ভৱানী দেৱীয়ে অলিম্পিকৰ ইতিহাসত ভাৰতৰ হৈ নিজৰ অধিনলৈ আনিবলৈ সক্ষম হৈছে প্ৰথমখন ফেন্সিং মেচ

pc India Today

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় ফেন্সাৰ ভৱানী দেৱীয়ে টিউনিছিয়াৰ নাদিয়া বেন আজিজীক ১৫-৩ গ’লত পৰাস্ত কৰি সোমবাৰে মহিলাৰ ব্যক্তিগত ৩২ৰ চাব্ৰে ৰাউণ্ডত উপনীত হয়। এইখন অলিম্পিকৰ ইতিহাসত ভাৰতৰ বাবে প্ৰথম ফেন্সিং মেচ আছিল। ফেন্সিং ১৮৯৬ চনৰ পৰা অলিম্পিক গেমছত প্ৰদৰ্শিত হৈ আহিছে। বিশ্বৰ ৪২ নম্বৰ ভৱানীয়ে পৰৱৰ্তী সময়ত বিশ্বৰ ৩ নম্বৰ ফ্ৰান্সৰ মনন ব্ৰুনেটৰ মুখামুখি হ’ব।

(UD.)