ভোটাৰৰ প্ৰতি জনপ্ৰতিনিধিসকল কিমান দায়বদ্ধ ?
দেবর্ষি গৌতম
বনগাঁও
যিকোনো এখন দেশত ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে প্ৰতিগৰাকী ৰাজনৈতিক নেতাই সাংসদ নাইবা বিধায়ক হোৱাৰ যি সপোন সেয়া বাস্তৱায়িত কৰে। ভোটাৰ সকলক উলাই কৰি কোনো ৰাজনৈতিক নেতাই নিজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে। প্ৰতিটো নিৰ্বাচনত ভোটাৰ সকলে প্ৰদান কৰা ভোট লাভ কৰিয়ে একোগৰাকী ৰাজনৈতিক নেতাই মন্ত্ৰী-বিধায়ক হবলৈ সক্ষম হয়। সেয়া লাগিলে শাসকীয় পক্ষৰে হওক নাইবা বিৰোধী পক্ষৰে হওক। যি দলৰে চৰকাৰ নহওক লাগিলে কিন্তু মুখ্যমন্ত্ৰী গৰাকী সদায় সমগ্ৰ ৰাজ্যখনৰ প্ৰতিগৰাকী লোকৰ মুখ্যমন্ত্ৰী। ঠিক একেদৰে এটা সমষ্টিত যি দলৰে প্ৰাৰ্থী বিজয়ী নহওক লাগিলে নিৰ্বাচিত সেই প্ৰাৰ্থী গৰাকী কিন্তু সমষ্টিটোৰ প্ৰতিগৰাকী লোকৰ বাবে বিধায়ক অৰ্থাৎ জনপ্ৰতিনিধি। ভোটাৰ ৰাইজে যিকোনো এটা দলৰ এগৰাকী দক্ষ বুলি বিবেচনা কৰা প্ৰাৰ্থীক ভোট দি বিধায়ক হিচাপে নিৰ্বাচিত কৰে। নিজৰ পছন্দৰ প্ৰাৰ্থী গৰাকীয়ে সেই নিৰ্দিষ্ট সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন কৰাৰ লগতে ৰাইজৰ দুখ-দুৰ্দশা আৰু সমস্যা সমূহ চৰকাৰৰ ওচৰত উপস্থাপন কৰিব পাৰিব বুলি বিশ্বাস কৰি প্ৰাৰ্থী গৰাকীক নিৰ্বাচিত কৰে। কিন্তু বহু সময়ত আমি দেখিবলৈ পাওঁ যে এগৰাকী প্ৰাৰ্থীয়ে বিৰোধী পক্ষৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শাসনত থকা দলত যোগদান কৰি বিধায়ক পদৰ পৰা পদত্যাগ কৰে। বিধায়ক শূন্য হৈ পৰাৰ লগে লগে সেই নিৰ্দিষ্ট সমষ্টিটোত উপনিৰ্বাচন অনুষ্ঠিত কৰা হয় আৰু উপনিৰ্বাচনত সেই একে প্ৰাৰ্থী গৰাকীয়ে পুনৰ সেই একে সমষ্টিতে শাসকীয় দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হয়। ৰাজনৈতিক নেতাসকলৰ এনে ধৰণৰ পাভলুটি মৰা স্বভাৱে কিন্তু ভোটাৰ ৰাইজৰ মনত বহু প্ৰশ্নৰ অৱতাৰণা কৰে। সচাকৈ ৰাজনৈতিক নেতাসকলে কেৱল ৰাইজৰ সেৱা কৰিবলৈ নিৰ্বাচনত অৱতীৰ্ণ হয় নে ? আচলতে ৰাজনৈতিক নেতা সকলে নিজৰ ব্যক্তি স্বাৰ্থ আৰু নিজৰ উচ্চাকাংক্ষা সিদ্ধি কৰিবলৈহে ৰাজনীতিক ঢাল হিচাবে ব্যৱহাৰ কৰে নেকি ? নিজ মুখেৰে বেয়া আৰু দুৰ্নীতিগ্ৰস্ত বুলি কোৱা সেই একেটা দলতে যেতিয়া নিজে এগৰাকী ৰাজনৈতিক নেতাই যোগদান কৰে তেতিয়া সেই ৰাজনৈতিক দলটো কেনেদৰে শুদ্ধ আৰু ভাল হৈ পৰে সেয়া কিন্তু অতি আশ্বৰ্যকৰ কথা ? কেৱল ক্ষমতাৰ লালসাত ভোটাৰ ৰাইজৰ জনাদেশক আওকাণ কৰি অন্য দলত যোগদান কৰি নিজৰ স্থিতি সলনি কৰাটো ৰাজনৈতিক নেতাসকলৰ বাবে নৈতিক স্খলন নহয়নে ? ভোটাৰ ৰাইজে প্ৰদান কৰা জনাদেশক সন্মান জনাই ৰাজনৈতিক নেতা সকলে ক্ষমতাৰ পৰা আঁতৰত থাকি ৰাইজৰ দুখ-দুৰ্দশা, অভাৱ-অভিযোগ সমূহ চৰকাৰৰ ওচৰত দাঙি ধৰিবলৈ কিয় অপাৰগ ? বৰ্তমান সময়ৰ ৰাজনীতিত উত্থাপিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে ৰাজনৈতিক নেতাসকলৰ বাবে নীতি-আদৰ্শ সৰ্বোচ্চ নে ক্ষমতা সৰ্বোচ্চ ? আচলতে যিসকল লোকে নীতি-আদৰ্শক বিশ্বাস কৰি ৰাজনীতি কৰে তেনে লোকসকলে কেতিয়াও ক্ষমতাৰ লালসাত ভোটাৰ ৰাইজে দিয়া জনাদেশক ভৰিৰে মোহাৰি আগবাঢ়ি যাবলৈ চেষ্টা নকৰে। যিহেতু প্ৰতিগৰাকী সাংসদ অথবা বিধায়ক ৰাইজৰ প্ৰতিনিধি গতিকে তেওঁলোকে ভোটাৰ ৰাইজে দিয়া জনাদেশক সন্মান জানোৱাটো তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব। নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত যেতিয়া আকৌ যিকোনো এটা বা ততোধিক সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত কৰিব লগীয়া হয় তেতিয়া কিন্তু তাৰ বাবে ব্যয় হোৱা ধন ৰাজকোষৰ পৰাই খৰছ হয়। এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে কেৱল নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এনেদৰে ৰাজকোষৰ ধন অপব্যয় কৰাটো কোনো কাৰণতে যুক্তিসংগত নহয়। জনপ্ৰতিনিধি হিচাপে নিজৰ ৰাজনৈতিক স্থিতি সলনি কৰাৰ পৰিবৰ্তে ৰাইজে দিয়া জনাদেশক স্বীকাৰ কৰি ৰাইজৰ বাবে কাম কৰিব লাগে।