ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসম আৰু গুৱাহাটী মাটি পট্টাকৰণ সমিতিৰ সংবাদ মেল
গুৱাহাটী,৯ আগষ্টঃ গুৱাহাটী প্ৰেছ ক্লাবত আজি ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু মাটি পট্টাকৰণ সমাতিৰ উদ্যোগত যুটীয়াভাৱে এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত তেওঁলোকে উল্লেখ কৰে যে গুৱাহাটী বাসীৰ সমস্যা সমূ্হৰ লগতে ৰাইজক নিৰাপত্তা দিয়াত হিমন্ত বিশ্ব চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিব নোৱাৰা এই চৰকাৰে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে। যোৱা ২০০৭ চনত হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুত কৰা ২০২৫ মাষ্টাৰ প্লেন অবৈজ্ঞানিক আছিল আৰু সেইখন তেওঁলোকে জ্বলাই দিয়াৰ কথাও উল্লেখ কৰে। তেওঁলোকে আৰু কয় বিজ্ঞান সন্মতভাৱে অধ্যয়ন কৰি সকলো পক্ষৰ পৰামৰ্শৰ ভিত্তিত এক দীৰ্ঘ্যম্যাদী পৰিকল্পনাৰে এই বান সমস্যা সমূহ ৰোধ কৰিব পাৰি আৰু এইটো কৰাৰ বাবে আজিৰ সংবাদ যোগে তেওঁলোকে চৰকাৰক দাবী জনায়। সংবাদ মেলত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীনজ্যোতি কলিতা,মাটি পত্তাকৰণ সমিতিৰ সভাপতি প্ৰণৱ গোস্বামী আৰু যুটীয়া সম্পাদক প্ৰদীপ শৰ্মাৰ লগতে কেবাজনো লোক উপস্থিত আছিল।