ভূপেন বৰাক আক্ৰমণৰ ঘটনাক জাতীয় পৰিষদৰ গৰিহণা

ভূপেন বৰাক আক্ৰমণৰ ঘটনাক জাতীয় পৰিষদৰ গৰিহণা

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যোয় যাত্ৰা’ত বিধিপথালি দিবলৈ চেষ্টা কৰা বিজেপি সমৰ্থকে আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চ, অসমৰ সভাপতি ভূপেন বৰাক শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাক এক মুখে গৰিহণা দিয়ে অসম জাতীয় পৰিষদে৷দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে দেশজোৰা এটা যাত্ৰাৰ অংশ স্বৰূপে অসমলৈ অহা ৰাহুল গান্ধীৰ উক্ত যাত্ৰা সুচল কৰি দিয়াটো ৰাজ্য চৰকাৰৰ দায়িত্ব৷ কিন্তু তাকে নকৰি চৰকাৰ-প্ৰশাসনে যাত্ৰাত বিধিপথালি দিয়াৰ অহৰহ প্ৰচেষ্টা চলাই থকাটো ৰাইজে দেখিছে৷ তাৰ মাজতে আজি বিজেপিৰ কৰ্মী-সমৰ্থকে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৰাহুল গান্ধীৰ যাত্ৰা পথত বিধিপথালি দিবলৈ অহাটো দুৰ্ভাগ্যজনক৷ আনহাতে তাৰে একাংশই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰাৰ ফলত নেতাগৰাকীৰ নাকেৰে ৰক্তক্ষৰণ হয়৷ এয়া অক্ষমনীয় অপৰাধ৷ জাতীয় পৰিষদে উক্ত আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষী ব্যক্তিকেইজনক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈয়ো দাবী উত্থাপন কৰে৷