ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা দেৱজিত বৰা – মৃদুস্মিতা শৰ্মা

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা দেৱজিত বৰা 

মৃদুস্মিতা শৰ্মা

যোৰহাট জিলাৰ মৰিয়নীৰ সুদৰ্শন যুৱক দেৱজিৎ বৰা। সৰুতে বিভিন্ন ভাওনা বা নাটকত অভিনয় কৰে যদিও অভিনয়ৰ বিপৰীতে খেল-ধেমালিৰ প্ৰতিহে অধিক ৰাপ আছিল দেৱজিৎ বৰাৰ। কলেজীয়া দিনতে ‘সমৰ এতিয়াও আছে’ শীৰ্ষক এখন একাংকিকা নাটকত অভিনয় কৰি দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল দেৱজিৎ বৰাই। তেতিয়ালৈ তেওঁ অভিনয়ক লক্ষ্য হিচাপে স্থিৰ কৰা নাছিল যদিও ঘৰৰ কাষতে হেঙুল থিয়েটাৰৰ আখৰা শিবিৰ হোৱা হেতুকে তেওঁ প্ৰায়ে আখৰা চাবলৈ গৈছিল। এনেকৈয়ে সময়ৰ সোঁতত এদিন অভিনয় জগতখনৰ প্ৰতি আকৰ্ষিত হৈ ১৯৯৬ চনত জ্যোতিৰূপা থিয়েটাৰৰ জৰিয়তে প্রথম বাৰৰ বাবে নাট্যজগতত খোজ পেলায় । উক্ত বৰ্ষত নাট্যদলটিয়ে মঞ্চস্থ কৰা ‘আজলী বোৱাৰী’, ‘কাগজৰ ফুল’, ‘অন্ত পোহৰৰ খেলা’, আৰু ‘যুৱনায়ক’কে ধৰি চাৰিওখন নাটকৰে চাৰিটা ভিন্ন চৰিত্ৰত সাৱলীল অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এই সফলতাই ধনাত্মক প্ৰেৰণা যোগোৱা অভিনেতা গৰাকীয়ে আৰু পাছলৈ উভতি চাবলগীয়া হোৱা নাই। ইয়াৰ পাছতেই ক্ৰমাগত ভাৱে কহিনুৰ , মঞ্চতীৰ্থ, হেঙুল, ভাগ্যদেৱী, ইতিহাস থিয়েটাৰকে ধৰি কেইবাটাও আগশাৰীৰ নাট্যদলত অভিনয় কৰি নিজৰ অভিনয়ৰ পাৰদৰ্শিতা দেখুৱাই। বৰ্তমান সময়লৈ অভিনীত কেইখনমান উল্লেখযোগ্য নাটকৰ ভিতৰত- ‘ডকাইত’, ‘টোপ টোপ প্ৰেমৰ টোপাল’, ‘মাফিয়া সুন্দৰী’, ‘বলিয়া দ্ৰৌপদী’, ‘এই চহৰৰ ৰোমিও জুলিয়েট’, ‘বলিয়া কৃষ্ণ’, ‘চকু’, ‘ঝংকাৰ’, ‘মৰমৰ বৰষা মৰম লবা’, ‘অচিনাকি ভাই’, ‘লোহা’, ‘আত্মলিপি’, ‘অস্তপথ’, ‘বন্দী’, ‘টাইটানিক’, ‘বিষ্ণুপ্ৰসাদ’, ‘চম্বলৰ মজনু’, ‘গোন্ধ’, ‘বুদ্ধদেৱ’ আদি অন্যতম। চলিত নাট্যবর্ষত অভিনেতা গৰাকীয়ে নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘চকু’, প্ৰণৱ বৰুৱাৰ ‘আঁকৰি তই পগলা মই’, আৰু ৰাজদ্বীপৰ ‘বনৰজা’ নামৰ তিনিওখন নাটকতে তিনিটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই অভিনয় সময়ছোৱাত একেখন মঞ্চত সংগ লাভ কৰা কেইগৰাকীমান বিশিষ্ট নাট্য সৈনিকৰ ভিতৰত হেমন্ত দত্ত, সুৰেন মহন্ত, ৰতন লহকৰ, মহানন্দ শৰ্মা, পৃথিৰাজ ৰাভা, যতীন বৰা, ৰবি শৰ্মা, মৃদুল চুতীয়া, প্ৰসেনজিত, ফণী শৰ্মাৰ পুত্ৰ সুজিত শৰ্মা, সঞ্জীৱ শৰ্মা আদি অন্যতম। ৰূপালী জয়ন্তী বৰ্ষ গৰকা ভ্ৰাম্যমাণ মঞ্চৰ এই দুৰন্ত শিল্পী গৰাকীলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।