ভিক্টৰ দাসক সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ 

Pc The Janambhumi

ভিক্টৰ দাসক সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা-   অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদত নিযুক্তি দিবৰ বাবে অব্যাহত ৰখা প্ৰক্ৰিয়াত লাখ লাখ টকাৰ লেনদেন চলাৰ অভিযোগ উত্থাপন কৰি ওলোটাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসক আদালতত হাজিৰ কৰা হয়৷আদালতে তেওঁক ৭ দিনলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷আৰক্ষীয়ে তেওঁক ১৪ দিনৰ বাবে নিজৰ জিম্মাত বিছাৰিছিল যদিও আদালতে তেওঁক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ আনহাতে ভিক্টৰ দাসে কৰা জামিন আবেদনো আজি আদালতে নাকচ কৰে৷ আদালতৰ পৰা ওলাই যোৱাৰ সময়ত ভিক্টৰ দাসে কৈ গ’ল, “মই ভাগৰা নাই”।