ভয়েই ভূত…সুষমা গোস্বামী

pc-penisuladoctor

ভয়েই ভূত… (সাধু)

” ৰাখিবাহে প্ৰভু মোক কৰিবাহে দয়া, ৰাখিবাহে প্ৰভু মোক কৰিবাহে দয়া ” কৰি কৰি দেউতাকৰ মুখত প্ৰায়েই শুনি থকা কথাফাকিকে আওঁৰাই আওঁৰাই নিখিলে বহল পথাৰ খনৰ মাজেৰে খৰ খোজেৰে আগবাঢ়িবলৈ ধৰে।সেইদিনা শনিবাৰ হোৱাৰ কাৰণে পঢ়াশালী বাৰ বজাতে চুটি হ’ল। আজি অকণ, বাবু, ৰমেনহঁতৰ কি হ’ল জানো ? মোক অকলশৰীয়াকৈ এৰি দি সিহঁত কেইটা ক’ত বা গ’ল ? ছেঃ – এনেয়ে শনিবাৰ। তাতে আকৌ এই ভৰ দূপৰীয়াখন পথাৰৰ মাজৰ বৰ পূখুৰীটোৰ পাৰেদি অকলে অকলে যাওঁনো কেনেকৈ ? তাতে আকৌ পুখুৰীটোৰ পাৰতে যি জোপাহে প্ৰকাণ্ড তেতেলিৰ গছ ! দেখিলেই কিবা ভয় ভয়হে লাগে। আইতাই আমাক সৰু থাকোতেই ভূতৰ গল্পবোৰৰ বিষয়ে কওঁতে কয় নহয় ? ডাঙ্গৰ গছৰ তলেদি শনিবাৰ, মঙ্গলবাৰৰ লগতে ভৰ দূপৰীয়া কেতিয়াও অকলে যাব নাপায়। তেনে গছত বোলে বুঢ়াডাঙ্গৰীয়া নামেৰে বৰ মস্ত ওখ কিবা এজনা থাকে। কথাষাৰ হঠাৎ মনলৈ অহাৰ লগে লগেই নিখিলৰ ভৰি দুটা আৰু আগলৈ নোযোৱাই হ’ল। আজি লোহাৰ কটাৰী খনো অনা ন’হল অবশ্যে লগত সৰিয়হ অথবা জলকীয়া থাকিলেও বোলে ভূত ওচৰলৈ নাহে বুলি আইতাই কৈছিলে নহয় ? পিচলৈও চাব নালাগে।চালেই ভূতে খেদি আহে। হে প্ৰভু এতিয়া মই কি কৰোঁ ? লগত আজি নাই যি নাই একো এটাই নাই।কাকনো মাতো…ইত্যাদি গুণা-গঠাখন কৰি থাকোতেই কিছু নিলগত সি চাইকেলৰ নিচিনা কিবা এখন তাৰ ফাললৈকে আহিথকা দেখিবলৈ পালে। লগে লগে ভয়ত তাৰ অণ্ঠ-কণ্ঠ শুকাই থকা তেটুটোলেৈ কিছু পানী অহা যেন পালে যদিও নিখিলৰ মনত আকৌ এটা নতুন ভয়ে উক্ মুকাবলৈ ধৰিলে। কিজানিবা সেইখন আচল চাইকেল নহয়েই? তেতিয়া কি হ’ব বাৰু? তেতেলিগছৰ ভূতটোৱেই মানুহৰ ৰূপ লৈ আহিছে যদি…তাকতো টেটু চেপি মাৰি পেলাব ! আৱশ্যে তাৰ বেগত সদায় থকাৰ দৰে সৰিয়হৰ টোপোলাটো….নাই বুলি ভাৱিছিলে যদিও….বান্ধি থোৱা আছে দেখোন ।। তথাপিতো তাৰ হাত ভৰি দুটা কপিবলৈ ধৰিলে। কেনি পলাব ভাৱি ন’ পাওঁতেই কোবত আহি থকা চাইকেল খন আহি আহি তাৰ ওচৰেই পালেহি।
তেতিয়াহে নিখিলে দেখিলে। হয় সেইখন প্ৰকৃত্বতে এখন লোহাৰ চাইকেলেই হয়। তাহাতৰ গাঁৱৰে ৰংমন ককাইদেউৱে মুখৰ ভিতৰতে গান এটা গুণ্ গুণাই আহি আছে।আতৰৰ পৰা ককাই- দেউৱে তাক লক্ষ্যই কৰা নাছিল।একেবাৰে ওচৰ পালতহে নিখিলক দেখি চিনিব পাৰিলে আৰু তাৰ মুখলৈ চাই বিবৰ্ণ মুখখন দেখি , ভৰদূপৰীয়া এনে এডোখৰ নিৰ্জন জেগাত সি নিশ্চয় ভয় খাইছে বুলি অনুমান কৰিব পাৰি, ৰংমনে নিজেই মাত লগালে।

” কিহে ? সেইটো নিখিল নহয় জানো ? আজি অকলে অকলেআহিলাযে ?লগৰীয়াহঁত ক’ত গ’ল? আজি নাই অহা নেকি? এই ভৰ দূপৰীয়াখন ইমান চোকা ৰ’দটো মূৰত লৈ ইমান নিৰ্জন পথেদি অকলে অকলে আহিব নাপায় নহয়? গা-মূৰ বেয়া লাগিলে কাক মাতিবা ? আহা আহা। মোৰ লগে লগে আহি থাকা ” বুলি ৰংমন ককাইদেউৱে চাইকেলৰ পৰা নামি দিয়ে। আজি বাৰু মই তোমা- লোকৰ পদূলিৰেই যাম , ব’লা। তোমাকো আগবঢ়াই দিয়া হ’ব ।
ৰংমন ককাইদেউৰ মাততহে নিখিলৰ মনত বাহ লোৱা ভয়ৰ ভূতটো আতৰিল। ন’হলে হয়তো আজি সি মৰিলেই হেতেন…..। ভৰদূপৰৰ টিকা ফটা ৰ’দতেই হওক বা ভয়তেই হওক ৰঙা ক’লা পৰি অহা নিখিলৰ শুকান চেহেৰাটো দেখি ৰংমন ককাইদেউৰ বৰ বেয়া লাগিলে। দেহি ঐ, ইমান সৰু ল’ৰাটোকনো লগৰ মখাই এৰি থৈ আহিব পায়নে ?সেয়েহে তেওঁ নিজৰ ভায়েক যেন ভাৱি উপযাচিয়েই আগবঢ়াই দিয়াৰ কথা প্ৰকাশ কৰিলে। নিখিলৰ
মনৰ পৰা ভয় আতৰোৱাৰ উদ্দেশ্যেৰেই বিভিন্ন বিষয়ৰ কথা পাতিপাতি দুয়ো আগবাঢ়ি গৈ থাকিল।মাজতে ৰংমনে শুধিয়েই পেলাল ” কোঁৱাচোন নিখিল , আজি যে তোমাক লগৰীয়াহঁতে এৰি থৈ আহিলে তাৰ কাৰণনো কি? কাৰো লগত কাজিয়া পেচাল লগা নাইতো ?অৱশ্যে তুমি কাজিয়া কৰা ল’ৰা হ’বা বুলি মোৰ মনে নধৰে। তথাপিতো কাৰণটো জনাৰ দৰকাৰ বুলিহে শুধিলোঁ ” । ৰংমনদাদাৰ কথাত নিখিলে কিছু সময় চিন্তা কৰি উত্তৰ দিয়ে। ” অবশ্যে মোৰ তাহাতৰ লগত কাজিয়া লগা নাই। কিন্ত্ত এটা কথা হ’ব পাৰে। কি জানেনে ? আমাৰ লগৰ এই অকণটো বৰ বদ্মাইচ । সি সৌ সিদিনা আমাৰ ক্লাছ পৰীক্ষাত কি কৰিলে শুনক চোন , আমাৰ সেইদিনা অসমীয়ৰ পৰীক্ষা ল’ব বুলি ছাৰে দুদিন মানৰ আগতেই ঘৰত পঢ়ি আহিবলৈ বুলি কৈ পথাইছিলে। মই
ঘৰত পঢ়ি গৈছিলো বাবে লিখিবলৈ দিয়া কবিতাটোৰ সাৰাংশ – খিনি খুউব সুন্দৰকৈ লিখিব পাৰিলোঁ। সি কিন্ত্ত পঢ়ি নোযোৱাৰ বাবে একোকেই লিখিব নোৱাৰিলে। সি ওচৰৰে ৰুবুল, মাইনা হঁতৰ লগত যেতিয়াই তেতিয়াই কেৱল খেলিবহে জানে। ঘৰত একেবাৰেই নপঢ়ে। সেই কাৰণে সি শ্ৰেণীত প্ৰায়েই ছাৰৰ হাতৰ কাণচেপা খায়। আকৌ কি কৰে জানা ? স্কুলৰ পৰা গৈয়েই যেনে তেনে স্কুলৰ কাপোৰসাজ সলায়েই ঘৰত কিবা খায়নে নাখায় নাজানো হলে দেই , চিধাই মাইনা , ৰুবুলহঁতক লগত লৈ সেইযে আমাৰ নাম ঘৰৰ ওচৰৰ পথাৰখন তাত গৈ বল খেলিবলৈ লাগেগৈ । বলটোনো আকৌ কিহৰ বুলি ভৱিছা ! দেখিলেই হাঁহি হাঁহি মৰিবা । মস্ত এটা ৰাবাব টেঙা। ” ” সি আকৌ ৰাবাব টেঙাটোনো ক’ৰ পৰা গোটালে ” বুলি মাজতে কৰা ৰংমন দাদাৰ প্ৰশ্নৰ উত্তৰত নিখিলে পুনৰ কবলৈ ধৰে। ” কেলেই আমিযে পেহী পেহী বুলি মাতো , সেই বাহনিডৰাৰ তলতে থকা মানুহ গৰাকী…তেখেতৰ পৰাই কিনি আনে। এটকাত দুটা টেঙা দিয়ে হেনো। সদায় কিনিবলৈ পয়চা নাথাকিলে সিহঁতি কি কৰে জানা ? দুপৰীয়া পেহী বজাৰলৈ যাওঁতে বাৰীত সোমাই মনে মনে চিঙি আনে। পিচদিনা তাকে আকৌ আহি আমাৰ আগত কৈ বৰ হাঁহে। সেইটো জানো ভাল কথা হয়, চোঁৱা -চোন ! খেলিবৰ কাৰণে তাহাতি চুৰ কৰা নাইনে ? আজি কেইদিনমানৰ আগতে আমাৰ বাৰীতো ঘৰত কোনো নথকাৰ সুযোগ চাই জলফাই পাৰি থাকোঁতেই হঠাৎ দেউতাই আহি দেখিলেহি। মই ভাৱিছিলোঁ দেউতাই তাহাত কেইটাক ধূম পিতন দিব। কিন্ত্ত দেউতাই খং কৰক চাৰি তাহাতক মৰমেৰে ওচৰলৈ মাতি আনি চুৰ কৰাটো কিমান বেয়া কথা সেইটো ভালদৰে বুজাই দি ভৱি – ষ্যতে চুৰ নকৰিবলৈ বুলি কৈ আৰু অলপ জলফাই পাৰি দিহে পঠালে। মোৰ কিন্ত্ত দেউতাৰ ওপৰত বৰ খং উঠিছিলে। তেতিয়া দেউতাই কি কলে জানা ? দুষ্টক হেনো সদায় মৰমেৰেহে বুজাব লাগে। তেতিয়াহে তাহাতি বেয়া অভ্যাসবোৰ এৰি দিয়ে। তাকে নকৰি খং কৰিলে তাহাতৰ দুষ্টামি আৰু বেচিহে হয়। হয়নে বাৰু ককাইদেউ ? নিখিলৰ প্ৰশ্নৰ উত্তৰত ৰংমনদাদাইও হয়ভৰ দিয়াত সি দুগুণ উৎসাহেৰে কবলৈ ধৰে। ” মই কিন্ত্ত তাহাত কেইটাৰ লগত কেতিয়াও নেখেলোঁ। মই তাহাতৰ দৰে আনৰ বাৰীত সোমাই চুৰ কৰি পিত- পিতাই ফুৰিবলৈ ভাল নাপাওঁ। মা দেউতাইও তেনে কৰিলে বৰ বেয়া পায়। কণ খুৰায়ে মোৰ জন্মদিনত দিয়া ক্ৰিকেট বলটো আৰু বেটখন মই অতি যত্ন কৰি থৈ দিছোঁ। পৰীক্ষা শেষহ’লে বহুত দিণ বন্ধ পাম নহয় ? তেতিয়াই আমাৰ সিখন গাঁওতযে আছে ক্লাবটো , তাত সীমান্ত দাদাই আমাৰ সমান ল’ৰাবোৰক ক্ৰিকেট খেলিবলৈ শিকায় নহয়,তাতে গৈ শিকিব পাৰিম।পৰীক্ষাত যদি ভাল ফলাফল দেখুৱাব পাৰোঁ, তেতিয়া ইয়াতকৈও ভাল দামি ক্ৰিকেট চেট এটা দিম ভুলি কণ খুৰাই মোক কৈ থৈছে। চেটটো হেনো একেবাৰে শচীন টেণ্ডুলুকাৰে খেলাৰ নিচিনা। বাঃ বৰ ভাল কথা শুনালা দেই মোৰ সোণটো ! ৰংমনদাদাৰ প্ৰশংসাত মনটো আৰু অলপ ডাঠ কৰি নিখিলে পুনৰ কবলৈ ধৰে।ৰ’ব ! মোক সিঁহতি এৰি থৈ অহাৰ আচল কাৰণটো কোৱাই নাই নহয় ইমান পৰে ! মইযে আগতে কৈছিলোঁ অসমীয়া পৰীক্ষা পতাৰ কথা , পৰীক্ষাত অকণে একোকেই লিখিব নোৱাৰিলে। মোৰ লিখিহোৱাত সি মোৰ পৰা বহীখন থাপ মাৰি লৈ গৈ সোপাকে মোৰ পৰা চাই চাই লিখি মোতকৈও আগতে গৈ চাৰক দেখুৱালেগৈ। মই তত ধৰিবই নোৱাৰিলোঁ। অলপ পিচত মোৰ বহী খন যেতিয়া ছাৰে চালে , তেতিয়া দুয়োটাৰে লিখা খিনি একে হোৱা দেখি বিশ্বাসেই নকৰিলে। পিচত যেনিবা আমাৰ পিচতে বহা বাবুৱে ” হয় ছাৰ মই দেখিছোঁ। অকণেহে নিখিলৰ বহীৰ পৰা চুৰ কৰি লিখিছে ” বুলি কোৱাত , শইকীয়া ছাৰে অকণক ভালকৈ এপিটন দিলে। আগতে দিয়া নম্বৰৰ পৰা বহুত নম্বৰ কাটি দিলে। মোকো আগলৈকে পৰী-ক্ষাত কাকো বহী নেদেখুৱাবলৈ বাৰে বাৰে সকিয়াই দিয়ে। সেয়েহে আজি অংক চাব খোজোতেও মই তাক নেদেখুৱালোঁ। সেইটোৱেই খং। বোধকৰো সেই কাৰণেই আজি সি বাকী কেইটাকো মোৰ লগত আহিবলৈ নিদি মোক অকলে এৰি থৈ সিহঁত কেইটা আগতেই গুচি আহিলে।নিখিলৰ শিশুসুলভ কথাত ৰংমনৰ তালৈ বৰ মৰম লাগি গ’ল।তেওঁ নিখিলক ভাল-বেয়া বহুতখিনি সাৰুৱা কথা কৈ কৈ আগ -বাঢ়ি আহি থাকিল। ইতিমধ্যে ইমূৰ সিমূৰ নেদেখা মস্ত পথাৰখনো প্ৰায় পাৰ হবৰে হ’ল। ইমান দূৰ কথা কৈ কৈ আহি থাকি নিখিলৰবৰকৈ ভগৰ লগাত ককাইদেউৰ সৈতে পুখুৰীটোৰ পাৰতে বাটৰুৱাই জিৰণি লবৰ বাবে পাতি থোৱা বাহৰ বেঞ্চখনতে কিছু সময় বহোঁগৈ বুলি আগবাঢ়িব খোজোতেই নিখিলে মন কৰিলে যে সেইবেঞ্চখনত ক’লা ৰঙৰ কিবা এটা যেন বহি আছে।সি ভয়তে আগ-বাঢ়িবলৈ থেৰো – গেৰো কৰা দেখি ৰংমন ককাইদেউৱেও নিখিলৰ দৃষ্টি অনুসৰণ কৰি তাক তাতে ৰবলৈ কৈ সেইটোনো কি হ’ব পাৰে চাই আঁহোগৈ বুলি আগবাঢ়ি গৈ দেখিলে যে , ক’লা ৰঙৰ অলপ নোদোকা ধৰণৰ কুকুৰ এটাই বেঞ্চখনৰ ইটো মূৰে বহি লৈ দাতেৰেকিবা এডাল কামুৰি চিঙিবলৈ যত্ন কৰি আছে।তাকে দেখি ৰংমনৰখং উঠাৰ লগে লগে হাঁহিও উঠিল। এইপাতক আকৌ কিহে পালে !মানুহ বহা বেঞ্চ খনত বহি খালেহে হয়নে বুলি যাহ্ যাহ্ কৰি কুকুৰটোৰ গালৈ শিল গুটি কেইটামান দলিয়াই তাক তাৰপৰা খেদি পঠিয়ালতহে নিখিলৰ মনৰ পৰা ভয়ৰ ভূতটো আতৰ হয়। কুকুৰটোক খেদি ৰংমনদাদাই নিখিলৰ ওসৰলৈ আহি তাক উদ্দেশ্যি– ” চোঁৱা নিখিল ! তুমি এতিয়া ডাঙ্গৰ হৈছা। ষষ্ঠ মানৰ ছাত্ৰ যেতিয়া প্ৰায় ডেকাই হৈছোবুলি ধৰাচোন , কাৰণ প্ৰাইমাৰী শিক্ষা সাংকৰি উচ্চতৰ শিক্ষাত অগ্ৰসৰ হোৱাৰ লগে লগেই নিজকে বহুত ডাঙ্গৰ হৈছা বুলি ভৱিব লাগিব। অৱশ্যে সকলো ক্ষেত্ৰতে নহয় আকৌ দেই- চাই চিতিহে। এই ধৰা এতিয়াৰ পৰা লগৰীয়াই তোমাক অকলে এৰি থৈ আহিলেও আজিৰ দৰে তুমি অকলে এই পথাৰ ডৰা পাৰ হবৰ বাবে চিন্তা কৰিব নালাগিব। কাৰণ আজি মোক পালা বুলি সদায় কাৰোবাক লগ পোৱাতো সম্ভৱ নহবও পাৰে। তেনে পৰিস্হিতিত তুমি মন ডাঠ কৰি….পাৰিমেই। কিয় নোৱাৰিম। সিঁহতকেইটা নাথাকিল বুলিয়েই মই অকলে যাব নোৱাৰাৰ কি কাৰণ থাকিব পাৰে। মইতো এতিয়া আগৰ সেই অকণমানিটো হৈ থকা নাই নহয় ! এনেদৰে ভাৱি আগ- বাঢ়ি গুচি যাবা, চাবাচোন কৰবাৰ ভয় কৰবালৈ যাব। আজিৰ এই কথাটোলৈকে নোচোঁৱাকিয় ? ক’লাৰঙৰ হোৱাৰ কাৰনেই তুমি আতৰৰ পৰা কুকুৰটোক চিনিব নোৱাৰি মনতে ভূতৰ ছবি এখন আঁকি লৈ মিছাতে ভয়খন খাই মনটোক কষ্ট দিলা।অৱশ্যে দূপৰীয়া অকলে অলৈ – তলৈ যাব নাপায় বোলা কথাষাৰৰ অৰ্থ নথকা নহয়। যিহেতু দূপৰীয়াৰ ৰ’দটো মূৰৰ ওপৰত পোনে পোনে পৰে বাবে ৰদৰ তাপটো পুৱা বেলাতকৈ বহুত বেচি বাঢ়ি যায়।তেনে অৱস্থাত ভাগৰুৱাযেন লগা দেহাটোত বেয়া লগাতো স্বভাৱিক। দ্বিতীয়তে গৰমৰ দিনত নিৰ্জন জেগাত দূপৰীয়া সাপ-গুঁই আদিৰ দৰে বিষাক্ত জীৱ-জন্ত্তবোৰ ওলোৱাৰ সম্ভৱনাই বেচি। তেনে সময়ত মানুহৰ সমাগম কম হোৱাৰ কাৰণে এই প্ৰাণীবোৰে নিজৰ আহাৰ বিচাৰি ওলাই আহে। কুকুৰটোলৈকে নোচোৱা কিয় ? সি কেনেদৰে মানুহ বহা বেঞ্চখনক তাৰ নিজৰ কৰি লৈ একান্তমনেৰে খোৱাত ব্যস্ত। তেনে সময়ত তোমাৰ নিচিনা সৰু ল’ৰা এটাই খেদিবলৈ গ’লে সি হয়তো তোমাক কামুৰিবলৈ খেদিও আহিব পাৰে।আজি মই আছিলোঁ বুলিহে…গতিকে ভৰ দূপৰীয়া অকলে অহাতোবৰ ঠিক কথা নহয়। আগৰ মানুহ খিনিয়ে তাকে অলপ বেলেগ ধৰণেৰে কয়। তেতিয়াহে সৰু ল’ৰা- ছোৱালীবোৰ দূপৰীয়া অকলে নোলোৱা হ’ব ! প্ৰকৃত্বতে ভূত বোলা বস্ত্ত এটা আছে বুলি ভাৱিবলৈ টান লাগে। আজিৰ এই বিজ্ঞানৰ যুগত ভূতৰ অস্তিত্ব থাকিব পাৰে জানো? আচলতে কি জানা মইনা ? ভয়েই ভূত। ভয় বেচিমানুহে ছাঁটোকে বাঘযেন দেখে। ভূত বুলি যদি কিবা এটা থাকিলেহেতেন , তেন্তে সিঁহতে অকল তোমালোকৰ দৰে সৰু সৰুবোৰকেই নহয়। আমাৰ দৰে ডাঙ্গৰবোৰৰো পিচ নেৰিলেহেতেন। সেয়েহে তোমাক পুনৰবাৰ কৈছোঁ। সাহসী হ’বলৈ যত্ন কৰা। সাহসৰ বলতমানুহে বহুতো অসাধ্য সাধন কৰিবলৈ সক্ষম হব পাৰে। সৌৰ -জগততো মানুহে প্ৰবেশ কৰিছে একমাত্ৰ সাহসৰ বলতেই। মোলৈ -কেনো নোচোৱা কেলৈ। সাহসেৰে কেনেকৈ তোমালৈ বুলি খাপ -পিটি ৰৈ থকা সেই ক’লা ভূতটোক এটা মাত্ৰ শিলগুটিৰেই খেদি পঠিয়ালো বুলি দুয়ো হাঁহিবলৈ ধৰে। এনেদৰে বিভিন্ন সাৰুৱা কথাৰে বুজনি দি দি ৰংমন ককাইদেউৱে নিখিলক ঘৰৰ পদূলিমুখলৈকে আগবঢ়াই দি , যাবা দেই মই আহিলোঁহে বুলি চাইকেলত জাপমাৰি উঠি কোবেৰে তাৰ পৰা আতৰি যায়।ইফালে নিখিলৰ আহি পাওঁতে আনদিনাতকৈ কিছু পলম হোৱা যেন দেখি মাকে অধিৰ উৎকণ্ঠাৰে বাটলৈ চাই চাই আগ -ফালৰ বাৰাণ্ডাতে বহি থাকে। তেনেতে তাক অহাদেখি চোতাললৈনামি গৈ মাকে তাক কিয় দেৰি হ’ল বুলি সোধাত , নিখিলে ৰংমন -দাদাক কোৱা কথা খিনিকে আদ্যোপান্ত বিবৰি কয়। কথাৰ শেষত মাকেও তাক ৰংমনদাদাই বুজুৱাৰ দৰেই বুজনি দি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ বুলি সকিয়াই দিয়ে। কিয়নো বিশ্বাসে মিলয় হৰি বুলি এষাৰ কথা আছে। যি ল’ৰা ছোৱালীয়ে ভগৱানত ভকতি ৰাখে , তেনে ল’ৰা ছোৱালীয়ে কেতিয়াও অসৎ কামত লিপ্ত নহয়। আনেও তেওঁলোকৰ কোনো আপকাৰ কৰিব নোৱাৰে। ভগৱানৰ প্ৰতি বিশ্বাস জন্মাবৰ কাৰণেই অতিজৰে পৰা প্ৰত্যেকখন বিদ্যালয়তে বাধ্যতামূলক ভাৱেৰে ক্লাছ আৰম্ভ হোৱাৰ আগতেই প্ৰাৰ্থনা কৰাটো শিক্ষাদানৰ লগৰে বুলি গণ্য কৰি আহিছে। বাৰু আজি যি হ’ল হবলৈ দিয়া। তাকে ভাৱি মন বেয়া নকৰিবা। যোঁৱা এতিয়া সোনকালে মুখ হাতখন ধুই পাকঘৰলৈ আহা। মইও খাবলৈ দিওঁগৈ বুলি মাক ৰান্ধনিঘৰৰ ফালে আগবাঢ়ে ॥

সুষমা গোস্বামী