ভুৱা কৃষকে লুটিলে দেশৰ ৩ হেজাৰ কোটি টকা

pc- Wikipedia

ভুৱা কৃষকে লুটিলে দেশৰ ৩ হেজাৰ কোটি টকা

অনলাইন বাৰ্ত্তাসেৱা– কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে লোকসভাৰ মজিয়াত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত সংঘটিত কেলেংকাৰী সন্দৰ্ভত ভয়ংকৰ তথ্য প্ৰকাশ কৰে। দেশজুৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান আঁচনিত সংঘটিত দুৰ্নীতিৰ তথ্য বিচাৰি ৬ গৰাকী সাংসদে লোকসভাত প্ৰশ্ন কৰাত সেই প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে স্বীকাৰ কৰে যে সমগ্ৰ দেশত প্ৰায় ৪২.১৬ লাখ ভুৱা কৃষকৰ নামত কেন্দ্ৰীয় চৰকাৰে প্ৰায় 2,৯৯২ কোটি টকা অপচয় কৰিছে। অসম এই তালিকাৰ শীৰ্ষ স্থানত আছে । কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি অসমৰ ৮,৩৫,২৬৮ গৰাকী ভুৱা কৃষকৰ নামত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বৃহৎ পৰিমাণৰ ধন আবণ্টন দিয়া হৈছে। এই আবণ্টনৰ ধনৰ পৰিমাণ হৈছে ৫৫৪ কোটি ১ লাখ ৭২ হেজাৰ টকা। অৰ্থাৎ ৰাজ্যখনৰ ৮,৩৫,২৬৮ গৰাকী ভুৱা কৃষকক কিষাণ সন্মান আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে ৫৫৪ কোটি টকাৰো অধিক ধন। দেশৰ ভিতৰতে এই ভয়ংকৰ কেলেংকাৰীত অসম শীৰ্ষ স্থানত থকাটো স্বাভাৱিকতে ৰাজ্য চৰকাৰৰ বাবে এক নেতিবাচক বতৰা। দেশৰ কোনো এখন ৰাজ্যত ইমান বৃহ্যৎসংখ্যক ভুৱা কৃষকৰ নামত ৫০০ কোটি টকাৰো অধিক ধন প্ৰদান কৰা হোৱা নাই।

(R.T)