ভূটানৰ ৰজাক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া কাৰ্যসূচীৰে সম্প্ৰতি ভূটান ভ্রমণত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভূটানৰ ৰজা আৰু প্রধানমন্ত্রীক সাক্ষাৎ কৰি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়াল বাংচুকক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম আৰু ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ভূটান আৰু ইয়াৰ নাগৰিকসকলৰ উন্নয়ন তথা আঞ্চলিক অর্থনৈতিক উন্নয়নৰ পৰিপ্ৰেক্ষিতত ভাৰত-ভূটানৰ সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এই আলোচনাত বিশেষভাৱে আলোকপাত কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সেইদৰে ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং টবগেৰ সৈতেও আন এক আলোচনাত মিলিত হৈ দুয়োখন ৰাষ্ট্ৰৰ ভূ-খণ্ডৰ পাৰস্পৰিক বিষয়সমূহৰ লগতে ভূটানৰ সৈতে বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়েও সৌহার্দ্যপূর্ণ আলোচনা কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ভূটান আৰু অসমৰ মাজত পূৰ্বৰে পৰা ৭টা বাণিজ্যিক পথেৰে দুয়োখন ভূখণ্ডৰ মাজত যাতায়াত ব্যৱস্থা অব্যাহত আছে। আলোচনাকালত অসম-ভূটান সীমান্তত বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ভূটানৰ ব্যৱসায়ীসকলৰ চাহিদা অনুসৰি দুয়োখন ভূখণ্ডৰ মাজত ব্যৱসায়-বাণিজ্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত পথৰ ব্যৱস্থাৰ বাবে অসম চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আশ্বাস দিয়ে। তদুপৰি অসম মালা প্ৰকল্পৰ অধীনত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত পথ সংযোগ ব্যৱস্থা অধিক শক্তিশালীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বিষয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। ভূটানৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই আলোচনাৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিবেদীৰ উপৰি ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবর্গ উপস্থিত থাকে।