ভোগালীয়ে সলাব ৰূপ এতিয়া – বন্দনা চৌধুৰী

PC- Hindustan Times
ভোগালীয়ে সলাব ৰূপ এতিয়া
বন্দনা চৌধুৰী, শিলপুখুৰী, গুৱাহাটী
হায়! ঐ,বুকুফালি কান্দিবৰ মন…
কোনে কাক বুজনি দিব
কাৰ লগত কোনে
ঢেকীশাঁলত সান্দহ, পিঠাগুড়ি খুন্দিব?
চোতাল খনো চাফা হৈয়ে ৰ’ল
ডাঙৰীবোৰ তেনেদৰেই পৰি ৰ’ল
কোনে কাৰ ঘৰত
গৰুহাল লৈ মৰণা মাৰিব?
ভোগালী আহিলেই
মেজিঘৰ সাজিবলৈ আজি
কোনো এজন ডেকাল’ৰাই নাই
ঘৰবোৰো বাহিৰে ভিতৰে
শূন্য হৈ পৰিল…
বাহী চোতাল আজি বিহুৰ দিনাও
বাহী হৈয়ে ৰ’ব
মেজিৰ সমুখত সেৱা এটি
ল’বলৈকেও কোনো নাই
বিষাদবোৰ বুকুভাঙি বৈছে কেৱল চকুলো হৈ
আঠখেলীয়া বচাভৰলুৱা গাঁৱত
এতিয়া ভোগালীয়েও কান্দে উচুপি
হায়!ঐ, বুকুফালি কান্দিবৰ মন…
 কোনে কাক বুজনি দিব
গাওঁ খনত কেৱল মৃত্যুৰ শীতল ছাঁ
দূৰদুৰণিলৈ কেৱল নিস্তব্ধতাই বিৰাজমান
হায়!ঐ, বুকুফালি কান্দিবৰ মন…।