈ আছে। আশা কৰিছোঁ আগন্তুক দিনবোৰটো বিৰামহীন উন্নয়নৰ দিশত ৰঙিয়া সমষ্টি আগবাঢ়ি গৈ অসমৰ ৰচ্ছটা বিধানসভা সমষ্টিৰ ভিতৰত এক লেখত লবলগীয়া সমষ্টি হিচাপে গঢ়ি উঠে যেন। বিধায়ক ভৱেশ কলিতাৰ সমষ্টিৰ দ্ৰুত উন্নয়নমূলক কাম কাজ সমূহ দেখি এতিয়া বিৰোধী দলৰ নেতা-কৰ্মীসকলে সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ কৰি আহিছে। সেয়েহে এক কথাত কব পাৰি যে ৰঙিয়া সমষ্টিত এতিয়া বিৰোধী শিবিৰ নৰৱ নিস্তৱ তথা শূন্য হোৱাৰ দিশে আগবাঢ়িছে। ইতিমধ্যে ৰঙিয়া সমষ্টিৰ ১০খন পঞ্চায়ত বিৰোধীৰ এজনো সদসাজন প্রতিনিধি নাই। মানে পঞ্চায়ত সমূহত এতিয়া কংগ্ৰেছ মুক্ত। বিধায়ক ভবেশ কলিতাই বিগত ৬ বছৰত ৪৮খন জৰাজীৰ্ণ বৃহৎ কাঠ দলং পকীকৰণলৈ ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। যোৱা ৬ বছৰত ৰঙিয়া সমষ্টিৰ ইমূৰৰ পৰা সিমূৰ লৈ বিধায়কগৰাকীয়ে ৰঙিয়াৰ বিৰামহীন উন্নয়নৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিছে। বিধায়কগৰাকীয়েই জনতাৰ মাজত থাকি কাম কৰি যাবলৈ প্ৰয়াস কৰে। ৰাইজৰ প্ৰতিটো সমস্যা বিধায়কগৰাকীয়ে যি ঠাইত থাকে সেই ঠাইতে সমাধান কৰি দিয়ে। সেইবাবে তেখেতক ৰঙিয়াবাসী ৰাইজে জনতাৰ প্ৰকৃত সেৱক বুলি পৰিচয় দিয়ে। বিধায়কগৰাকীয়ে ৰঙিয়াবাসী ৰাইজৰ প্ৰতিটো ক্ষণতে সহায় সহযোগিতা আগবঢ়াই যাবলৈ চেষ্টা কৰে। আশা কৰিছো ভবেশ কলিতা ডাঙৰীয়াই ৰাইজৰ হৈ সেৱা কৰি যায় থাকিব লগতে তেখেতৰ ৰাজনৈতিক ভবিষ্যত উজ্জ্বল হৈ থাকক তাকে ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা জনালোঁ।