ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত প্ৰয়াত ভূপেন উজীৰ দেৱৰ ৭২ সংখ্যক জন্মদিন উদ্যাপন
ৰঙিলী বাৰ্ত্তাসেৱা- স্বনামধন্য সংগীত পৰিচালক, সংগীতজ্ঞ, শব্দযন্ত্ৰী শ্ৰদ্ধাৰ প্ৰয়াত ভূপেন উজীৰ দেৱৰ ৭২ সংখ্যক জন্মদিনটো অহা ৫ এপ্ৰিল, ২০২৫ ইং তাৰিখ শনিবাৰে “ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতি’’ৰ উদ্যোগত বিশেষভাৱে উদ্যাপন কৰিবলৈ মনস্থ কৰা হৈছে৷ তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি তেখেতৰ সুন্দৰ চিৰসেউজ কেইটিমান নিৰ্বাচিত গীতৰ এখন Online প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব৷ ‘ক’ শাখা ১৪ বছৰৰ অনুৰ্ধৰ আৰু ‘খ’ শাখা ১৪ বছৰৰ উৰ্ধৰ৷ দুয়োটি শাখাতে তিনিটাকৈ বঁটা থাকিব৷ প্ৰতিযোগিতাৰ নিয়মাৱলী তথা গীতসমূহ ইতিমধ্যেই ভূপেন উজিৰ স্মৃতি ৰক্ষা সমিটিৰ ফেচবুক পেজত (Bhupen Uzir Smriti Raksha Samiti) প্ৰকাশ কৰা হৈছে৷ প্ৰতিযোগীসকলে ২৫ মাৰ্চ, ২০২৫ ইং তাৰিখৰ ভিতৰত গীতৰ Video আমাৰ WhatsAhp নম্বৰত অথবা ইমেইল যোগে প্ৰৰণ কৰিব লাগিব৷ বিজয়ী প্ৰতিযোগীক ট্ৰফীৰ লগতে নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব৷ প্ৰয়াত শিল্পীজনাৰ জন্মদিনটিত, অৰ্থাৎ অহা ৫ এপ্ৰিল, ২০২৫ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ প্ৰক্ষাগৃহত “হিয়া ভৰা শুভকামনাৰে ২০২৫’’ শীৰ্ষক এক অন্তৰংগ সুৰৰ সন্ধিয়াৰ আয়োজন কৰা হৈছে৷ য’ত অসমৰ প্ৰতিষ্ঠিত আৰু ন-প্ৰজন্মৰ শিল্পীয়ে গীত পৰিৱেশন কৰাৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক গীত পৰিৱেশন কৰিবলৈ দিয়া হ’ব৷ লগতে পুৰস্কৃত প্ৰতিযোগীক বঁটা প্ৰদান কৰা হ’ব৷ লগতে উক্ত অনুষ্ঠানতে জীৱনজোৰা সাধনাৰ বাবে তিনিজন বাদ্যযন্ত্ৰী আৰু শব্দযন্ত্ৰীক বিশেষ ভাৱে সন্মানীত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ অনুষ্ঠানত সংগীতানুৰাগী ৰাইজৰ সহায়-সহযোগিতা আয়োজক সমিতিয়ে কামনা কৰিছে৷ উল্লেখযোগ্য যে অনুষ্ঠানটিত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগিতাৰ আশ্বাস পোৱা গৈছে।