ভূপেন হাজৰিকাৰ গীতেৰে আৰম্ভ হ’ব লাগে ব’হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানঃ ভূপেন বৰাৰ মুকলি সমর্থন

ভূপেন হাজৰিকাৰ গীতেৰে আৰম্ভ হ’ব লাগে ব’হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানঃ ভূপেন বৰাৰ মুকলি সমর্থন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   ব’হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী সুধাকণ্ঠ, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ গীতেৰে আৰম্ভ কৰিবলৈ ‘ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস’ৰ সম্পাদকৰ মুকলি আহ্বানৰ প্ৰতি সম্পূৰ্ণ সমর্থন ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। শ্ৰীবৰাই আজি এক বিবৃতিত অসমৰ সকলো জাতীয় সংগঠন, অসমক ভাল পোৱা প্ৰতিটো সামাজিক-সাংস্কৃতিক সংগঠন আৰু বিশেষকৈ অসম চৰকাৰেও এই দিশত সহমত প্ৰকাশ কৰি এটা উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰীবৰাই কয় প্ৰতিভাৰ কেতিয়াও মৃত্যু নহয়, হ’ব নোৱাৰে। ডঃ ভূপেন হাজৰিকাদেৱে তেখেতৰ বিৰল প্ৰতিভাৰে গীত কথাৰ মাজেৰে অসমৰ জাতীয় জীৱনলৈ যি বার্তা দি গ’ল সেয়া আমাৰ বাবে কেতিয়াও অতীত নহয়, বৰং ই আমাৰ জাতিটোৰ বাবে বৰ্তমান আৰু ভৱিষ্যত। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদকগৰাকীয়ে বিহু মঞ্চত ৰাজহুৱাকৈ যি আৱেদন জনাইছে সেয়া আমি পূৰ্ণ সমৰ্থন কৰো আৰু আমি আশাকৰোঁ অসমৰ সকলো জাতীয় সংগঠন আৰু বিশেষকৈ অসম চৰকাৰে এই দিশত এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰীবৰাই কয় যে অসমৰ প্ৰতিটো সংকটপূৰ্ণ সময়ত ডঃ ভূপেন হাজৰিকাদেৱে অসমীয়া জাতিৰ সৈতে থিয় হৈছে আৰু তেখেতৰ অমৰ সৃষ্টিৰে জাতিটোক নতুন উদ্যম, নতুন সাহ আৰু নতুন চিন্তাৰে আগবাঢ়ি যোৱাৰ সঞ্জীবনি বিলাই জাতিটোক টনকিয়াল কৰি গৈছে। সেই গৰাকী মহান অসমীয়াক আমি কালৰ সোঁতত হেৰাই যাবলৈ দিলে জাতিটোৰ প্ৰতিয়ে বিশ্বাসঘাটকতা কৰা হ’ব- শ্ৰীবৰাই কয়।