ভৰলুমুখ শাখা, লেখিকা সমাৰোহ সমিতি গঠন

ভৰলুমুখ শাখা, লেখিকা সমাৰোহ সমিতি গঠন

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ ভৰলুমুখ স্থিত কালিৰাম বৰুৱা ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা এখন সভাত কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত ভৰলুমুখ শাখা, লেখিকা সমাৰোহ সমিতি গঠন কৰা হয়। বন্তি প্ৰজ্বলনৰ লগতে নয়নতৰা মহিলা পৰিষদৰ সদস্যসকলৰ দ্বাৰা এটি সুন্দৰ সমৱেত সংগীতেৰে আৰম্ভ হোৱা উক্ত সভাত কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী কমলা উজীৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী তথা কামৰূপ জিলা মহানগৰ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা আৰু চচল শাখাৰ উপ সভানেত্ৰী তথা কামৰূপ মহানগৰ জিলা শাখাৰ হিচাপ পৰীক্ষক শেৱালী ভাগৱতী উপস্থিত থাকে। সভাত ভৰলুমুখ অঞ্চলৰ বিভিন্ন দিশত আগৰণুৱা লিলি বৈশ্য, অনিতা গোস্বামী, স্বপ্না দাস, জয়শ্ৰী কলিতা দাস, ভূপালী বুজৰবৰুৱা, ড০ আৰমেদা আহমেদ,অনিমা শৰ্মা,পাৰুল বৈশ্য, মল্লিকা দেৱী, ববিতা খানকে ধৰি যথেষ্ট সংখ্যক মহিলা উপস্থিত হয় আৰু এই সভাতে লিলি বৈশ্যক সভানেত্ৰী আৰু ৰীতামনি ভূঞাক সম্পাদিকা ৰূপে লৈ পোন্ধৰজনীয়া এখন কমিটী গঠন কৰা হয়। লগতে শাখাটিয়ে সাহিত্য -সংস্স্কৃতিৰ বাবে কাম কৰিবলৈ সংকল্প লয়।